عَنْ أَنَسِ بْنِ مَالِكٍ رَضِيَ اللَّهُ عَنْهُ قَالَ: مَا خَطَبَنَا نَبِيُّ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ إِلَّا قَالَ:
«لَا إِيمَانَ لِمَنْ لَا أَمَانَةَ لَهُ، وَلَا دِينَ لِمَنْ لَا عَهْدَ لَهُ».
[حسن لغيره] - [رواه أحمد] - [مسند أحمد: 12383]
المزيــد ...
আনাছ বিন মালিক ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে: নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আমাৰ সন্মুখত যেতিয়াই ভাষণ দিছে তেতিয়াই কৈছে:
"যিয়ে আমানত ৰক্ষা কৰিব নোৱাৰে তাৰ কোনো ঈমান নাই, আৰু যিয়ে প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰে তাৰ কোনো দ্বীন নাই।"
[حسن لغيره] - [(আহমদ)] - [মুছনাদ আহমদ - 12383]
আনাছ বিন মালিক ৰাদ্বিয়াল্লাহু আনহুৱে জনাইছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে বেছিভাগ সময়তে ভাষণ দিওঁতে এই দুটা বিষয় উল্লেখ কৰিছিলঃ প্ৰথমঃ সেই ব্যক্তি কেতিয়াও পূৰ্ণাংগ ঈমানৰ অধিকাৰী হ'ব নোৱাৰে, যিয়ে আমানতত বিশ্বাসঘাতকতা কৰে, সম্পদৰ আমানত হওক বা নফছৰ অথবা পৰিয়াল পৰিজনৰ। দ্বিতীয়ঃ সেই ব্যক্তিৰ দ্বীন পৰিপূৰ্ণ নহয়, যিয়ে প্ৰতিশ্ৰুতি তথা অঙ্গীকাৰ ভংগ কৰে।