+ -

عَنْ جَابِرٍ رضي الله عنه قال: أَخْبَرَنِي عُمَرُ بْنُ الْخَطَّابِ:
أَنَّ رَجُلًا تَوَضَّأَ فَتَرَكَ مَوْضِعَ ظُفُرٍ عَلَى قَدَمِهِ فَأَبْصَرَهُ النَّبِيُّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ فَقَالَ: «ارْجِعْ فَأَحْسِنْ وُضُوءَكَ» فَرَجَعَ، ثُمَّ صَلَّى.

[صحيح بشواهده] - [رواه مسلم] - [صحيح مسلم: 243]
المزيــد ...

জাবিৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মোক ওমৰ ইবনুল খাত্তাবে জনাইছে যে,
এজনে অজু কৰিলে আৰু ভৰিত নখৰ সমান ঠাই নোধোৱাকৈ এৰিলে। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সেয়া দেখি ক'লেঃ "উভতি যোৱা আৰু ভালকৈ অজু কৰি আহা।" তাৰ পিছত সেই ব্যক্তিজন উভতি গ'ল আৰু (ভালকৈ অজু কৰি) আহি নামাজ পঢ়িলে।

[অন্যান্য হাদীছৰ সমৰ্থনত ছহীহ] - [(মুছলিম)] - [ছহীহ মুছলিম - 243]

ব্যাখ্যা

হাদীছটোত ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে জনাইছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এজন ব্যক্তিক অজু কৰা দেখিলে যে, সি ভৰি ধোৱাৰ সময়ত নখৰ সমান ঠাই এৰিছে, তাত পানীৰে জিকা নাছিল। সেয়া দেখি তেখেতে সেই নোধোৱা অংশখিনিৰ প্ৰতি ইংগিত কৰি ক'লেঃ যোৱা ভালকৈ অজু কৰি আহা, প্ৰতিটো অংগ পানীৰে ভালকৈ ধুই লবা। ইয়াৰ পিছত সেই ব্যক্তিজন উভতি গ'ল, আৰু পৰিপূৰ্ণৰূপে অজু কৰি আহি নামাজ পঢ়িলে।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. সৎকৰ্ম কৰিবলৈ ততাতৈয়া কৰা অনিবাৰ্য। নজনা ব্যক্তিক আৰু অমনোযোগী ব্যক্তিক সঠিক পথ দেখুৱা উচিত। বিশেষকৈ এনেকুৱা কোনো ভুলৰ ক্ষেত্ৰত, যাৰ ফলত ইবাদত বিনষ্ট হোৱাৰ আশংকা থাকে।
  2. অজুৰ অংগবোৰ পৰিপূৰ্ণৰূপে ধোৱা ওৱাজিব। যিয়ে অজুৰ অংগৰ কোনো অংশ এৰিব -যদিও অকণমানে নহওক কিয়- তাৰ অজু সঠিক নহ'ব। যদি ব্যৱধান বেছি হয় তেন্তে পুনৰ অজু কৰা জৰুৰী।
  3. উত্তমভাৱে অজু কৰাৰ নিৰ্দেশ দিয়া হৈছে। অৰ্থাৎ চৰীয়তে দিয়া নিৰ্দেশনা অনুসৰি পৰিপূৰ্ণৰূপে সুন্দৰকৈ অজু কৰিব লাগে।
  4. দুয়ো ভৰি হৈছে অজুৰ অংগসমূহৰ অন্তৰ্ভুক্ত। গতিকে ইয়াৰ ওপৰত মছেহ কৰিলে নহ'ব, বৰং ধোৱা অনিবাৰ্য।
  5. একাধিক্ৰমে অজুৰ অংগবোৰ ধুব লাগে। পূৰ্বৱৰ্তী অংগ শুকোৱাৰ আগতেই পৰৱৰ্তী অংগ ধুব লাগে।
  6. অজ্ঞতা আৰু ভুলৰ ফলত ওৱাজিব সাৰি নাযায়। বৰং গুনাহহে সাৰি যায়। সেয়ে এই ব্যক্তিজন যিয়ে ভালকৈ অজু কৰা নাছিল, তাক নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এইটো কোৱা নাছিল যে, যি হৈছে হৈছে, দুনাই এনেকৈ নকৰিবা। বৰং তেখেতে তাক পুনৰ অজু কৰি আহিবলৈ নিৰ্দেশ দিছিল।
অনুবাদ: ইংৰাজী উৰ্দু স্পেনিছ ইন্দোনেচিয়ান উইঘোৰ বাংলা ফৰাচী তুৰ্কী ৰুচিয়ান বোছনিয়ান ছিনহালী হিন্দী চাইনিজ ফাৰ্চি ভিয়েতনামীজ তাগালোগ কুৰ্দিশ হাওছা পৰ্তুগীজ মালয়ালম তেলেগু শ্বাহিলী থাই পুস্তু ছুইডিছ আমহাৰিক ডাচ গুজৰাটী কিৰ্গিজ নেপালী ইউৰোবা দাৰী ছাৰ্বিয়ান ছোমালি কিনিয়াৰাৱাণ্ডা ৰোমানিয়ান হাংগেৰী চেক الموري মালাগাছী ওৰোমো কান্নাড়া الولوف ইউক্ৰেইনীয়ান الجورجية
অনুবাদ চাওক