عَنْ عَائِشَةَ أُمِّ المؤْمنينَ رَضيَ اللهُ عنها قَالَت:
كَانَ رَسُولُ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ إِذَا أَتَى الْمَرِيضَ يَدْعُو لَهُ قَالَ: «أَذْهِبِ الْبَاسَ، رَبَّ النَّاسِ، وَاشْفِ أَنْتَ الشَّافِي، لَا شِفَاءَ إِلَّا شِفَاؤُكَ، شِفَاءً لَا يُغَادِرُ سَقَمًا».
[صحيح] - [متفق عليه] - [صحيح مسلم: 2191]
المزيــد ...
উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া কোনো বেমাৰী ব্যক্তিৰ ওচৰলৈ আহিছিল, তেতিয়া তেখেতে তাৰ বাবে এই দুআ কৰিছিলঃ "আজহাবিল বা'ছ, ৰাব্বান্না-ছ, অশ্বফি আনতাশ্ব শ্বা-ফী, লা শ্বিফা-আ ইল্লা শ্বিফা-উক, শ্বিফা-আন লা ইগাদিৰু ছাক্বামা।"
[ছহীহ] - [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [ছহীহ মুছলিম - 2191]
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া কোনো বেমাৰী ব্যক্তিক চাবলৈ গৈছিল, তেতিয়া তেখেতে তাৰ বাবে দুআ কৰি কৈছিলঃ ভাৱাৰ্থঃ হে আল্লাহ! বেমাৰৰ এই কষ্ট দূৰ কৰি দিয়া। হে মানুহৰ প্ৰতিপালক! এই বেমাৰৰ পৰা তাক আৰোগ্য প্ৰদান কৰা। হে আৰোগ্য প্ৰদানকাৰী মহান আল্লাহ! তুমিয়েই শ্বিফা দানকাৰী, তোমাৰ শ্বিফাৰ বাহিৰে কাৰো শ্বিফা প্ৰদান কৰাৰ ক্ষমতা নাই। তুমি এনেকৈ শ্বিফা প্ৰদান কৰা, যাতে কোনো বেমাৰ বাকী নাথাকে।