عَن أَبي هُرَيْرَةَ رضي الله عنه قَالَ: سَمِعْتُ رَسُولَ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ يَقُولُ:
«تَفْضُلُ صَلاَةُ الجَمِيعِ صَلاَةَ أَحَدِكُمْ وَحْدَهُ، بِخَمْسٍ وَعِشْرِينَ جُزْءًا، وَتَجْتَمِعُ مَلاَئِكَةُ اللَّيْلِ وَمَلاَئِكَةُ النَّهَارِ فِي صَلاَةِ الفَجْرِ» ثُمَّ يَقُولُ أَبُو هُرَيْرَةَ: فَاقْرَءُوا إِنْ شِئْتُمْ: {إِنَّ قُرْآنَ الفَجْرِ كَانَ مَشْهُودًا} [الإسراء: 78].
[صحيح] - [متفق عليه] - [صحيح البخاري: 648]
المزيــد ...
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ তেখেতে কৈছেঃ
"তোমালোকৰ অকলশৰীয়া নামাজতকৈ জামাআতত পঢ়া নামাজ পচিছ গুণ বেছি উত্তম। ফজৰৰ সময়ত ৰাতিৰ ফিৰিস্তা আৰু দিনৰ ফিৰিস্তা একত্ৰিত হয়।" ইয়াৰ পিছত আবু হুৰাইৰাই কৈছেঃ তোমালোকে বিচাৰিলে এই আয়াতটো পাঠ কৰি চাব পাৰাঃ (নিশ্চয় ফজৰৰ ছালাত হৈছে (ফিৰিস্তাসকলৰ) উপস্থিতিৰ সময়।) [ছুৰা আল-ইছৰাঃ ৭৮]
[ছহীহ] - [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [ছহীহ বুখাৰী - 648]
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, ইমামৰ সৈতে জামাতত পঢ়া নামাজৰ ছোৱাব, ঘৰত বা বজাৰত অকলশৰীয়াকৈ পঢ়া নামাজৰ তুলনাত পচিছ গুণ উত্তম। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, ৰাতিৰ আৰু দিনৰ ফিৰিস্তা ফজৰৰ সময়ত একত্ৰিত হয়। আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৱে ইয়াৰ প্ৰমাণ উল্লেখ কৰি কৈছেঃ
তোমালোকে ইচ্ছা কৰিলে এই আয়াতটো পঢ়ি চাব পাৰাঃ "নিশ্চয় ফজৰৰ ছালাত হৈছে (ফিৰিস্তাসকলৰ) উপস্থিতিৰ সময়।" (ছুৰা আল-ইছৰাঃ ৭৮) অৰ্থাৎ ফজৰৰ নামাজৰ সময়ত ৰাতিৰ আৰু দিনৰ ফিৰিস্তাসকল উপস্থিত থাকে।