عن سعد بن أبي وقاص –رضي الله عنه- مرفوعاً: "إنَّ اللهَ يُحبُّ العَبدَ التقيَّ الغنيَّ الخفيَّ".
[صحيح] - [رواه مسلم]
المزيــد ...

ছাআদ ইবনু আবি অক্কাচ ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা মাৰফূ‘ হিচাপে বৰ্ণিত, "c2">“নিশ্চয় আল্লাহে অপ্রসিদ্ধ ধনী মুত্তাকী বান্দাক ভাল পায়।”
ছহীহ - ইয়াক মুছলিমে বৰ্ণনা কৰিছে

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সেই ব্যক্তিৰ বৈশিষ্ট্য বর্ণনা কৰিছে, যাক আল্লাহে ভাল পায়। তেওঁ কৈছে, "c2">“নিশ্চয় আল্লাহে অপ্রসিদ্ধ ধনী মুত্তাকী বান্দাক ভাল পায়”। মুত্তাকী হৈছে সেই ব্যক্তি, যিয়ে আল্লাহৰ তাক্বৱা অৱলম্বন কৰে, তেওঁৰ আদেশসমূহ বাস্তৱায়ন কৰে আৰু নিষেধসমূহৰ পৰা বিৰত থাকে। ফলত সেই ব্যক্তিয়ে ফৰজসমূহ আদায় কৰে আৰু হাৰাম কৰ্মৰ পৰা সম্পূর্ণৰূপে বিৰত থাকে। এইবোৰ বৈশিষ্ট্যৰ লগতে সেই ব্যক্তিৰ মাজত আছে আৰু এটা গুণ, "c2">“তেওঁ ধনী”, মানুহৰ মুখাপেক্ষী নহয়। আল্লাহৰ বাহিৰে আন কাৰো মুখাপেক্ষী নহয়। মানুহৰ ওচৰত একো নিবিচাৰে। অপমানিত অৱস্থাত নিজকে মানুহৰ ওচৰত উপস্থাপন নকৰে। এক কথাত তেওঁ মানুহৰ পৰা অমুখাপেক্ষী, তেওঁৰ প্ৰতিপালকেই তেওঁৰ বাবে যথেষ্ট। আনৰ ওচৰত কেতিয়াও ঘূৰি চাবলগীয়া নহয়। "c2">“তেওঁ গোপন”, অর্থাৎ নিজকে প্রচাৰ নকৰে, মানুহৰ মাজত প্রসিদ্ধি লাভৰ চিন্তা নকৰে, আনকি কোনোবাই তেওঁৰ প্রতি আঙুলিৰে ইঙ্গিত কৰক এইটোও নিবিচাৰে, তেওঁৰ বিষয়ে মানুহৰ মাজত আলোচনা হওক এইটোও নিবিচাৰে।

অনুবাদ: ইংৰাজী ফৰাচী স্পেনিচ তুৰ্কী উৰ্দু ইন্দোনেচিয়ান বোছনিয়ান ৰুচিয়ান বাংলা চাইনিজ ফাৰ্চি তাগালোগ হিন্দী ভিয়েতনামীজ ছিনহালী উইঘোৰ কুৰ্দী হাউছা পুৰ্তুগিজ মালয়ালম তেলেগু ছাৱাহিলী তামিল বৰ্মী থাই জাৰ্মান জাপানিজ পুস্তু আল বানিয়ান السويدية الأمهرية الهولندية الغوجاراتية الدرية
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. মানুহৰ দুৰাৱস্থা আৰু ফিতনাৰ আশংকাত আল্লাহৰ আনুগত্যক মজবুতভাৱে ধাৰণ কৰি মানুহৰ পৰা আঁতৰি থকাৰ ফজিলত।
  2. যিবোৰ গুণৰ কাৰণে আল্লাহে তেওঁৰ বান্দাসকলক ভাল পায় সেইবোৰৰ বর্ণনা। সেইবোৰ হৈছে, আল্লাহৰ তাক্বৱা অৱলম্বন কৰা, বিনয়ী হোৱা আৰু আল্লাহে ভাগ্যত যি ৰাখিছে তাৰ প্রতি সন্তষ্ট থকা।
  3. আল্লাহৰ মৰ্যাদা অনুযায়ী তেওঁৰ বাবে মুহাব্বতৰ চিফাত সাব্যস্ত কৰা। তেওঁ অনুগত বান্দাসকলক ভাল পায়।
অধিক