উপ-শ্ৰেণীবিন্যাসসমূহ

হাদীছৰ তালিকা

তোমালোকৰ মাজৰ কাৰোবাক খলীল হিচাপে গ্রহণ কৰাৰ পৰা মই আল্লাহৰ ওচৰত সম্পূৰ্ণ মুক্ত। কিয়নো আল্লাহ তাআলাই মোক খলীল হিচাপে গ্রহণ কৰিছে। যিদৰে তেওঁ ইব্ৰাহীম আলাইহিচ্ছালামক খলীল হিচাপে গ্রহণ কৰিছিল। আৰু মই যদি মোৰ উম্মতৰ মাজৰ কাৰোবাক খলীল হিচাপে গ্রহণ কৰিলোহেঁতেন তেন্তে নিশ্চয় আবু বকৰক খলীল হিচাপে গ্রহণ কৰিলোহেঁতেন।
عربي ইংৰাজী ফৰাচী
মই তোমালোকক আল্লাহৰ তাক্বৱা অৱলম্বন কৰিবলৈ আৰু (নেতৃবৃন্দৰ) কথা শুনিবলৈ আৰু মানিবলৈ উপদেশ দিলোঁ, যদিও তেওঁ (সেই নেতা) হাবশ্বী ক্ৰীতদাসে নহওক কিয়। মোৰ (মৃত্যুৰ) পিছত তোমালোকে অত্যন্ত মতভেদ দেখিবলৈ পাবা। গতিকে সেই সময়ত তোমালোকে মোৰ ছুন্নতক আৰু মোৰ খুলাফায়ে ৰাশ্বিদীনৰ ছুন্নতক মজবুতভাৱে ধাৰণ কৰি তাৰ ওপৰত অবিচল থাকিবা।
عربي ইংৰাজী ফৰাচী
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আনচাৰসকলৰ বিষয়ে কৈছেঃ "কেৱল মুমিনসকলেহে তেওঁলোকক ভাল পাব, আৰু কেৱল মুনাফিকসকলেহে তেওঁলোকক ঘৃণা কৰিব। গতিকে যিয়ে তেওঁলোকক ভাল পায়, আল্লাহে তাক ভাল পায়, আৰু যিয়ে তেওঁলোকক ঘৃণা কৰে, আল্লাহে তাক ঘৃণা কৰে।
عربي ইংৰাজী ফৰাচী
তুমি গৈ তাক কোৱাগৈ যে, তুমি জাহান্নামী নহয়, বৰং তুমি হৈছা জান্নাতী।
عربي ইংৰাজী ফৰাচী