عَنْ أَنَسِ بْنِ مَالِكٍ رَضِيَ اللَّهُ عَنْهُ قَالَ: قَالَ رَسُولُ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ:
«انْصُرْ أَخَاكَ ظَالِمًا أَوْ مَظْلُومًا». فَقَالَ رَجُلٌ: يَا رَسُولَ اللَّهِ، أَنْصُرُهُ إِذَا كَانَ مَظْلُومًا، أَفَرَأَيْتَ إِذَا كَانَ ظَالِمًا كَيْفَ أَنْصُرُهُ؟ قَالَ: « تَحْجُزُهُ -أَوْ تَمْنَعُهُ- مِنَ الظُّلْمِ؛ فَإِنَّ ذَلِكَ نَصْرُهُ».

[صحيح] - [رواه البخاري] - [صحيح البخاري: 6952]
المزيــد ...

আনাছ বিন মালিক ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে: ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে:
"তোমাৰ ভাতৃক সহায় কৰা, সি যালিম হওক বা মাজলুম। এজনে সুধিলেঃ হে আল্লাহৰ ৰাছুল! যদি সি মাজলুম তথা নিৰ্যাতিত হয় তেন্তে তাক সহায় কৰাটো মোৰ কৰ্তব্য (এইটো বুজি পালোঁ। কিন্তু যালিম বা অন্যায়কাৰীক কিদৰে সহায় কৰিম? তেখেতে ক'লেঃ "তাক অন্যায়ৰ পৰা বিৰত ৰাখিবা - অথবা তাক বাধা প্ৰদান কৰিবা। এইটোৱে হৈছে তাক সহায় কৰা।"

[ছহীহ] - [(বুখাৰী)] - [ছহীহ বুখাৰী - 6952]

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত মুছলিম ভাতৃক সহায় কৰিবলৈ নিৰ্দেশ দিছে, সি জালিম হওক বা মজলুম। এজনে সুধিলেঃ হে আল্লাহৰ ৰাছুল (ﷺ), যদি সি মজলুম (অত্যাচাৰিত) হয়, তেন্তে মই তাক সহায় কৰি তাৰ ওপৰত হোৱা অন্যায় দূৰ কৰিম। কিন্তু যদি সি নিজেই এজন জালিম (অত্যাচাৰী) হয়, তেন্তে মই তাক কেনেকৈ সহায় কৰিম? তেখেতে উত্তৰ দিলে: "তুমি তাক বাধা দিবা, তাৰ হাতত ধৰি তাক অন্যায়ৰ পৰা বিৰত ৰাখিবা, আৰু অন্যায় কৰিবলৈ নিদিবা। এইটোৱে হৈছে তাক চয়তানী স্বভাৱৰ পৰা আৰু তাৰ নফচৰ (কু-প্ৰবৃত্তিৰ) বিৰুদ্ধে তাক সহায় কৰা হ’ব—যি প্ৰবৃত্তিয়ে তাক বেয়া কাম কৰিবলৈ উচটনি দিয়ে।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. হাদীছটোত মুছলিমসকলৰ মাজত থকা ঈমানী ভাতৃত্ববোধৰ অন্যতম এটা অধিকাৰ সম্পৰ্কে সতৰ্ক কৰা হৈছে।
  2. অন্যায়কাৰীৰ হাতত ধৰি তাক অন্যায়ৰ পৰা বিৰত ৰাখিব লাগে।
  3. ইছলামে জাহেলী যুগৰ (প্ৰাক-ইছলামিক) চিন্তা-ধাৰাৰ বিৰোধিতা কৰে, কিয়নো সেইসময়ত মানুহে কোনো বাচ বিচাৰ নকৰাকৈ সহায় কৰিছিল – সি অত্যাচাৰী হওক বা নিৰ্যাতিত।
অনুবাদ: ইংৰাজী উৰ্দু স্পেনিছ ইন্দোনেচিয়ান বাংলা তুৰ্কী ৰুচিয়ান বোছনিয়ান ছিনহালী হিন্দী চাইনিজ ফাৰ্চি ভিয়েতনামীজ তাগালোগ কুৰ্দিশ হাওছা পৰ্তুগীজ মালয়ালম তেলেগু শ্বাহিলী থাই আমহাৰিক ডাচ গুজৰাটী দাৰী ৰোমানিয়ান হাংগেৰী কান্নাড়া الجورجية المقدونية الخميرية البنجابية الماراثية
অনুবাদ চাওক