عن عائشة رضي الله عنها أن النبي صلى الله عليه وسلم قال: «إن الرفق لا يكون في شيء إلا زانه، ولا ينزع من شيء إلا شانه».
[صحيح] - [رواه مسلم]
المزيــد ...

আঈশ্বা ৰাদ্বিয়াল্লাহু ‘আনহাৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "c2">“নিশ্চয় নম্ৰ ব্যৱহাৰে যিকোনো বিষয়কে সৌন্দৰ্যময় কৰে। আনহাতে যিটো বিষয়ত কোমলতা বা নম্ৰতা নাথাকে সেইটো কলুষিত হৈ পৰে।”
ছহীহ - ইয়াক মুছলিমে বৰ্ণনা কৰিছে

ব্যাখ্যা

কোমলতা বা নম্ৰতা অৱলম্বনকাৰী ব্যক্তিয়ে পৰিপূৰ্ণভাৱে অথবা আংশিকভাৱে নিজৰ প্ৰয়োজন পূৰণ কৰিব পাৰে। আনহাতে কঠোৰতা অৱলম্বন কৰা ব্যক্তিয়ে নিজৰ প্রয়োজন পূৰণ কৰিব নোৱাৰে। যদিও পূৰণ কৰে, তেন্তে সেইটো বহুত কষ্টৰ পাছতহে পূৰণ কৰিব পাৰে।

অনুবাদ: ইংৰাজী ফৰাচী স্পেনিচ তুৰ্কী উৰ্দু ইন্দোনেচিয়ান বোছনিয়ান ৰুচিয়ান বাংলা চাইনিজ ফাৰ্চি তাগালোগ হিন্দী ভিয়েতনামীজ ছিনহালী উইঘোৰ কুৰ্দী হাউছা পুৰ্তুগিজ মালয়ালম তেলেগু ছাৱাহিলী তামিল বৰ্মী থাই জাৰ্মান জাপানিজ পুস্তু আল বানিয়ান السويدية الأمهرية الهولندية الغوجاراتية الدرية
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. নম্ৰতাৰ গুণেৰে গুনান্বিত হোৱা আৱশ্যক। কাৰণ এই গুণে ব্যক্তিক মানুহৰ দৃষ্টিত আৰু আল্লাহৰ ওচৰত সৌন্দর্যমণ্ডিত কৰি তোলে।
  2. হঠকাৰিতা, কঠোৰতা আৰু দুর্ব্যৱহাৰ আদিৰ পৰা আঁতৰত থকা উচিত। কাৰণ এইবোৰে মানুহক আল্লাহৰ ওচৰত আৰু মানুহৰ দৃষ্টিত ঘৃণাৰ পাত্র বনায়।
অধিক