عَن عَبْدِ اللَّهِ بْنِ عُمَرَ رضي الله عنهما قَالَ: سُئِلَ رَسُولُ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ عَنِ الْمَاءِ وَمَا يَنُوبُهُ مِنَ الدَّوَابِّ وَالسِّبَاعِ، فَقَالَ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ:
«إِذَا كَانَ الْمَاءُ قُلَّتَيْنِ لَمْ يَحْمِلِ الْخَبَثَ».
[صحيح] - [رواه أبو داود والترمذي والنسائي وابن ماجه وأحمد] - [سنن أبي داود: 63]
المزيــد ...
আব্দুল্লাহ বিন ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক সেই পানী সম্পৰ্কে প্ৰশ্ন কৰা হ'ল, য'ত ঘৰচীয়া জন্তু আৰু বনৰীয়া জন্তুৱে আহি পানী খায় (যে তেনেকুৱা পানীৰ বিধান কি?) তেতিয়া তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ
"যদি পানীৰ পৰিমাণ দুই কুল্লাহ হয় তেন্তে সেই পানী নাপাক নহয়।"
[ছহীহ] - [رواه أبو داود والترمذي والنسائي وابن ماجه وأحمد] - [ছুনান আবি দাঊদ - 63]
নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সেই ঘাটৰ পানীৰ পৱিত্ৰতা সম্পৰ্কে প্ৰশ্ন কৰা হৈছিল, য'ত বিভিন্ন জীৱ জন্তুৱে তথা হিংস্ৰ প্ৰাণীয়ে পানী খায়। তেতিয়া তেখেতে কৈছিলঃ যদি পানীৰ পৰিমাণ দুটা ডাঙৰ পাত্ৰ তথা প্ৰায় ২১০ লিটাৰ পৰিমাণৰ হয় তেন্তে সেই পানী অপৱিত্ৰ নহয়। কিন্তু যদি কোনো অপৱিত্ৰ বস্তুৰ দ্বাৰা পানীৰ তিনিটা বৈশিষ্ট্যৰ যিকোনো এটা বৈশিষ্ট্য পৰিবৰ্তন হয়, যেনে- পানীৰ ৰং, সোৱাদ, অথবা গোন্ধ, তেন্তে সেই পানী অপৱিত্ৰ বুলি বিবেচিত হ'ব।