عَنْ لَقِيطِ بْنِ صَبِرَةَ رَضيَ اللهُ عنه قَالَ:
كُنْتُ وَافِدَ بَنِي الْمُنْتَفِقِ -أَوْ فِي وَفْدِ بَنِي الْمُنْتَفِقِ- إِلَى رَسُولِ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ، قَالَ: فَلَمَّا قَدِمْنَا عَلَى رَسُولِ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ، فَلَمْ نُصَادِفْهُ فِي مَنْزِلِهِ، وَصَادَفْنَا عَائِشَةَ أُمَّ الْمُؤْمِنِينَ، قَالَ: فَأَمَرَتْ لَنَا بِخَزِيرَةٍ، فَصُنِعَتْ لَنَا، قَالَ: وَأُتِينَا بِقِنَاعٍ -وَالْقِنَاعُ: الطَّبَقُ فِيهِ تَمْرٌ- ثُمَّ جَاءَ رَسُولُ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ، فَقَالَ: «هَلْ أَصَبْتُمْ شَيْئًا؟ أَوْ أُمِرَ لَكُمْ بِشَيْءٍ؟» قَالَ: قُلْنَا: نَعَمْ، يَا رَسُولَ اللَّهِ، قَالَ: فَبَيْنَا نَحْنُ مَعَ رَسُولِ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ جُلُوسٌ، إِذْ دَفَعَ الرَّاعِي غَنَمَهُ إِلَى الْمُرَاحِ، وَمَعَهُ سَخْلَةٌ تَيْعَرُ، فَقَالَ: «مَا وَلَّدْتَ يَا فُلَانُ؟»، قَالَ: بَهْمَةً، قَالَ: «فَاذْبَحْ لَنَا مَكَانَهَا شَاةً»، ثُمَّ قَالَ: «لَا تَحْسِبَنَّ» وَلَمْ يَقُلْ: لَا تَحْسَبَنَّ «أَنَّا مِنْ أَجْلِكَ ذَبَحْنَاهَا، لَنَا غَنَمٌ مِائَةٌ لَا نُرِيدُ أَنْ تَزِيدَ، فَإِذَا وَلَّدَ الرَّاعِي بَهْمَةً، ذَبَحْنَا مَكَانَهَا شَاةً» قَالَ: قُلْتُ: يَا رَسُولَ اللَّهِ، إِنَّ لِي امْرَأَةً وَإِنَّ فِي لِسَانِهَا شَيْئًا -يَعْنِي الْبَذَاءَ- قَالَ: «فَطَلِّقْهَا إِذن»، قَالَ: قُلْتُ: يَا رَسُولَ اللَّهِ إِنَّ لَهَا صُحْبَةً، وَلِي مِنْهَا وَلَدٌ، قَالَ: «فَمُرْهَا» يَقُولُ: عِظْهَا، «فَإِنْ يَكُ فِيهَا خَيْرٌ فَسَتَفْعَلْ، وَلَا تَضْرِبْ ظَعِينَتَكَ كَضَرْبِكَ أُمَيَّتَكَ» فَقُلْتُ: يَا رَسُولَ اللَّهِ، أَخْبِرْنِي عَنِ الْوُضُوءِ، قَالَ: «أَسْبِغِ الْوُضُوءَ، وَخَلِّلْ بَيْنَ الْأَصَابِعِ، وَبَالِغْ فِي الِاسْتِنْشَاقِ إِلَّا أَنْ تَكُونَ صَائِمًا».
[صحيح] - [رواه أبو داود والترمذي والنسائي وابن ماجه] - [سنن أبي داود: 142]
المزيــد ...
