عن أبي ذر الغفاري رضي الله عنه مرفوعاً: «لا تَحْقِرَنَّ من المعروف شيئا، ولو أن تَلْقَى أخاك بوجه طَلْق».
[صحيح] - [رواه مسلم]
المزيــد ...

আবু যৰ আল-গিফাৰী ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা মাৰফূ‘ হিচাপে বর্ণিত, "c2">“কোনো সৎকৰ্মকেই তুমি তুচ্ছ জ্ঞান নকৰিবা। যদিও সেইটো তোমাৰ (মুছলিম) ভাতৃৰ সৈতে হাঁহিমুখে সাক্ষাৎ কৰাই নহওক কিয়।” ছহীহ – এই হাদীছটো মুছলিমে বৰ্ণনা কৰিছে।
ছহীহ - ইয়াক মুছলিমে বৰ্ণনা কৰিছে

ব্যাখ্যা

হাদীছটোৱে প্ৰমাণ কৰে যে, কাৰোবাৰ সৈতে সাক্ষাৎ কৰাৰ সময়ত হাঁহিমুখে সাক্ষাৎ কৰা মুস্তাহাব। এইটো এনেকুৱা এটা সৎকৰ্ম যিটোৰ প্ৰতি প্ৰতিজন মুছলিমে যত্মৱান হোৱা উচিত। লগতে ইয়াক তুচ্ছ জ্ঞান কৰা উচিত নহয়। কাৰণ, ইয়াৰ মাজত আছে মুছলিম ভাতৃৰ প্রতি সহমর্মিতা আৰু আনন্দ।

অনুবাদ: ইংৰাজী ফৰাচী স্পেনিচ তুৰ্কী উৰ্দু ইন্দোনেচিয়ান বোছনিয়ান ৰুচিয়ান বাংলা চাইনিজ ফাৰ্চি তাগালোগ হিন্দী ভিয়েতনামীজ ছিনহালী উইঘোৰ কুৰ্দী হাউছা পুৰ্তুগিজ মালয়ালম তেলেগু ছাৱাহিলী তামিল বৰ্মী থাই জাৰ্মান জাপানিজ পুস্তু আল বানিয়ান السويدية الأمهرية الهولندية الغوجاراتية الدرية
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. মুমিনসকলৰ মাজত মুহাব্বত তথা ভালপোৱা থাকিব লাগে, সাক্ষাতৰ সময়ত হাঁহিমুখে তথা মিচিকীয়া হাঁহিৰ সৈতে লগ কৰিব লাগে।
  2. চৰীয়তৰ পৰিপূর্ণতা আৰু ব্যাপকতাৰ প্ৰমাণ। এই চৰীয়তে প্ৰত্যেক সেই বিষয়ক অন্তৰ্ভুক্ত কৰিছে যিটোৰ মাজত মুছলিমসকলৰ বাবে কল্যাণ আৰু ঐক্য নিহিত আছে।
  3. সৎকৰ্মৰ প্রতি আগ্রহী হোৱা উচিত, বিশেষকৈ আনৰ সৈতে সম্পৰ্কীয় বিষয়বোৰত। কোনো সৎকৰ্মকেই তুচ্ছ জ্ঞান কৰা উচিত নহয়।
  4. মুছলিমসকলক আনন্দ বিলোৱা মুস্তাহাব। কাৰণ ইয়াৰ মাজত আছে তেওঁলোকৰ পৰস্পৰৰ মুহাব্বতৰ বাস্তৱায়ন।
অধিক