+ -

عن عائشةَ أمِّ المؤْمنِين رضي الله عنها قالت:
لَمْ يَكُنِ النَّبِيُّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ عَلَى شَيْءٍ مِنَ النَّوَافِلِ أَشَدَّ مِنْهُ تَعَاهُدًا عَلَى رَكْعَتَيِ الفَجْرِ.

[صحيح] - [متفق عليه] - [صحيح البخاري: 1169]
المزيــد ...

উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে বেলেগ কোনো নফল চালাতকেই ফজৰৰ দুই ৰাকাত চালাততকৈ অধিক গুৰুত্ব প্ৰদান কৰা নাছিল।

[ছহীহ] - [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [ছহীহ বুখাৰী - 1169]

ব্যাখ্যা

উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাই হাদীছটোত জনাইছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ফজৰৰ চালাতৰ আগত পঢ়িবলগীয়া দুই ৰাকাত চালাতৰ প্ৰতি যিমান আগ্ৰহী আছিল তথা যিমান মনোযোগী আছিল, সিমান গুৰুত্ব তেখেতে বেলেগ কোনো নফল চালাতৰ প্ৰতি দিয়া নাছিল।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. ফৰজ নামাজৰ বাহিৰে সকলো নামাজেই হৈছে নফল নামাজ। উক্ত হাদীছটোত নফল বুলি ছুনান ৰাৱাতিবক বুজোৱা হৈছে, যিবোৰ ফৰজ নামাজৰ আগে পিছে পঢ়া হয়।
  2. ছুনান ৰাৱাতিবঃ যেনে- ফজৰৰ আগত দুই ৰাকাত, জোহৰৰ আগত চাৰি ৰাকাত আৰু পিছত দুই ৰাকাত, মাগৰিবৰ পিছত দুই ৰাকাত আৰু ঈশ্বাৰ পিছত দুই ৰাকাত।
  3. ফজৰৰ দুই ৰাকাত ছুন্নত নিজৰ স্থানতে হওক বা ছফৰত উভয় ক্ষেত্ৰতে পঢ়িব লাগে। আনহাতে জোহৰ, মাগৰিব আৰু ঈশ্বাৰ ছুন্নত কেৱল স্ব-স্থানত থকা সময়তহে পঢ়া হয়, ভ্ৰমণত নহয়।
  4. ফজৰৰ দুই ৰাকাত ছুন্নত অত্যন্ত গুৰুত্বপূৰ্ণ মুস্তাহাব আমল। এই ক্ষেত্ৰত অৱহেলা কৰাটো মুঠেও উচিত নহয়।
অনুবাদ: ইংৰাজী উৰ্দু স্পেনিছ ইন্দোনেচিয়ান উইঘোৰ বাংলা ফৰাচী তুৰ্কী ৰুচিয়ান বোছনিয়ান ছিনহালী হিন্দী চাইনিজ ফাৰ্চি ভিয়েতনামীজ তাগালোগ কুৰ্দিশ হাওছা পৰ্তুগীজ শ্বাহিলী ৰোমানিয়ান হাংগেৰী الجورجية
অনুবাদ চাওক