عن حمران مولى عثمان أنَّه رأى عثمان دعا بوَضُوء، فأفرَغ على يَدَيه مِن إنائه، فغَسَلهُما ثلاثَ مرَّات، ثمَّ أدخل يَمينَه في الوَضُوء، ثمَّ تَمضمَض واستَنشَق واستَنثَر، ثُمَّ غَسل وَجهه ثَلاثًا، ويديه إلى المرفقين ثلاثا، ثم مسح برأسه، ثمَّ غَسل كِلتا رجليه ثلاثًا، ثمَّ قال: رأيتُ النَّبِي صلى الله عليه وسلم يتوضَّأ نحو وُضوئي هذا، وقال: (من توضَّأ نحو وُضوئي هذا، ثمَّ صلَّى ركعتين، لا يحدِّث فِيهما نفسه غُفِر له ما تقدَّم من ذنبه).
[صحيح] - [متفق عليه]
المزيــد ...

উছমানৰ সঙ্গী হুমৰানৰ পৰা বৰ্ণিত। তেওঁ ‘উছমান ইবনে আফফান ৰাদ্বিয়াল্লাহু ‘আনহুক দেখিছে যে, তেওঁ পানী আনিবলৈ আদেশ দিলে আৰু সেই পানী তেওঁ দুয়ো হাতৰ তালুত তিনিবাৰ ঢালি দুয়ো হাত ধুই ল’লে। ইয়াৰ পিছত তেওঁ সোঁহাত পাত্রৰ ভিতৰত সোমাই দিলে। ইয়াৰ পিছত কুলি কৰিলে আৰু নাকত পানী দি নাক পৰিস্কাৰ কৰিলে। ইয়াৰ পিছত তেওঁ তিনিবাৰ মুখমণ্ডল ধুলে আৰু দুয়োহাত কিলাকুটিলৈকে তিনিবাৰ ধুলে। ইয়াৰ পিছত মূৰ মছেহ কৰিলে। তাৰ পিছত দুই ভৰি সৰুগাঁঠিলৈকে তিনিবাৰ ধুলে। ইয়াৰ পিছত তেওঁ ক’লেঃ মই আল্লাহৰ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক মোৰ এই উযুৰ দৰে উযু কৰা দেখিছোঁ। আৰু ক’লেঃ "c2">“যি ব্যক্তিয়ে মোৰ এই উযুৰ দৰে উযু কৰিব, আৰু তাৰ পিছত দুই ৰাক‘আত চালাত আদায় কৰিব, য’ত তেওঁ পৃথিৱীৰ প্ৰতি কোনো ধৰণৰ মনোযোগ নিদিব, তাৰ পূর্বৰ গুনাহসমূহ ক্ষমা কৰি দিয়া হ’ব”। ছহীহ - মুত্তাফাকুন ‘আলাইহি (বুখাৰী আৰু মুছলিম)
ছহীহ - মুত্তাফাক্ব আলাইহ

ব্যাখ্যা

এই মহান হাদীছটোত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ উযুৰ পদ্ধতি পৰিপূর্ণৰূপে উল্লেখ কৰা হৈছে। কাৰণ, উছমান ৰাদ্বিয়াল্লাহু ‘আনহুৱে সুন্দৰকৈ শিক্ষা লাভ কৰিছে তথা ভালকৈ বুজিছে কাৰণে তেওঁ সেই লোকসকলক ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ উযুৰ পদ্ধতি আমলৰ মাধ্যমত শিকাইছিল। যাতে তেওঁলোকে ভালকৈ বুজি পায়। সেয়ে তেওঁ পানীৰ এটা পাত্র আনিবলৈ নিৰ্দেশ দিছিল। পানী যাতে ময়লাযুক্ত নহয় সেইকাৰণে তেওঁ প্ৰথমে তাৰ ভিতৰত হাত সোমোৱাই দিয়া নাছিল। তেওঁ হাতৰ তালুত তিনিবাৰ পানী ঢালিলৈ দুয়ো হাত পৰিস্কাৰ কৰি লৈছিল। তাৰ পিছতহে সোঁহাত পাত্ৰৰ মাজত সোমোৱাই দিছিল। ইয়াৰ পিছত তাৰ পৰা কিছু পানীলৈ কুলি কৰিছিল আৰু নাকত পানী দি নাক পৰিস্কাৰ কৰিছিল। ইয়াৰ পিছত মুখমণ্ডল তিনিবাৰ আৰু দুয়ো হাত কিলাকুটিলৈকে তিনিবাৰ ধুইছিল। ইয়াৰ পিছত এবাৰ মূৰ মছেহ কৰিছিল। ইয়াৰ পিছত দুয়ো ভৰি সৰুগাঁঠিলৈকে তিনিবাৰ ধুইছিল। ইয়াৰ পিছত যেতিয়া তেওঁৰ উযু পৰিপূর্ণ হ’ল, তেতিয়া তেওঁ উপস্থিত লোকসকলক ক’লে, মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামক এনেকুৱা উযু কৰোঁতেই দেখিছোঁ। লগতে তেওঁ কৈছেঃ ‘যি ব্যক্তিয়ে মোৰ এই উযুৰ দৰে উযু কৰিব, তাৰ পিছত বিনয় আৰু মনোযোগ সহকাৰে দুই ৰাক‘আত চালাত আদায় কৰিব, তাক আল্লাহে নিজ অনুগ্রহত এই পৰিপূর্ণ উযুৰ প্ৰতিদান দান কৰিব আৰু এই নিৰ্ভেজাল চালাতৰ ফলত তাৰ পূর্বৰ গুনাহসমূহ ক্ষমা কৰি দিব।

