+ -

عن جرير بن عبد الله رضي الله عنه قال: قال رسول الله صلى الله عليه وسلم:
«مَنْ لَا يَرْحَمِ النَّاسَ لَا يَرْحَمْهُ اللهُ عَزَّ وَجَلَّ».

[صحيح] - [متفق عليه] - [صحيح مسلم: 2319]
المزيــد ...

জাৰীৰ বিন আব্দুল্লাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
যি ব্যক্তিয়ে মানুহৰ প্রতি দয়া নকৰে, সৰ্বশক্তিমান আল্লাহেও তাৰ প্রতি দয়া নকৰে।

[ছহীহ] - [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [ছহীহ মুছলিম - 2319]

ব্যাখ্যা

নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামে হাদীছটোত উল্লেখ কৰিছে যে, যিয়ে মানুহৰ প্রতি দয়া নকৰে, মহান আল্লাহেও তাৰ প্রতি দয়া নকৰে। গতিকে সৃষ্টিক মুহাব্বত কৰাটো হৈছে মহান আল্লাহৰ পৰা ৰহমত লাভ কৰাৰ অন্যতম ডাঙৰ উপায়।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. সকলো মাখলুকৰ প্ৰতিয়ে দয়া দৃষ্টি পোষণ কৰাটো হৈছে বাঞ্চনীয়। কিন্তু ইয়াত মানুহৰ কথাটো অধিক গুৰুত্ব বুজাবলৈ উল্লেখ কৰা হৈছে।
  2. আল্লাহ অত্যন্ত দয়ালু, তেওঁ অনুগ্ৰহশীল বান্দাসকলৰ প্ৰতি ৰহম কৰে। কাৰণ তেওঁ সমজাতীয় কৰ্মৰ দ্বাৰাই প্ৰতিফল দিয়ে।
  3. মানুহৰ প্ৰতি দয়া কৰা মানে সিহঁতক উপকাৰ কৰা, আৰু ক্ষতিৰ পৰা ৰক্ষা কৰা, লগতে সিহঁতৰ সৈতে সদাচৰণ কৰা।
অনুবাদ: ইংৰাজী উৰ্দু স্পেনিছ ইন্দোনেচিয়ান উইঘোৰ বাংলা ফৰাচী তুৰ্কী ৰুচিয়ান বোছনিয়ান ছিনহালী হিন্দী চাইনিজ ফাৰ্চি ভিয়েতনামীজ তাগালোগ কুৰ্দিশ হাওছা পৰ্তুগীজ মালয়ালম তেলেগু শ্বাহিলী তামিল বাৰ্মিজ থাই জাৰ্মান জাপানীজ পুস্তু আলবেনীয়ান ছুইডিছ আমহাৰিক ডাচ গুজৰাটী কিৰ্গিজ নেপালী ইউৰোবা লিথুৱেনিয়ান দাৰী ছাৰ্বিয়ান ছোমালি তাজিক কিনিয়াৰাৱাণ্ডা ৰোমানিয়ান হাংগেৰী চেক الموري মালাগাছী ফুলানী ইটালিয়ান ওৰোমো কান্নাড়া الولوف البلغارية আজেৰি اليونانية উজবেক ইউক্ৰেইনীয়ান الجورجية المقدونية
অনুবাদ চাওক
অধিক