লাক্বীত বিন চাবুৰা ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
মই বনী মুন্তাফিকৰ প্ৰতিনিধি দলৰ নেতা হৈ অথবা তেওঁ কৈছিল সেই প্ৰতিনিধি দলৰ সদস্য হৈ ৰাছুলুল্লাহ্ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ গৈছিলোঁ। যেতিয়া আমি ৰাছুলুল্লাহ্ চাল্লাল্লাহু আলাইহি ওঅছাল্লামৰ ঘৰত আহি উপস্থিত হ'লোঁ, তাত আমি তেখেতক লগ নাপালোঁ, কিন্তু তাত উম্মুল মু'মিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাক লগ পালোঁ। তেওঁ আমাৰ বাবে খাঝিৰাহ (এক প্ৰকাৰ খাদ্য) তৈয়াৰ কৰিবলৈ নিৰ্দেশ দিলে। ফলত আমাৰ বাবে খাদ্য প্ৰস্তুত কৰা হ'ল আৰু আমাৰ সন্মুখত ক্বিনা (খেজুৰ ভৰ্তি এটা পাত্ৰ) পৰিৱেশন কৰা হ'ল। ইয়াৰ পিছত ৰাছুলুল্লাহ্ চাল্লাল্লাহু আলাইহি অছাল্লাম আহি উপস্থিত হ'ল আৰু তেখেতে সুধিলে, "তোমালোকক কিবা খাবলৈ দিয়া হৈছিলনে?" অথবা তেখেতে কৈছিলঃ তোমালোকৰ আপ্যায়নৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়া হৈছিলনে? আমি ক'লোঁ, "হয়, হে আল্লাহৰ ৰাছুল।" বৰ্ণনাকাৰীয়ে কৈছেঃ আমি তেখেতৰ সৈতে বহি আছিলোঁ, এনেতে এজন ৰাখোৱালে ভেৰা ছাগলী লৈ গোহালীত আহি উপস্থিত হ'ল। সেইবোৰৰ লগত এটা পোৱালিও আছিল যিটো চিঞৰি আছিল। ৰাছুলুল্লাহ্ চাল্লাল্লাহু আলাইহি অছাল্লামে সুধিলে, "হে অমুক! কি পোৱালি হৈছে?" ৰখীয়াই ক'লে, "মাইকী পোৱালী।" তেতিয়া ৰাছুলুল্লাহ্ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লে, "তেন্তে আমাৰ বাবে ইয়াৰ পৰিবৰ্তে বেলেগ এটা ছাগলী জবেহ কৰা।" ইয়াৰ পিছত তেখেতে ক'লে, "এইটো নাভাবিবা যে, এইটো তোমাৰ বাবে জবেহ কৰা হৈছে। বৰং আমাৰ এশটা ভেৰা ছাগলী আছে, আমি ইয়াৰ সংখ্যা অধিক বৃদ্ধি কৰিব বিচৰা নাই। সেয়ে যেতিয়াই কোনো এটা পোৱালী জন্ম হয়, তেতিয়াই আমি সেইটোৰ বিপৰীতে এটা ছাগলী জবেহ কৰোঁ।"
বৰ্ণনাকাৰীয়ে কৈছে, মই ক'লোঁ, "হে আল্লাহৰ ৰাছুল! মোৰ এগৰাকী পত্নী আছে, তাই কেতিয়াবা অশ্লীল ভাষা কয়।" তেখেতে ক'লে, "তেন্তে তাইক তালাক দি দিয়া।" মই ক'লোঁ, "তাইৰ সৈতে মোৰ বহু বছৰৰ সংসাৰ আৰু তাইৰ পৰা মোৰ সন্তানো আছে।" তেতিয়া তেখেতে ক'লে, "তেন্তে তাইক উপদেশ দিয়া। যদি তাইৰ মাজত কোনো ভাল গুণ থাকে, তেন্তে তাই সংশোধন হৈ যাব, আৰু শুনা! স্ত্ৰীক কেতিয়াও দাসীৰ দৰে প্ৰহাৰ নকৰিবা।"
ইয়াৰ পিছত মই সুধিলোঁ, "হে আল্লাহৰ ৰাছুল! মোক অজুৰ বিষয়ে কওক।" তেখেতে ক'লে, "পৰিপূৰ্ণৰূপে অজু কৰিবা, আঙুলি ফাকে ফাকে খিলাল কৰিবা, আৰু যদি তুমি ৰোজা অৱস্থাত নাথাকা তেন্তে নাকৰ ভিতৰত পানী টানিলৈ ভালদৰে নাক পৰিষ্কাৰ কৰিবা।
[ছহীহ] - - [ছুনান আবি দাঊদ - 142]
