عن أنس بن مالك رضي الله عنه مرفوعاً: «إن الله ليرضى عن العبد أن يأكل الأكلة، فيحمده عليها، أو يشرب الشَّربة، فيحمده عليها».
[صحيح] - [رواه مسلم]
المزيــد ...

আনাছ ইবনু মালিক ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা মাৰফু‘ হিচাপে বৰ্ণিত, "c2">“নিশ্চয় আল্লাহে সেই বান্দাৰ প্রতি সন্তুষ্ট হয়, যিয়ে কিবা খোৱাৰ পাছত আল্লাহৰ প্রশংসা কৰি আল-হাম্দুলিল্লাহ কয় আৰু কিবা সেৱন কৰিলেও আল্লাহৰ প্রশংসা কৰি আলহাম্দুলিল্লাহ কয়।”
ছহীহ - ইয়াক মুছলিমে বৰ্ণনা কৰিছে

ব্যাখ্যা

আল্লাহ তা‘আলাৰ সন্তুষ্টি অৰ্জনৰ অন্যতম এটা উপায় হৈছে খোৱা-বোৱা বা কিবা সেৱন কৰাৰ পাছত আল্লাহৰ প্ৰশংসা কৰা; কিয়নো একমাত্র তেৱেঁই অনুগ্রহ কৰি এই জীৱিকা দান কৰিছে।

অনুবাদ: ইংৰাজী ফৰাচী স্পেনিচ তুৰ্কী উৰ্দু ইন্দোনেচিয়ান বোছনিয়ান ৰুচিয়ান বাংলা চাইনিজ ফাৰ্চি তাগালোগ হিন্দী ভিয়েতনামীজ ছিনহালী উইঘোৰ কুৰ্দী হাউছা পুৰ্তুগিজ মালয়ালম তেলেগু ছাৱাহিলী তামিল বৰ্মী থাই জাৰ্মান জাপানিজ পুস্তু আল বানিয়ান السويدية الأمهرية الهولندية الغوجاراتية الدرية
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. আল্লাহ ছুবহানাহু অতাআলাৰ বাবে সন্তুষ্টিৰ গুণ প্ৰমাণিত।
  2. আল্লাহৰ সন্তুষ্টি কেতিয়াবা সৰু-সুৰা কামৰ ফলতো লাভ হয়। যেনে, খোৱা-বোৱাৰ পাছত আল্লাহৰ চুকৰিয়া আদায় কৰা।
  3. আল্লাহৰ চুকৰিয়া আদায় কৰিবলৈ উৎসাহিত কৰা হৈছে। এইটো হৈছে আল্লাহৰ সন্তুষ্টি অৰ্জনৰ উপায়। ইয়াৰ বাহিৰেও কৃতজ্ঞতা হৈছে মুক্তিৰ পথ তথা গ্ৰহণযোগ্য হোৱাৰ উপায়।
  4. খোৱা-বোৱাৰ আদবসমূহৰ পৰা এটি আদবৰ বর্ণনা।
  5. আল্লাহৰ অনুগ্রহৰ বর্ণনা। কাৰণ তেৱেঁই অনুগ্ৰহ কৰি আপোনাক জীৱিকা দান কৰিছে, আকৌ কৃতজ্ঞতা জ্ঞাপন কৰাৰ ফলত তেৱেঁই আপোনাৰ ওপৰত সন্তষ্ট হয়।
  6. আল-হামদুলিল্লাহ বুলি কোৱা ছুন্নত।
অধিক