+ -

عَنْ عَائِشَةَ أُمِّ المُؤْمنينَ رَضِيَ اللَّهُ عَنْهَا زَوْجِ النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ:
أَنَّ النَّبِيَّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ كَانَ يَعْتَكِفُ العَشْرَ الأَوَاخِرَ مِنْ رَمَضَانَ، حَتَّى تَوَفَّاهُ اللَّهُ، ثُمَّ اعْتَكَفَ أَزْوَاجُهُ مِنْ بَعْدِهِ.

[صحيح] - [متفق عليه] - [صحيح البخاري: 2026]
المزيــد ...

নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ স্ত্ৰী উম্মুল মু'মিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত যে,
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মৃত্যু পৰ্যন্ত ৰমাজান মাহৰ শেষ দহকত এতিকাফ কৰিছিল। তেখেতৰ মৃত্যুৰ পিছতো তেখেতৰ স্ত্ৰীসকলে এতিকাফ কৰিছিল।

[ছহীহ] - [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [ছহীহ বুখাৰী - 2026]

ব্যাখ্যা

উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাই জনাইছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ৰমাজান মাহৰ শেষ দহকত জৰুৰীভাৱে এতিকাফ পালন কৰিছিল। লাইলাতুল ক্বদৰ অনুসন্ধান কৰাৰ উদ্দেশ্যে। এইটো তেখেতে প্ৰত্যেক বছৰে পালন কৰিছিল তেখেতৰ মৃত্যু পৰ্যন্ত। আনকি তেখেতৰ মৃত্যুৰ পিছতো তেখেতৰ স্ত্ৰীসকলে নিয়মিতভাৱে এতিকাফ কৰিছিল।

অনুবাদ: ইংৰাজী উৰ্দু স্পেনিছ ইন্দোনেচিয়ান উইঘোৰ বাংলা ফৰাচী তুৰ্কী ৰুচিয়ান বোছনিয়ান ছিনহালী হিন্দী চাইনিজ ফাৰ্চি ভিয়েতনামীজ তাগালোগ কুৰ্দিশ হাওছা পৰ্তুগীজ মালয়ালম শ্বাহিলী থাই আমহাৰিক ডাচ গুজৰাটী দাৰী ৰোমানিয়ান
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. এতিকাফ মছজিদত কৰিব লাগে। আনকি চৰীয়তৰ নিয়ম নীতি অনুসৰণ কৰি নাৰীসকলেও মছজিদতেই এতিকাফ কৰিব লাগিব। কিন্তু চৰ্ত হৈছে ফিতনা হোৱাৰ যাতে কোনো আশংকা নাথাকে।
  2. ৰমাজানৰ শেষ দহকত এতিকাফ কৰিবলৈ গুৰুত্ব প্ৰদান কৰা হৈছে। কিয়নো এই সময়ছোৱাতে তেখেতে এতিকাফ কৰিছিল।
  3. এতিকাফ হৈছে এটা ধাৰাবাহিক ছুন্নত, যিটো ৰহিত হোৱা নাই। কিয়নো তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামৰ পিছত তেখেতৰ স্ত্ৰীসকলেও এতিকাফ কৰিছিল।
অধিক