عن عبد الله بن مسعود رضي الله عنه قال: سمعت رسول الله صلى الله عليه وسلم يقول: "إن الرقى والتمائم والتِّوَلَة شرك".
[صحيح] - [رواه أبو داود وابن ماجه وأحمد]
المزيــد ...

আব্দুল্লাহ ইবনে মাছ‘ঊদ ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বর্ণিত, তেওঁ কৈছে, মই ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামক কোৱা শুনিছোঁ: মন্ত্র, তাৱিজ-কবজ, মন্ত্র পঢ়ি গাঁঠি লগোৱা সূতা আদি হৈছে শ্বিৰ্কৰ অন্তর্ভুক্ত। ছহীহ – এই হাদীছটোক ইবনে মাজাই বৰ্ণনা কৰিছে।
ছহীহ - ইয়াক ইবনু মাজাহে বৰ্ণনা কৰিছে

ব্যাখ্যা

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, ক্ষতি প্রতিহত কৰিবলৈ তথা উপকাৰ লাভৰ উদ্দেশ্যে এইবোৰ বস্তু ব্যৱহাৰ কৰা আল্লাহৰ সৈতে শ্বিৰ্ক কৰা বুজায়। কিয়নো উপকাৰ আৰু ক্ষতি কৰাৰ ক্ষমতা একমাত্ৰ আল্লাহৰ হাততহে আছে। এই সংবাদৰ অৰ্থ হৈছে এনেকুৱা কৰ্মৰ পৰা নিষেধ কৰা। এতেকে ৰুকা, যাৰ আন এটা নাম হৈছে আঝাইম (মন্ত্র) আৰু তামিমাহ (তাৱিজ) অর্থাৎ কড়ি (এবিধ সৰু সাগৰীয় শামুকৰ বগা বৰণীয়া খোলা) নাইবা অন্যান্য বস্তু যিবোৰক (সূতাৰ দ্বাৰা) শিশুসকলৰ ডিঙিত ওলমাই দিয়া হয়। আনহাতে তিৱালাহ হৈছে স্বামী-স্ত্রীৰ মাজত ভালপোৱা সৃষ্টি কৰিবলৈ বনোৱা তাৱিজ। এই গোটেইবোৰ হৈছে আল্লাহৰ সৈতে কৰা শ্বিৰ্ক। কিন্তু তিনিটা চৰ্তত জৰাফুঁকা কৰা বৈধঃ এক- এই ধাৰণাৰ পৰা মুক্ত হ’ব লাগিব যে, আল্লাহৰ বাহিৰে এই জৰাফুঁকা নিজেই উপকাৰ কৰিব পাৰে। কিয়নো যদি এনেকুৱা বিশাস পোষণ কৰে তেন্তে এইটো হাৰাম হ’ব বৰং শ্বিৰ্ক হ’ব। এতেকে এই বিশ্বাস পোষণ কৰিব লাগিব যে, এইটো হৈছে কেৱল এটা মাধ্যমহে, আল্লাহৰ অনুমতি নোহোৱাকৈ এইবোৰে কোনো উপকাৰ কৰিব নোৱাৰে। দুই- এনেকুৱা কোনো শব্দৰ দ্বাৰা জৰাফুঁকা কৰা বৈধ নহয় যিটো চৰীয়তৰ পৰিপন্থী। যেনে, এনেকুৱা বাক্যৰ দ্বাৰা জৰাফুঁকা কৰা যাৰ মাজত আল্লাহৰ বাহিৰে আনৰ ওচৰত আবেদন কৰা হয়, অথবা জিনৰ ওচৰত সহায় বিচৰা হয়, নাইবা এনেকুৱা ধৰণৰ অন্যান্য বাক্য। এনেকুৱা বাক্যৰ দ্বাৰা জৰাফুঁকা কৰা হাৰাম বৰং শ্বিৰ্ক। তিনি- জৰাফুঁকা কৰা বাক্যৰ অৰ্থ জনা-শুনা হ’ব লাগিব আৰু স্পষ্ট হ’ব লাগিব। আনহাতে যদি এইবোৰ তাৱিজ-কবজ আৰু যাদু বিশেষ হয় তেন্তে নিশ্চিতভাৱে সেইবোৰ অবৈধ।

অনুবাদ: ইংৰাজী ফৰাচী স্পেনিচ তুৰ্কী উৰ্দু ইন্দোনেচিয়ান বোছনিয়ান ৰুচিয়ান বাংলা চাইনিজ ফাৰ্চি তাগালোগ হিন্দী ভিয়েতনামীজ ছিনহালী উইঘোৰ কুৰ্দী হাউছা পুৰ্তুগিজ মালয়ালম তেলেগু ছাৱাহিলী তামিল বৰ্মী থাই জাৰ্মান জাপানিজ পুস্তু আল বানিয়ান السويدية الأمهرية الهولندية الغوجاراتية الدرية
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. ক্ষতিকৰ বস্তুৰ পৰা আক্বীদাক সংৰক্ষণ কৰিবলৈ উৎসাহিত কৰা হৈছে; যদিও সেইবোৰক অধিকাংশ মানুহে আকোঁৱালি নলওক কিয়।
  2. হাদীছত উল্লিখিত বিষয়বোৰ ব্যৱহাৰ কৰা হাৰাম।
  3. হাদীছত উল্লেখ কৰা শ্বিৰ্কটো শ্বিৰ্কে আকবৰ নে শ্বিৰ্কে আচগৰ? এই বিষয়ে আমি কওঁ, এইটো হৈছে মানুহৰ উদ্দেশ্যৰ সৈতে জৰিত বিষয়। সেইবোৰ গ্ৰহণকাৰীয়ে যদি এই বিশ্বাস পোষণ কৰে যে, ভালপোৱা সৃষ্টি কৰাৰ ক্ষমতা হৈছে আল্লাহৰ হাতত, তেন্তে সেইটো গ্ৰহণ কৰা হ’ব শ্বিৰ্কে আচগৰ হিচাপে। আনহাতে যদি বিশ্বাস কৰে যে, এইবোৰ তাৱিজ-কবজে নিজেই এইবোৰ উপকাৰ সাধন কৰিব পাৰে তেন্তে এইটো হ'ব শ্বিৰ্কে আকবৰ।
  4. সাধাৰণতে তাৱিজ-কবজ আৰু জৰাফুঁকা কৰা হাৰাম, আনকি এইটো শ্বিৰ্ক। কিন্তু বৈধ উপায়ত জৰাফুঁকা কৰা জায়েজ।
অধিক