عن أبي هريرة رضي الله عنه قال:
أَتَى النَّبِيَّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ رَجُلٌ أَعْمَى، فَقَالَ: يَا رَسُولَ اللهِ، إِنَّهُ لَيْسَ لِي قَائِدٌ يَقُودُنِي إِلَى الْمَسْجِدِ، فَسَأَلَ رَسُولَ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ أَنْ يُرَخِّصَ لَهُ فَيُصَلِّيَ فِي بَيْتِهِ، فَرَخَّصَ لَهُ، فَلَمَّا وَلَّى دَعَاهُ، فَقَالَ: «هَلْ تَسْمَعُ النِّدَاءَ بِالصَّلَاةِ؟» فَقَالَ: نَعَمْ، قَالَ: «فَأَجِبْ».

[صحيح] - [رواه مسلم] - [صحيح مسلم: 653]
المزيــد ...

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেখেতে কৈছেঃ
এজন অন্ধ লোকে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি নিবেদন কৰিলে যে, হে আল্লাহৰ ৰাছুল! মোক মছজিদত লৈ আনিব পৰা কোনো মানুহ নাই। এতেকে সেই ব্যক্তিয়ে নিজৰ ঘৰত চালাত আদায় কৰিবলৈ আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত অনুমতি বিচাৰিলে। ফলত তেখেতেও তেওঁক অনুমতি প্ৰদান কৰিলে। কিন্তু যেতিয়া তেওঁ উভতি যাবলৈ ধৰিলে, তেতিয়া তেখেতে তেওঁক মাতি ক’লে, ‘‘তুমি আজান শুনা পোৱানে?’’ তেওঁ ক’লে, ‘হয়, শুনা পাওঁ।’ তেখেতে ক’লে, ‘‘তেনেহ’লে তুমি সঁহাৰি দিয়া।’’ [অর্থাৎ মছজিদলৈ আহি চালাত আদায় কৰা।]

[ছহীহ] - [(মুছলিম)] - [ছহীহ মুছলিম - 653]

ব্যাখ্যা

হাদীছটোত উল্লেখ হৈছে যে, এজন দৃষ্টিহীন ব্যক্তিয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি ক'লেঃ হে আল্লাহৰ ৰাছুল! মোক সহায় কৰিব পৰা কোনো নাই, যিয়ে পাঁচ ওৱাক্ত নামাজৰ বাবে মোৰ হাতত ধৰি মোক মছজিদলৈ আনিব। সেয়ে তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত জামাতত নামাজ নপঢ়াৰ অনুমতি বিচাৰি আবেদন কৰিলে। নবী চাল্লাল্লাহু আলাইহি অছাল্লামেও তেওঁ অনুমতি প্ৰদান কৰিলে। কিন্তু ব্যক্তিজন যেতিয়া উভতি যাব ধৰিলে তেতিয়া তেখেতে তেওঁক মাতি ক'লেঃ তুমি আজান শুনিব পাৰানে? তেওঁ ক'লেঃ হয়। এই কথা শুনি তেখেতে ক'লেঃ তেন্তে তুমি আজানৰ প্ৰতি সঁহাৰি প্ৰদান কৰি মছজিলৈ আহিব লাগিব।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

  1. জামাতত নামাজ পঢ়া ওৱাজিব। কিয়নো বাধ্যতামূলক তথা ওৱাজিব কামৰ বাবেহে অৱকাশৰ অনুমতি দিয়া হয়।
  2. হাদীছটোত উল্লেখিত «فأجب» এই শব্দটোৰ দ্বাৰা বুজা যায় যে, আজান শুনিব পৰা প্ৰতিজন ব্যক্তিৰ বাবে জামাতত নামাজ আদায় কৰা ওৱাজিব। কাৰণ হুকুম বা আদেশ হৈছে ওৱাজিব হোৱাৰ প্ৰমাণ।
অনুবাদ চাওক
ভাষা: الإنجليزية الأوردية الإسبانية অধিক (63)
অধিক