عَنْ أَبِي هُرَيْرَةَ رضي الله عنه قَالَ: قَالَ النَّبِيُّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ:
«لاَ يُصَلِّي أَحَدُكُمْ فِي الثَّوْبِ الوَاحِدِ لَيْسَ عَلَى عَاتِقَيْهِ شَيْءٌ».

আবু হুৰাইৰাহ (ৰাদ্বিয়াল্লাহু আনহু)ৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে :
"দুয়ো কান্ধ খালি ৰাখি তোমালোকৰ মাজৰ কোনেও যেন এখন কাপোৰত নামাজ নপঢ়ে।"

ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম}) ছহীহ বুখাৰী - 359

ব্যাখ্যা

দুয়ো কান্ধ খালি ৰাখি এখন কাপোৰ পৰিধান কৰি নামাজ পঢ়িবলৈ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত নিষেধ কৰিছে। অৰ্থাৎ ডিঙি আৰু কান্ধৰ মাজৰ ঠাইখিনি ঢাকি ৰাখিব লাগে। যদিও দুয়ো কান্ধ আওৰা (অনিবাৰ্য্যৰূপে ঢাকিবলগীয়া অংগ)ৰ অন্তৰ্ভুক্ত নহয়। কিন্তু দুয়ো কান্ধ ঢাকিলে গোটেই আওৰা ঢাকিবলৈ সুবিধা হয়। এইটো আল্লাহৰ প্ৰতি সন্মান আৰু শ্রদ্ধা দেখুওৱাৰ অন্যতম এটা উত্তম উপায়, বিশেষকৈ যেতিয়া আমি নামাজত তেওঁৰ সন্মুখত থিয় হওঁ।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

  1. যিখিনি ঢাকিব লাগে সেইখিনি যদি ঢাকিব পৰা যায়, তেন্তে এটা কাপোৰ পিন্ধিও নামাজ পঢ়া বৈধ।
  2. দুখন কাপোৰ পিন্ধিও নামাজ পঢ়া বৈধ। এখন কাপোৰেৰে শৰীৰৰ ওপৰৰ অংশ ঢাকিব আৰু আন এখনেৰে তলৰ অংশ ঢাকিব।
  3. নামাজ পঢ়াৰ সময়ত মুচল্লীয়ে উত্তমৰূপে উপস্থিত হোৱা মুস্তাহাব।
  4. যদি সম্ভৱ হয় তেন্তে নামাজত দুয়ো কান্ধ অথবা এটা কান্ধ ঢাকি ৰখা আৱশ্যক। কিছুমানে কৈছেঃ তেখেতে অপছন্দ কৰি নিষেধ কৰিছে। ঢাকি ৰখাটো ভাল কিন্তু অনিবাৰ্য্য নহয়।
  5. সেই সময়ত চাহাবাসকলৰ হাতত ধন-সম্পদৰ নাটনি আছিল, আনকি কাৰোবাৰ ওচৰত পিন্ধিবলৈ দুখন কাপোৰো নাছিল।
  6. ইমাম নাৱাৱীয়ে এই হাদীছটোৰ অৰ্থত কৈছে যে, এইটো নিৰ্দেশ দিয়াৰ এইটোও এটা কাৰণ হ'ব পাৰে যে, কান্ধত কাপোৰ নিদিয়াকৈ কেৱল এখন কাপোৰ পৰিধান কৰি নামাজ পঢ়িলে লজ্জাস্থান উন্মুক্ত হোৱাৰ আশংকা বেছি থাকে। ইয়াৰ বিপৰীতে যদি কান্ধৰ পৰা কোনো কাপোৰ ওলমি থাকে তেন্তে ইয়াৰ সম্ভাৱনা নাথাকে। ইয়াৰ বাহিৰেও এখন কাপোৰ পৰিধান কৰিলে হয়তো নামাজ অৱস্থাত বাৰে বাৰে হাতেৰে কাপোৰ ধৰি ৰাখিবলগীয়া হ'ব পাৰে। ফলত বুকুত হাত বন্ধাৰ সময়ত আৰু ৰাফউল য়াদাইন কৰাৰ সময়ত হাত বেলেগ কামত ব্যস্ত থকাৰ কাৰণে ছুন্নত পৰিত্যাগ হ'ব। ইয়াৰ উপৰিও দুখন কাপোৰ নিপিন্ধিলে শৰীৰৰ ওপৰৰ অংশৰ পৰ্দা ব্যাহত হয় আৰু সৌন্দৰ্য্য নাথাকে। মহান আল্লাহে পৱিত্ৰ কোৰআনত কৈছেঃ "প্ৰত্যেক ছালাতৰ সময়ত তোমালোকে সুন্দৰ পোছাক পৰিধান কৰা।"

অনুবাদ চাওক

48 ভাষা
EN English الإنجليزية
UR اردو الأوردية
ES Español الإسبانية
ID Indonesia الإندونيسية
BN বাংলা البنغالية
TR Türkçe التركية
RU Русский الروسية
BS Bosanski البوسنية
SI සිංහල السنهالية
HI हिन्दी الهندية
ZH 中文 الصينية
FA فارسی الفارسية
VI Tiếng Việt الفيتنامية
TL Tagalog تجالوج
KU Kurdî الكردية
HA Hausa الهوسا
PT Português البرتغالية
ML മലയാളം المليالم
TE తెలుగు التلغو
SW Kiswahili السواحيلية
TA தமிழ் التاميلية
MY မြန်မာ البورمية
TH ไทย التايلندية
DE Deutsch الألمانية
PS پښتو بشتو
SQ Shqip الألبانية
SV Svenska السويدية
AM አማርኛ الأمهرية
NL Nederlands الهولندية
GU ગુજરાતી الغوجاراتية
NE नेपाली النيبالية
PRS دری الدرية
SR Српски الصربية
TG тоҷикӣ الطاجيكية
RW Kinyarwanda الكينياروندا
RO Română الرومانية
HU Magyar المجرية
MOS Moore الموري
MG Malagasy المالاجاشية
OM Oromoo الأورومو
KN ಕನ್ನಡ الكانادا
WO Wolof الولوف
UK Українська الأوكرانية
KA ქართული الجورجية
MK Македонски المقدونية
KM ភាសាខ្មែរ الخميرية
PA ਪੰਜਾਬੀ البنجابية
MR मराठी الماراثية