+ -

عن أبي مَرْثَدٍ الغَنَوِيّ رضي الله عنه قال: قال رسول الله صلى الله عليه وسلم:
«لَا تَجْلِسُوا عَلَى الْقُبُورِ، وَلَا تُصَلُّوا إِلَيْهَا».

[صحيح] - [رواه مسلم] - [صحيح مسلم: 972]
المزيــد ...

আবু মাৰছাদ আল-গানাৱী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
কবৰৰ ওপৰত নবহিবা আৰু কবৰৰ ফালে মুখ কৰি নামাজ নপঢ়িবা।

[ছহীহ] - [(মুছলিম)] - [ছহীহ মুছলিম - 972]

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত কবৰৰ ওপৰত বহিবলৈ নিষেধ কৰিছে।
এইদৰে কবৰৰ ফালে মুখ কৰি নামাজ পঢ়িবলৈও নিষেধ কৰিছে, কাৰণ এইটো হৈছে শ্বিৰ্কত লিপ্ত হোৱাৰ অন্যতম এটা মাধ্যম।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. কবৰস্থানত অথবা কবৰসমূহৰ মাজত নাইবা কবৰৰ ফালে মুখ কৰি নামাজ পঢ়িবলৈ নিষেধ কৰা হৈছে। কিন্তু জানাজাৰ নামাজ এই নিষেধাজ্ঞাৰ অন্তৰ্ভুক্ত নহয়। এইটো হাদীছৰ দ্বাৰা প্ৰমাণিত।
  2. শ্বিৰ্কৰ দুৱাৰ বন্ধ কৰাৰ উদ্দেশ্যে কবৰৰ ফালে মুখ কৰি নামাজ পঢ়িবলৈ নিষিদ্ধ কৰা হৈছে।
  3. ইছলামে কবৰ সম্পৰ্কে অতিৰঞ্জিত কৰিবলৈ নিষেধ কৰিছে, লগতে কবৰক অপমান কৰিবলৈও নিষেধ কৰিছে। গতিকে এই ক্ষেত্ৰত সীমালংঘন কৰাও ঠিক নহয় আৰু অৱহেলা কৰাও ঠিক নহয়।
  4. মুছলিমৰ সন্মান মৃত্যুৰ পিছতো অৱশিষ্ট থাকে। কাৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছত কৈছেঃ "মৃত ব্যক্তিৰ হাড় ভঙাটো জীৱিত ব্যক্তিৰ হাড় ভঙাৰ দৰেই সমান।"
অনুবাদ: ইংৰাজী উৰ্দু স্পেনিছ ইন্দোনেচিয়ান উইঘোৰ বাংলা ফৰাচী তুৰ্কী ৰুচিয়ান বোছনিয়ান ছিনহালী হিন্দী চাইনিজ ফাৰ্চি ভিয়েতনামীজ তাগালোগ কুৰ্দিশ হাওছা পৰ্তুগীজ মালয়ালম তেলেগু শ্বাহিলী তামিল বাৰ্মিজ থাই জাৰ্মান জাপানীজ পুস্তু আলবেনীয়ান ছুইডিছ আমহাৰিক ডাচ গুজৰাটী কিৰ্গিজ নেপালী ইউৰোবা লিথুৱেনিয়ান দাৰী ছাৰ্বিয়ান ছোমালি তাজিক কিনিয়াৰাৱাণ্ডা ৰোমানিয়ান হাংগেৰী চেক الموري মালাগাছী ইটালিয়ান কান্নাড়া الولوف البلغارية আজেৰি ইউক্ৰেইনীয়ান الجورجية المقدونية
অনুবাদ চাওক
অধিক