عن عبد الله بن عمر رضي الله عنهما عن النبي صلى الله عليه وسلم قال: «من تَشبَّه بقوم، فهو منهم».
[حسن] - [رواه أبو داود وأحمد]
المزيــد ...

আব্দুল্লাহ ইবনে ‘ওমৰ ৰাদ্বিয়াল্লাহু ‘আনহুমাৰ সূত্রত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা বর্ণিত। তেখেতে কৈছেঃ "c2">“যি ব্যক্তিয়ে বেলেগ কোনো সম্প্রদায়ৰ সাদৃশ্য গ্রহণ কৰিব, সি সিহঁতৰেই অন্তর্ভুক্ত বুলি গণ্য হ’ব।” হাছান – এই হাদীছটোক আবু দাঊদে বৰ্ণনা কৰিছে।
হাছান - ইয়াক আবু দাউদে বৰ্ণনা কৰিছে

ব্যাখ্যা

হাদীছটোৰ অৰ্থ ব্যাপক। যি ব্যক্তিয়ে সৎ লোকৰ সাদৃশ্য গ্ৰহণ কৰিব, তেওঁ সৎ বুলিয়ে চিহ্নিত হ’ব আৰু তেওঁলোকৰ সৈতেই তাক হাচৰত উপস্থিত কৰা হ’ব। আনহাতে যিয়ে কাফিৰসকলৰ অথবা ফাছিকসকলৰ সাদৃশ্য গ্ৰহণ কৰিব, তাক সিহঁতৰেই তৰীকা আৰু মাছলাক অনুকৰণ কৰা বুলি গণ্য কৰা হ’ব।

অনুবাদ: ইংৰাজী ফৰাচী স্পেনিচ তুৰ্কী উৰ্দু ইন্দোনেচিয়ান বোছনিয়ান ৰুচিয়ান বাংলা চাইনিজ ফাৰ্চি তাগালোগ হিন্দী ভিয়েতনামীজ ছিনহালী উইঘোৰ কুৰ্দী হাউছা পুৰ্তুগিজ মালয়ালম তেলেগু ছাৱাহিলী তামিল বৰ্মী থাই জাৰ্মান জাপানিজ পুস্তু আল বানিয়ান السويدية الأمهرية الهولندية الغوجاراتية الدرية
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. কাফিৰসকলৰ সাদৃশ্য অৱলম্বনৰ পৰা সতৰ্ক কৰা হৈছে।
  2. সৎ লোকসকলৰ সাদৃশ্য অৱলম্বন কৰিবলৈ উৎসাহ প্ৰদান কৰা হৈছে।
  3. মাধ্যমসমূহৰ বাবেও উদ্দেশ্যসমূহৰ বিধান প্ৰযোজ্য। কাৰণ বাহ্যিক সাদৃশ্যতাই অভ্যন্তৰীণ মুহাব্বত সৃষ্টি কৰে।
  4. সাদৃশ্য গ্রহণৰ বিস্তাৰিত বৰ্ণনা ইয়াত উল্লেখ কৰা সম্ভৱ নহয়। কাৰণ, সাদৃশ্যৰ ধৰণ অনুযায়ী আৰু তাৰ ওপৰত ভিত্তি কৰি যিবোৰ ক্ষতিকাৰক দিশ সৃষ্টি হয়, বিশেষকৈ এই যুগত ইয়াৰ ধৰণবোৰ বেলেগ বেলেগ। বৰং প্রতিটো মাছআলাক চৰীয়তৰ দলিল-প্ৰমাণৰ জৰিয়তে পৰখ কৰা জৰুৰী।
  5. কাফিৰসকলৰ সাদৃশ্য অৱলম্বন কৰিবলৈ নিষেধ কৰা হৈছে। এই নিষেধাজ্ঞা জাৰি হ’ব সিহঁতৰ ধৰ্ম আৰু সিহঁতৰ নিৰ্দিষ্ট বৈশিষ্ট্য আদিৰ ওপৰত। পক্ষান্তৰে ইয়াৰ বাহিৰে আন আন দিশসমূহ ইয়াৰ অন্তৰ্ভুক্ত নহয়, যেনে- প্ৰযুক্তি বিদ্যাৰ শিক্ষা গ্ৰহণ কৰা তথা এনেকুৱা অন্যান্য বিষয়বোৰ।
অধিক