عن أبي هريرة رضي الله عنه مرفوعاً: «ليس الشديد بالصُّرَعة، إنما الشديد الذي يملك نفسه عند الغضب».
[صحيح] - [متفق عليه]
المزيــد ...

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা মৰফূ‘ হিচাপে বর্ণিত, "c2">“পালোৱান বা মল্লযোদ্ধা সেই ব্যক্তি নহয়, যিয়ে আনক ধৰাশায়ী কৰে; বৰং প্ৰকৃত পালোৱান হৈছে সেই ব্যক্তি, যিয়ে ক্রোধৰ সময়ত নিজকে নিয়ন্ত্রণ কৰে।” ছহীহ - মুত্তাফাকুন ‘আলাইহি (বুখাৰী আৰু মুছলিম)
ছহীহ - মুত্তাফাক্ব আলাইহ

ব্যাখ্যা

দৈহিক তথা শাৰীৰিক শক্তিয়েই আচল শক্তি নহয়, লগতে প্ৰতিপক্ষক মল্লযুদ্ধত পৰাজিত কৰাটোও শক্তিশালী হোৱাৰ পৰিচয় নহয়। প্ৰকৃত শক্তিশালী হৈছে সেই ব্যক্তি যিয়ে নিজৰ প্রবৃত্তিৰ সৈতে সংগ্রাম কৰে আৰু চৰম ক্ষুব্ধ অৱস্থাত নিজকে নিয়ন্ত্রণ কৰে। কিয়নো এইটোৱেই হৈছে নিজৰ আত্মাক নিয়ন্ত্রণ কৰাৰ আৰু চয়তানৰ ওপৰত বিজয়ী হোৱাৰ প্রমাণ।

অনুবাদ: ইংৰাজী ফৰাচী স্পেনিচ তুৰ্কী উৰ্দু ইন্দোনেচিয়ান বোছনিয়ান ৰুচিয়ান বাংলা চাইনিজ ফাৰ্চি তাগালোগ হিন্দী ভিয়েতনামীজ ছিনহালী উইঘোৰ কুৰ্দী হাউছা পুৰ্তুগিজ মালয়ালম তেলেগু ছাৱাহিলী তামিল বৰ্মী থাই জাৰ্মান জাপানিজ পুস্তু আল বানিয়ান السويدية الأمهرية الهولندية الغوجاراتية الدرية
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. উক্ত হাদীছত সহনশীলতাৰ গুৰুত্ব বৰ্ণনা কৰা হৈছে। আল্লাহে কৈছেঃ “যেতিয়া তেওঁলোকে ক্ষুব্দ হয়, তেতিয়াও তেওঁলোকে ক্ষমা কৰি দিয়ে।”
  2. ক্ৰোধৰ সময়ত প্রবৃত্তিৰ সৈতে যুদ্ধ কৰাটো শত্ৰুৰ সৈতে যুদ্ধ কৰাতকৈও কঠিন।
  3. ইছলামে অজ্ঞতা যুগৰ শক্তিৰ অৰ্থক স্বতন্ত্র মুছলিম ব্যক্তিত্ব গঠণকাৰী সুন্দৰ চৰিত্রলৈ ৰূপান্তৰিত কৰি দিছে। এতেকে আটাইতকৈ শক্তিশালী হৈছে সেই ব্যক্তি, যিয়ে নিজৰ প্রবৃত্তিক নিয়ন্ত্রণ কৰে আৰু প্রবৃত্তিৰ চাহিদাৰ পৰা নিজকে মুক্ত ৰাখে।
  4. নিয়ন্ত্ৰণহীন ক্ৰোধৰ পৰা বিৰত থকা অনিবাৰ্য। কাৰণ ইয়াৰ মাজত আছে দৈহিক, আত্মিক আৰু সামাজিক ক্ষতি।
  5. খং হৈছে এটা মানৱিক বৈশিষ্ট্য। কেইবাটাও উপায়ে ইয়াক কণ্ট্ৰোল কৰিব পাৰি, উদাহৰণস্বৰূপে নিজৰ প্ৰবৃত্তিক নিয়ন্ত্ৰণ কৰি।
অধিক