লাক্বীত বিন চাবুৰা ৰাদ্বিয়াল্লাহু আনহুৱে হাদীছটোত জনাইছে যে, তেওঁ বনীল মুন্তাফিক গোত্ৰৰ প্ৰতিনিধি দলৰ সৈতে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ গৈছিল। তেওঁ কৈছেঃ আমি তেখেতৰ ঘৰত গৈ তেখেতক লগ নাপালোঁ। ঘৰত আমি উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাক পালোঁ। তেওঁ আমাৰ বাবে আটা আৰু ঘিউৰ দ্বাৰা এটা তৰল খাদ্য প্ৰস্তুত কৰাৰ নিৰ্দেশ দিলে। লগতে আমাৰ সন্মুখত খেজুৰ ভৰা এটা পাত্ৰ পৰিৱেশন কৰা হ'ল। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আহি উপস্থিত হ'ল আৰু তেখেতে ক'লেঃ তোমালোকক খাবলৈ কিবা দিয়া হৈছিলনে? আমি ক'লোঁঃ হয়। লাক্বীতে কৈছেঃ আমি তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে বহি আছিলোঁ, সেই সময়তে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ভেৰা ছাগলীৰ ৰখীয়াই ভেৰা ছাগলীবোৰক গোহালিৰ ফালে লৈ যোৱা পৰিলক্ষিত হ'ল, সেই ভেৰা ছাগলীৰ পালত আছিল এটি সৰু পোৱালীও, যিটো চিঞৰি আছিল। তেতিয়া তেখেতে ক'লেঃ কি পোৱালী হৈছে? ৰখীয়াই উত্তৰত ক'লেঃ মাইকী। তেখেতে ক'লেঃ তেন্তে ইয়াৰ বিপৰীতে এটা পূৰ্ণ বয়স্ক ছাগলী জবেহ কৰা। ইয়াৰ পিছত তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে (লাক্বীতক উদ্দেশ্যি) ক'লেঃ তোমালোকে এইটো নাভাবিবা যে, আমি অসুবিধা স্বীকাৰ কৰি এইটো তোমালোকৰ বাবে জবেহ কৰিলোঁ। বৰং আমাৰ এশটা ভেৰা ছাগলী আছে, আমি এই সংখ্যা বঢ়াব বিচৰা নাই। সেয়ে যেতিয়া কোনো এটা নতুন পোৱালী জন্ম হয়, আমি তাৰ বিপৰীতে বেলেগ এটাক জবেহ কৰোঁ। ইয়াৰ পিছত লাক্বীতে এটা প্ৰশ্ন কৰিলেঃ হে আল্লাহৰ ৰাছুল! মোৰ স্ত্ৰীৰ জিভা সীমা চেৰাই গৈছে, অনায়াসে অশ্লীল ভাষা প্ৰয়োগ কৰে। মই তাইৰ সৈতে কেনেকুৱা ব্যৱহাৰ কৰিম? তেখেতে ক'লেঃ তেন্তে তুমি তাইক তালাক্ব দিয়া। তেওঁ কৈছেঃ মই ক’লোঁ: হে আল্লাহৰ ৰাছুল! তাইৰ সৈতে মোৰ দীৰ্ঘদিনৰ সংসাৰ আছে আৰু তাইৰ পৰা মোৰ সন্তানো আছে। তেখেতে ক’লে: তেন্তে তাইক উপদেশ দিয়া। যদি তাইৰ মাজত কোনো ভাল গুণ থাকে, তেন্তে তাই তোমাৰ উপদেশ মানি ল’ব। যদি নামানে, তেন্তে তাইক লঘু শাস্তি বিহিবা, কিন্তু দাস-দাসীৰ দৰে প্ৰহাৰ নকৰিবা। ইয়াৰ পিছত লাক্বীতে ক’লে: হে আল্লাহৰ ৰাছুল! মোক অজুৰ বিষয়ে কওক। তেখেতে ক’লে: অজুৰ সময়ত অজুৰ প্ৰতিটো অংগত পৰিপূৰ্ণৰূপে পানীৰে ধুই ল'বা, যাতে প্ৰতিটো অংগৰ হক আদায় হয়। ইয়াৰ ফৰজ আৰু ছুন্নত এটাও যাতে বাদ নপৰে। লগতে হাত-ভৰি ধোৱাৰ সময়ত আঙুলিবোৰৰ মাজত ঘঁহি ল'বা, লগতে অজুৰ সময়ত নাকৰ ভিতৰত পানী টানি লৈ সেই পানী সজোৰে উলিয়াই আনিবা আৰু ভালদৰে পৰিষ্কাৰ কৰিবা। কিন্তু যদি ৰোজা অৱস্থা থাকা তেন্তে এইদৰে নকৰিবা।