عَنْ مَعْدَانَ بْنِ أَبِي طَلْحَةَ الْيَعْمَرِيُّ قَالَ:
لَقِيتُ ثَوْبَانَ مَوْلَى رَسُولِ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ، فَقُلْتُ: أَخْبِرْنِي بِعَمَلٍ أَعْمَلُهُ يُدْخِلُنِي اللهُ بِهِ الْجَنَّةَ؟ أَوْ قَالَ قُلْتُ: بِأَحَبِّ الْأَعْمَالِ إِلَى اللهِ، فَسَكَتَ. ثُمَّ سَأَلْتُهُ فَسَكَتَ. ثُمَّ سَأَلْتُهُ الثَّالِثَةَ فَقَالَ: سَأَلْتُ عَنْ ذَلِكَ رَسُولَ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ، فَقَالَ: «عَلَيْكَ بِكَثْرَةِ السُّجُودِ لِلَّهِ، فَإِنَّكَ لَا تَسْجُدُ لِلَّهِ سَجْدَةً، إِلَّا رَفَعَكَ اللهُ بِهَا دَرَجَةً، وَحَطَّ عَنْكَ بِهَا خَطِيئَةً» قَالَ مَعْدَانُ: ثُمَّ لَقِيتُ أَبَا الدَّرْدَاءِ فَسَأَلْتُهُ فَقَالَ لِي: مِثْلَ مَا قَالَ لِي: ثَوْبَانُ.
المزيد
মা'দান বিন আবি ত্বালহা আল-য়া'মাৰিৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ আযাদকৃত দাস ছাওবানৰ সৈতে সাক্ষাৎ কৰিলোঁ। মই ক'লোঁঃ মোক এনেকুৱা এটা আমল সম্পৰ্কে জনাওক, যিটো কৰিলে আল্লাহে মোক জান্নাতত প্ৰৱেশ কৰাব। অথবা তেওঁ কৈছিল যে, মই ক'লোঁঃ আল্লাহৰ দৃষ্টিত সৰ্বাধিক উত্তম আমল কোনটো? কিন্তু তেওঁ উত্তৰ নিদিলে। মই আকৌ সুধিলোঁ, তথাপিও তেওঁ একো নক'লে। ইয়াৰ পিছত মই তৃতীয়বাৰ সুধিলোঁ, তেতিয়া তেওঁ ক'লেঃ ময়ো ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক সুধিছিলোঁ, তেখেতে কৈছিলঃ "তুমি আল্লাহক বেছি বেছি ছাজদাহ কৰা, কাৰণ তুমি কৰা প্ৰতিটো ছাজদাৰ বিনিময়ত আল্লাহে তোমাৰ মৰ্যাদাৰ এটা ধাপ উন্নীত কৰিব আৰু এটাকৈ গুনাহ মাৰ্জনা কৰিব।" মা'দানে কৈছেঃ ইয়াৰ পিছত মই আবু দাৰদাৰ সৈতে সাক্ষাৎ কৰিলোঁ, তেখেতকো সেই একেই প্ৰশ্ন কৰিলোঁ, আৰু তেখেতেও সেই একেই উত্তৰ দিলে যিটো ছাওবানে দিছিল।