+ -

عَنِ الْبَرَاءِ رضي الله عنه:
عَنِ النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ أَنَّهُ قَالَ فِي الْأَنْصَارِ: «لَا يُحِبُّهُمْ إِلَّا مُؤْمِنٌ، وَلَا يُبْغِضُهُمْ إِلَّا مُنَافِقٌ، مَنْ أَحَبَّهُمْ أَحَبَّهُ اللهُ وَمَنْ أَبْغَضَهُمْ أَبْغَضَهُ اللهُ».

[صحيح] - [متفق عليه] - [صحيح مسلم: 75]
المزيــد ...

বাৰা ইবনে আঝিব ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে,
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আনচাৰসকলৰ বিষয়ে কৈছেঃ "কেৱল মুমিনসকলেহে তেওঁলোকক ভাল পাব, আৰু কেৱল মুনাফিকসকলেহে তেওঁলোকক ঘৃণা কৰিব। গতিকে যিয়ে তেওঁলোকক ভাল পায়, আল্লাহে তাক ভাল পায়, আৰু যিয়ে তেওঁলোকক ঘৃণা কৰে, আল্লাহে তাক ঘৃণা কৰে।"

[ছহীহ] - [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [ছহীহ মুছলিম - 75]

ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, মদীনাৰ আনচাৰসকলক মুহাব্বত কৰাটো হৈছে পূৰ্ণাংগ ঈমানৰ পৰিচয়। কাৰণ তেওঁলোকেই সৰ্বপ্ৰথম ইছলাম আৰু নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সহায়ৰ হাত আগবঢ়াইছিল। লগতে মুছলিমসকলক আশ্ৰয় প্ৰদানৰ বাবে যোঁজা লৈছিল। আনকি নিজৰ ধন-সম্পদকে আদি কৰি নিজৰ প্ৰাণো আল্লাহৰ পথত আহুতি দিছিল। গতিকে তেওঁলোকৰ প্ৰতি বিদ্বেষ পোষণ কৰাটো হৈছে মুনাফিকৰ পৰিচয়। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে বৰ্ণনা কৰিছে যে, যিয়ে আনচাৰসকলক মুহাব্বত কৰিব, তাক আল্লাহেও মুহাব্বত কৰিব। আনহাতে যিয়ে আনচাৰসকলৰ প্ৰতি বিদ্বেষ পোষণ কৰিব, তাৰ প্ৰতি আল্লাহেও বিদ্বেষ পোষণ কৰিব।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. হাদীছটোত আনচাৰসকলৰ গুৰুত্বপূৰ্ণ ফজিলত বৰ্ণিত হৈছে। তেওঁলোকক মুহাব্বত কৰাটো হৈছে ঈমানৰ পৰিচয় আৰু তেওঁলোকৰ সৈতে সম্পৰ্কচ্ছেদ কৰাটো হৈছে নিফাকৰ পৰিচয়।
  2. আল্লাহৰ অলীসকলক মুহাব্বত কৰা আৰু তেওঁলোকক সহায় কৰাটো হৈছে আল্লাহৰ মুহাব্বত লাভ কৰাৰ অন্যতম উপায়।
  3. ইছলাম গ্ৰহণত আগভাগ লোৱা লোকসকলৰ ফজিলত।
অনুবাদ: ইংৰাজী উৰ্দু স্পেনিছ ইন্দোনেচিয়ান উইঘোৰ বাংলা ফৰাচী তুৰ্কী ৰুচিয়ান বোছনিয়ান ছিনহালী হিন্দী চাইনিজ ফাৰ্চি ভিয়েতনামীজ তাগালোগ কুৰ্দিশ হাওছা পৰ্তুগীজ মালয়ালম তেলেগু শ্বাহিলী তামিল থাই জাৰ্মান পুস্তু আলবেনীয়ান ছুইডিছ আমহাৰিক ডাচ গুজৰাটী কিৰ্গিজ নেপালী ইউৰোবা লিথুৱেনিয়ান দাৰী ছাৰ্বিয়ান ছোমালি কিনিয়াৰাৱাণ্ডা ৰোমানিয়ান হাংগেৰী চেক الموري মালাগাছী ওৰোমো কান্নাড়া الولوف আজেৰি ইউক্ৰেইনীয়ান الجورجية المقدونية
অনুবাদ চাওক
অধিক