عَنْ عُقْبَةَ بْنَ عَامِرٍ الْجُهَنِيَّ رضي الله عنه قَالَ:
ثَلَاثُ سَاعَاتٍ كَانَ رَسُولُ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ يَنْهَانَا أَنْ نُصَلِّيَ فِيهِنَّ، أَوْ أَنْ نَقْبُرَ فِيهِنَّ مَوْتَانَا: حِينَ تَطْلُعُ الشَّمْسُ بَازِغَةً حَتَّى تَرْتَفِعَ، وَحِينَ يَقُومُ قَائِمُ الظَّهِيرَةِ حَتَّى تَمِيلَ الشَّمْسُ، وَحِينَ تَضَيَّفُ الشَّمْسُ لِلْغُرُوبِ حَتَّى تَغْرُبَ.
[صحيح] - [رواه مسلم] - [صحيح مسلم: 831]
المزيــد ...
উকবা বিন আমিৰ আল-জুহানী -ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আমাক তিনিটা সময়ত নামাজ পঢ়িবলৈ আৰু মুৰ্দা দাফন কৰিবলৈ নিষেধ কৰিছে। সূৰ্য্য উদয় হোৱাৰ সময়ত, যেতিয়ালৈকে সূৰ্য্য ওপৰলৈ নুঠে। এইদৰে দুপৰীয়া যেতিয়া সূৰ্য্য মূৰৰ ওপৰত থাকে, যেতিয়ালৈকে সূৰ্য্য ঢাল নাখায়। এইদৰে যেতিয়া সূৰ্য্য ডুবিবলৈ ঢাল খায়, যেতিয়ালৈকে পৰিপূৰ্ণৰূপে ডুবি নাযায়।
[ছহীহ] - [(মুছলিম)] - [ছহীহ মুছলিম - 831]
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে দিনৰ তিনিটা সময়ত নফল নামাজ পঢ়িবলৈ আৰু মুৰ্দা দাফন কৰিবলৈ নিষেধ কৰিছে। প্ৰথম সময়টো হৈছেঃ যেতিয়া সূৰ্য্য উদয় হয়। এইটো হৈছে উদয় হোৱাৰ পৰা এক বৰ্শা পৰ্যন্ত ওপৰলৈ নুঠালৈকে। প্ৰায় পোন্ধৰ মিনিট মান সময়। দ্বিতীয় সময়ঃ দুপৰীয়া সূৰ্য্য যেতিয়া মূৰৰ ওপৰত থাকে। যেতিয়া ছাঁ পূৱফালেও ঢাল নাখায় আৰু পশ্চিমফালেও নহয়, বৰং আকাশৰ মাজত থাকে। যেতিয়া ছাঁ পূৱফালে ঢাল খায়, তেতিয়া জোহৰৰ সময় আৰম্ভ হয়। এই নিষিদ্ধ সময়ছোৱা হৈছে একেবাৰে সংকীৰ্ণ সময়। প্ৰায় পাঁচ মিনিটমান সময়। তৃতীয় সময়টো হৈছেঃ সূৰ্য্য যেতিয়া ডুবিবলৈ ধৰে। পৰিপূৰ্ণৰূপে অস্ত নোযোৱালৈকে কোনো নফল নামাজ পঢ়া উচিত নহয়।