عَنْ عَائِشَةَ أُمِّ المُؤْمِنين رضي الله عنها زَوْجِ النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ أَنَّ رَسُولَ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ قَالَ:
«يَا عَائِشَةُ إِنَّ اللهَ رَفِيقٌ يُحِبُّ الرِّفْقَ، وَيُعْطِي عَلَى الرِّفْقِ مَا لَا يُعْطِي عَلَى الْعُنْفِ، وَمَا لَا يُعْطِي عَلَى مَا سِوَاهُ».

[صحيح] - [رواه مسلم] - [صحيح مسلم: 2593]
المزيــد ...

নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ স্ত্ৰী উম্মুল মু'মিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"হে আইশ্বাহ! নিশ্চয় আল্লাহ হৈছে নম্ৰ ব্যৱহাৰকাৰী। তেওঁ নম্ৰতাক পছন্দ কৰে। এতেকে তেওঁ নম্ৰতাৰ বিনিময়ত যি দান কৰে, সেয়া কঠোৰতাৰ বিনিময়ত দান নকৰে। ইয়াৰ বাহিৰে আন কোনো আচৰণৰ বাবেও সেয়া দান নকৰে।"

[ছহীহ] - [(মুছলিম)] - [ছহীহ মুছলিম - 2593]

ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাক কোমলতা অৱলম্বন কৰিবলৈ উৎসাহিত কৰিছে। তেখেতে কৈছে যে, মহান আল্লাহ তেওঁৰ বান্দাসকলৰ প্ৰতি অত্যন্ত স্নেহশীল, নম্ৰ তথা মৰমিয়াল। তেওঁ সিহঁতৰ পৰা সহজটো বিচাৰে আৰু সিহঁতক কষ্টত পতিত কৰিব নিবিচাৰে। সেয়ে আল্লাহে তেওঁৰ বান্দাসকলক কেতিয়াও সিহঁতৰ সাধ্যাতীত দায়িত্ব অৰ্পণ নকৰে, আৰু তেওঁ বিচাৰে যে, তেওঁৰ বান্দাই কোমলতা অৱলম্বন কৰক, আৰু সকলো বিষয়ে সহজভাৱে গ্ৰহণ কৰক। গতিকে বান্দা কেতিয়াও কঠোৰ আৰু নিষ্ঠুৰ হ’ব নালাগে। কোমলতা অৱলম্বন কৰাৰ কাৰণে মহান আল্লাহে ইহকালত সুখ্যাতি, প্ৰয়োজনীয় বস্তু লাভ আৰু লক্ষ্য স্থানত উপনীত হোৱাৰ পথ সহজ কৰি দিয়ে, লগতে পৰকালত মহাপুৰস্কাৰ দিয়ে, এই প্ৰাপ্য কঠোৰতা আৰু নিষ্ঠুৰতাৰ ফলত অৰ্জন কৰা প্ৰাপ্যতকৈ অধিক বেছি। সেয়ে দয়া আৰু কোমলতাই যি কঢ়িয়াই আনে, সেয়া অন্য কোনো উপায়েৰে লাভ কৰিব নোৱাৰি।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

  1. নম্ৰতা আৰু দয়ালু স্বভাৱ অৱলম্বন কৰিবলৈ উৎসাহিত কৰা হৈছে। আনহাতে সহিংসতা আৰু কঠোৰতাৰ পৰা নিষেধ কৰা হৈছে।
  2. সৎ চৰিত্ৰৰ মাজত নম্ৰতাৰ মৰ্যাদা হৈছে সৰ্বোচ্চ।
  3. নম্ৰতা অৱলম্বনকাৰীয়ে আল্লাহৰ পৰা ভাল প্ৰশংসা আৰু মহা পুৰস্কাৰ লাভ কৰে।
  4. ছিন্দীয়ে কৈছে: হিংসা হৈছে নম্ৰতাৰ পৰিপন্থী। যিয়ে মানুহক নম্ৰতা আৰু মৰমেৰে সৎপথলৈ আহ্বান কৰে, তেওঁ সেই ব্যক্তিতকৈ শ্ৰেষ্ঠ, যিয়ে কঠোৰতা আৰু ক্ষমতা প্ৰয়োগ কৰি আহ্বান কৰে, যদি দুয়োটা পদ্ধতি অৱলম্বন কৰাৰ অৱকাশ থাকে। অন্যথা পৰিস্থিতি অনুসাৰে যিটো উপযুক্ত হয়, সেইটো অৱলম্বন কৰা উচিত। মহান আল্লাহেই পৰিস্থিতি সম্পৰ্কে সৰ্বজ্ঞ।
অনুবাদ চাওক
ভাষা: الإنجليزية الأوردية الإسبانية অধিক (36)
অধিক