عن جابر رضي الله عنهما قال: قال رسول الله صلى الله عليه وسلم:
«لن يدخلَ النارَ رجلٌ شَهِد بدرًا والحُدَيْبِيَة».
[صحيح] - [رواه أحمد، وأصله في صحيح مسلم] - [مسند أحمد: 15262]
المزيــد ...
জাবিৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"বদৰ আৰু হুদাইবিয়্যাত অংশগ্ৰহণ কৰা কোনো ব্যক্তিয়েই কেতিয়াও জাহান্নামত প্ৰৱেশ নকৰিব।"
[ছহীহ] - [(আহমদ)] - [মুছনাদ আহমদ - 15262]
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, দ্বিতীয় হিজৰীত সংঘটিত হোৱা বদৰৰ যুদ্ধত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে যিসকল চাহাবাই অংশ গ্ৰহণ কৰিছিল আৰু হুদাইবিয়াৰ সন্ধিত যিসকলে উপস্থিত আছিল, লগতে বাইআতে ৰিজৱানত উপস্থিত আছিল, যিটো ষষ্ঠ হিজৰীত সংঘটিত হৈছিল, সেই চাহাবাসকলৰ কোনেও জাহান্নামত প্ৰৱেশ নকৰিব।