عن أبي هريرة رضي الله عنه مرفوعاً: «من كان يؤمن بالله واليوم الآخر فليقل خيرًا أو ليصْمُت، ومن كان يؤمن بالله واليوم الآخر فليُكْرِم جارَه، ومن كان يؤمن بالله واليوم الآخر فليكرم ضَيْفَه».
[صحيح] - [متفق عليه]
المزيــد ...
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা মাৰফূ‘ হিচাপে বর্ণিত, “যি ব্যক্তিয়ে আল্লাহৰ প্ৰতি আৰু আখিৰাতৰ প্ৰতি ঈমান পোষণ কৰে, তাৰ বাবে উচিত সি যেন উত্তম কথা কয়, নহ’লে মৌনতা অৱলম্বন কৰে। আৰু যি ব্যক্তিয়ে আল্লাহ আৰু আখিৰাতৰ প্ৰতি ঈমান পোষণ কৰে, তাৰ বাবে উচিত সি যেন নিজৰ প্ৰতিৱেশীক সন্মান কৰে। আৰু যি ব্যক্তিয়ে আল্লাহ আৰু আখিৰাতৰ প্ৰতি ঈমান পোষণ কৰে, তাৰ উচিত সি যেন তাৰ অতিথিক সন্মান কৰে। ছহীহ - মুত্তাফাকুন ‘আলাইহি (বুখাৰী আৰু মুছলিম)।
ছহীহ - মুত্তাফাক্ব আলাইহ
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু ‘আনহুৱে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা এটি সামাজিক মূলনীতিৰ বিষয়ে সংবাদ দিছে যে, তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, "c2">“যি ব্যক্তিয়ে আল্লাহ আৰু শেষ দিৱসৰ প্রতি বিশ্বাস কৰে” এইটো চৰ্তযুক্ত বাক্য, ইয়াৰ উত্তৰ হৈছে "c2">“সি যেন উত্তম কথা কয়, নহ’লে চুপ থাকে।” এই বাক্যৰ দ্বাৰা ভাল কথা ক’বলৈ অন্যথা চুপ থাকিবলৈ উৎসাহ প্ৰদান কৰা হৈছে। যেনিবা তেওঁ কৈছে, যদি তুমি আল্লাহ আৰু আখিৰাতৰ প্ৰতি বিশ্বাসী হোৱা তেনেহ’লে তুমি ভাল কথা ক’বা, নহ’লে চুপ থাকিবা। "c2">“সি যেন ভাল কথা কয়” উদাহৰণস্বৰূপে তুমি এনেকুৱা এটা কথা কৈছা, যিটো বাস্তৱত ভাল কথা নহয়। কিন্তু লগৰীয়াসকলক আনন্দ দিয়াৰ বাবেহে তুমি কৈছা। তেন্তে এইটোও এটা ভাল কথা বুলি গণ্য হ’ব, কাৰণ এই কথাৰ দ্বাৰা বন্ধুত্ব সৃষ্টি হ'ব সিহঁতৰ ভয়-ভীতি দূৰ হ’ব আৰু ভালপোৱা অৰ্জন হ’ব। লিয়াচমুত শব্দৰ অৰ্থ হৈছে, অন্যথা চুপ থাকা। "c2">“যি ব্যক্তিয়ে আল্লাহ আৰু শেষ দিৱসৰ প্রতি বিশ্বাস ৰাখে, সি যেন নিজৰ প্রতিৱেশীক সন্মান কৰে।” অর্থাৎ ওচৰ চুবুৰীয়াক। বাহ্যিকভাৱে এইটোৱে যিকোনো প্রতিৱেশীক অন্তর্ভুক্ত কৰে। যেনে- ব্যৱসায়িক প্রতিৱেশী, অৰ্থাৎ তোমাৰ দোকানৰ ওচৰৰ দোকান্দাৰ। কিন্তু ইয়াত প্রথমটোক বুজোৱা হৈছে অর্থাৎ ঘৰৰ প্রতিৱেশীক। প্ৰতিৱেশী যিমান ওচৰৰ হ’ব, অধিকাৰ সিমানেই ডাঙৰ হ’ব। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে সন্মান শব্দটোক ব্যাপকভাৱে ব্যৱহাৰ কৰিছে। তেখেতে কৈছে, "c2">“সি যেন নিজৰ প্রতিৱেশীক সন্মান কৰে”। প্ৰতিৱেশীক টকা-পইচা দিব লাগিব বা দান কৰিব লাগিব নাইবা কাপোৰ কানি দিব লাগিব বুলি কোৱা নাই। চৰীয়তত এই ধৰণৰ ব্যাপক শব্দ ব্যৱহাৰৰ ক্ষেত্রত সমাজত পৰিচিত সাধাৰণ অৰ্থকহে বুজোৱা হয়। সন্মান কৰাটো কোনো নির্দিষ্ট বিষয়ৰ সৈতে নির্ধাৰিত নহয়। বৰং মানুহে যিটোক সন্মান বুলি বিবেচনা কৰে সেইটোৱেই সন্মান। সেইটো প্রতিৱেশীৰ ধৰণ হিচাপে ভিন ভিন হ’ব পাৰে। আপোনাৰ এজন দৰিদ্ৰ প্রতিৱেশীৰ সন্মান এটা শুকান ৰুটিৰ দ্বাৰাও হ’ব পাৰে। কিন্তু আপোনাৰ কোনো ধনী প্রতিৱেশীৰ বাবে এইটো সন্মান হিচাপে যথেষ্ট নহয়। আপোনাৰ দৰিদ্ৰ প্রতিৱেশীৰ বাবে কেতিয়াবা সামান্য বস্তু এটাই সন্মানৰ বাবে যথেষ্ট হয়। আনহাতে এজন সন্মানীয় প্রতিৱেশীক সন্মান কৰিবলৈ অধিক কিবা কিবিৰ প্রয়োজন হয়। প্রতিৱেশী বুলি কাক বুজোৱা হৈছে, লগৰীয়াসকলক নে বজাৰত নিজৰ দোকানৰ ওচৰে পাঁজৰে থকা দোকানীসকলক নে প্ৰতিদ্বন্দ্বীক নে বেলেগ কাৰোবাক? এই বিষয়টোও পৰিৱেশ পৰিস্থিতিৰ ওপৰত নির্ভৰ কৰে। ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ এই বাণী, "c2">“আৰু যি ব্যক্তিয়ে আল্লাহ আৰু পৰকালৰ প্রতি বিশ্বাস কৰে সি যেন অতিথিক সন্মান কৰে।” অতিথি হৈছে ঘৰত আগমণ কৰা আলহী। সেই আলহীক তেওঁৰ যথা উপযুক্ত সন্মান কৰা ওৱাজিব। কিছুমান আহলে ইল্ম বা বিজ্ঞ ব্যক্তিয়ে কৈছে, গাঁওত হ'লে অতিথি আপ্যায়ন কৰা ওৱাজিব। কিন্তু চহৰ বা ডাঙৰ নগৰত হ'লে ওৱাজিব নহয়। কাৰণ তাত হোটেল আৰু দোকানৰ ব্যৱস্থা আছে, তাতগৈ থাকিব পাৰিব আৰু খাব পাৰিব। কিন্তু গাওঁ অঞ্চলত থকাৰ বাবে এটা আশ্রয়স্থলৰ প্ৰয়োজন হয়। কিন্তু হাদীছৰ বাহ্যিক অৰ্থটো হৈছে ব্যাপক, ইয়াৰ মাজত সকলোকে সামৰি লোৱা হৈছে। "c2">“সি যেন অতিথিক আপ্যায়ন কৰে”।