عَنْ أَبِي هُرَيْرَةَ رَضِيَ اللَّهُ عَنْهُ قَالَ: قَالَ رَسُولُ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ:
«مَنْ كَانَتْ لَهُ مَظْلَمَةٌ لِأَخِيهِ مِنْ عِرْضِهِ أَوْ شَيْءٍ فَلْيَتَحَلَّلْهُ مِنْهُ اليَوْمَ، قَبْلَ أَلا يَكُونَ دِينَارٌ وَلاَ دِرْهَمٌ، إِنْ كَانَ لَهُ عَمَلٌ صَالِحٌ أُخِذَ مِنْهُ بِقَدْرِ مَظْلَمَتِهِ، وَإِلَمْ تَكُنْ لَهُ حَسَنَاتٌ أُخِذَ مِنْ سَيِّئَاتِ صَاحِبِهِ فَحُمِلَ عَلَيْهِ».
[صحيح] - [رواه البخاري] - [صحيح البخاري: 2449]
المزيــد ...
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"যি ব্যক্তিয়ে তাৰ ভাতৃৰ প্ৰতি কোনো অন্যায় কৰিছে, নাইবা তাৰ মান হানি কৰিছে, অথবা বেলেগ কোনো ক্ষতি কৰিছে, সি যেন আজিয়েই তাৰ ওচৰত ক্ষমা বিচাৰে, সেই দিৱসটো অহাৰ আগতে যিদিনা দীনাৰ (স্বৰ্ণমুদ্ৰা) আৰু দিৰহাম (ৰূপমুদ্ৰা) নাথাকিব। সেইদিনা তাৰ আমলনামাত যদি নেক আমল থাকে তেন্তে তাৰ অন্যায়ৰ পৰিমাণ অনুসৰি তাৰ পৰা নেক আমল কাঢ়ি লোৱা হ’ব। আনহাতে যদি তাৰ কোনো সৎকৰ্ম নাথাকে, তেন্তে প্ৰতিপক্ষৰ আমলনামাৰ পৰা গুনাহ লৈ তাৰ ওপৰত চপাই দিয়া হ’ব।"
[ছহীহ] - [(বুখাৰী)] - [ছহীহ বুখাৰী - 2449]
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত নিৰ্দেশ দিছে যে, যিয়ে কোনো মুছলিম ভাতৃৰ মান-সন্মান, ধন-সম্পদ বা তেজ সম্পৰ্কীয় কোনো অধিকাৰ খৰ্ব কৰিছে তথা তাৰ প্ৰতি অন্যায় কৰিছে, সি যেন পৃথিৱীত থাকোঁতেই (অৰ্থাৎ মৃত্যুৰ আগতেই) তাৰ ওচৰত ক্ষমা খুজি সেই গুনাহ মাফ কৰাই লয়। কিয়নো যিদিনা কিয়ামত আহিব, সেইদিনা সোণৰ মুদ্ৰা দ্বীনাৰ বা ৰূপৰ মুদ্ৰা দিৰহাম আদি কোনো উপকাৰ নকৰিব, তথা সেইবোৰৰ দ্বাৰা মুক্তিপণ আদায় কৰিব পৰা সুযোগ নাথাকিব। সেইদিনা প্ৰতিশোধ হ'ব কেৱল সৎকৰ্ম আৰু বেয়া কৰ্ম আদান-প্ৰদানৰ মাধ্যমত। উদাহৰণস্বৰূপে নিৰ্যাতিত ব্যক্তিয়ে অন্যায়কাৰী ব্যক্তিৰ আমলনামাৰ পৰা নিৰ্যাতনৰ সমপৰিমাণ নেকী লাভ কৰিব। কিন্তু যদি অন্যায়কাৰী ব্যক্তিৰ আমলনামাত কোনো নেক আমল নাথাকে, তেন্তে অন্যায়কাৰী ব্যক্তিয়ে সেই পৰিমাণ গুনাহ নিৰ্যাতিত ব্যক্তিৰ আমলনামাৰ পৰা বহন কৰিব।