عَنْ أَبِي هُرَيْرَةَ رضي الله عنه أَنَّ النَّبِيَّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ قَالَ:
«إِذَا اسْتَيْقَظَ أَحَدُكُمْ مِنْ مَنَامِهِ فَلْيَسْتَنْثِرْ ثَلَاثَ مَرَّاتٍ، فَإِنَّ الشَّيْطَانَ يَبِيتُ عَلَى خَيَاشِيمِهِ».

[صحيح] - [متفق عليه] - [صحيح مسلم: 238]
المزيــد ...

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"তোমালোকৰ মাজৰ কোনোবাই যেতিয়া টোপনিৰ পৰা উঠে, তেতিয়া তেওঁ যেন তিনিবাৰ নিজৰ নাকত পানী সোমোৱাই দি নাক পৰিষ্কাৰ কৰে। কাৰণ চয়তানে তাৰ নাকৰ ভিতৰত ৰাতি অতিবাহিত কৰে।"

[ছহীহ] - [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [ছহীহ মুছলিম - 238]

ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে টোপনিৰ পৰা উঠা ব্যক্তিক তিনিবাৰ নাক চাফ কৰিবলৈ উৎসাহিত কৰিছে। (الاستنثار), নাকৰ ভিতৰত পানী সোমোৱাই সেই পানী সজোৰে উলিয়াই অনাক আৰবী ভাষাত ইস্তিনছাৰ বোলে। এইটো কৰিবলৈ নিৰ্দেশ দিয়াৰ কাৰণ হৈছে, নাকৰ ভিতৰত চয়তানে ৰাতি অতিবাহিত কৰে।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

  1. টোপনিৰ পৰা উঠা প্ৰতিজন ব্যক্তিয়ে এইদৰে ইস্তিনছাৰ কৰি চয়তানৰ প্ৰভাৱ দূৰ কৰিব লাগে। আনহাতে যদি অজু কৰে তেন্তে ইস্তিনছাৰ কৰাটো আৰু অধিক গুৰুত্বপূৰ্ণ হৈ পৰে।
  2. ইস্তিনছাৰ হৈছে ইস্তিনশ্বাকৰ পূৰ্ণাংগ ৰূপ। ইস্তিনশ্বাক কোৱা হয় নাকৰ ভিতৰি ভাগ পৰিষ্কাৰ কৰা। পক্ষান্তৰে ইস্তিনছাৰ হৈছে পানীৰ সৈতে নাকৰ ময়লা উলিয়াই অনা।
  3. হাদীছটোৰ "يَبيت" শব্দৰ দ্বাৰা প্ৰমাণিত হয় যে, এইটো কেৱল ৰাতিৰ টোপনিৰ ক্ষেত্ৰতহে নিৰ্দিষ্ট। কাৰণ ৰাতিৰ টোপনিৰ ক্ষেত্ৰতহে এই শব্দটো ব্যৱহাৰ হয়। কাৰণ ৰাতিৰ টোপনি দীৰ্ঘ হয় আৰু গভীৰ হয়।
  4. হাদীছটোৰ দ্বাৰা প্ৰমাণিত হয় যে, চয়তান মানুহৰ লগতে থাকে, তথাপিও মানুহে সেয়া উপলব্ধি কৰিব নোৱাৰে।
অনুবাদ চাওক
ভাষা: الإنجليزية الأوردية الإسبانية অধিক (49)