অনুবাদ: ইংৰাজী ফৰাচী স্পেনিচ তুৰ্কী উৰ্দু ইন্দোনেচিয়ান বোছনিয়ান ৰুচিয়ান বাংলা চাইনিজ ফাৰ্চি তাগালোগ হিন্দী ভিয়েতনামীজ ছিনহালী উইঘোৰ কুৰ্দী হাউছা পুৰ্তুগিজ মালয়ালম তেলেগু ছাৱাহিলী তামিল বৰ্মী থাই জাৰ্মান জাপানিজ পুস্তু আল বানিয়ান السويدية الأمهرية الهولندية الغوجاراتية الدرية
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. আমীৰুল মুমিনীন উছমান ৰাদ্বিয়াল্লাহু আনহুৰ ফযীলত, তেওঁৰ ইল্ম তথা ছুন্নাহ বিস্তাৰ কৰাৰ আগ্ৰহৰ প্ৰমাণ।
  2. হাতে কামে শিক্ষা প্ৰদান কৰা। কাৰণ, এইটো অধিক উপকাৰী আৰু নির্ভুল।
  3. টোপনিৰ পৰা নুঠিলেও উযুৰ আৰম্ভণিত পাত্রৰ ভতিৰত হাত সোমোৱাই দিয়াৰ পূর্বে দুয়ো হাত ভালকৈ ধুই লোৱা মুস্তাহাব। আনহাতে যদি ৰাতিৰ টোপনিৰ পৰা সাৰ পায় তেন্তে দুয়ো হাত ধুই লোৱা ওৱাজিব।
  4. যি ব্যক্তিয়ে আল্লাহৰ উদ্দেশ্যে ইবাদত কৰিব লগতে মানুহক শিক্ষা দিয়াৰ ইচ্ছা পোষণ কৰিব, তাৰ ইখলাছত কোনো ত্রুটি নহ’ব।
  5. ভালকৈ বুজাবলৈ শিক্ষকে উচিত পন্থা অৱলম্বন কৰা উচিত, লগতে শিক্ষাক দৃঢ় কৰাৰ বাবে সহজ পন্থা অৱলম্বন কৰা উচিত।
  6. ইবাদাতকাৰীয়ে ইবাদতত প্ৰৱেশ কৰাৰ সময়ত পৃথিৱীৰ সকলো ব্যস্ততাৰ পৰা মুক্ত হোৱা উচিত, আৰু এই ক্ষেত্ৰত আত্মাৰ সৈতে জিহাদ কৰা উচিত। কাৰণ, চালাত অৱস্থাত মানুহৰ সেইটোৱে মনত পৰে যিটোক লৈ তেওঁ ব্যস্ত থাকে।
  7. উযুৰ সময়ত অঙ্গ-প্ৰত্যঙ্গ ধুবলৈ উযুৰ পানী গ্রহণ কৰাৰ ক্ষেত্রত সোঁফালক প্রাধান্য দিয়া মুস্তাহাব।
  8. কুলি কৰা, নাকত পানী দিয়া আৰু নাক পৰিস্কাৰ কৰাৰ ক্ষেত্রত ধাৰাবাহিকতা বজায় ৰখা।
  9. তিনিবাৰ মুখমণ্ডল ধোৱা।
  10. মূৰৰ গোটেই অংশ এবাৰ মছেহ কৰা।
  11. দুয়ো ভৰি সৰুগাঁঠিলৈকে তিনিবাৰ ধোৱা।
  12. এইবোৰ পালনৰ ক্ষেত্রত শৃংখলা বজায় ৰখা। কাৰণ, আল্লাহে মূৰ মছেহ কৰাৰ নির্দেশ দিছে আৰু এই বিষয়টোক দুই ভৰি ধোৱাৰ আৰু অন্যান্য অংগ ধোৱাৰ মাজত আলোচনা কৰিছে, যিটোৱে প্ৰমাণ কৰে যে শৃংখলা আৱশ্যকীয়।
  13. এই পদ্ধতিটো হৈছে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ উযুৰ পূর্ণাঙ্গ পদ্ধতি।
  14. উযু কৰাৰ পিছত চালাত আদায় কৰাটো চৰীয়তসন্মত
  15. চালাত পৰিপূৰ্ণ আৰু পূৰ্ণাঙ্গ হ’বলৈ হ’লে আল্লাহৰ সন্মুখত আন্তৰিকতাৰে উপস্থিত হ’ব লাগিব। ইয়াৰ দ্বাৰা ইখলাছৰ প্ৰতি উৎসাহ প্ৰদান কৰা হৈছে আৰু যিয়ে পাৰ্থিৱ বিষয়বোৰকলৈ চালাতত বিভিন্ন খিয়ালত মচগুল থাকে তাৰ চালাত কবুল নহ’ব বুলি সতর্কতা প্ৰদান কৰা হৈছে। আনহাতে চালাত অৱস্থাত যাৰ অন্তৰত পাৰ্থিৱ বিষয়বোৰকলৈ ধাৰণা আহে আৰু তেওঁ লগে লগে সেইবোৰক প্ৰতিহত কৰে, আশা কৰা যায় তেওঁ এই ছোৱাব লাভ কৰিব।
  16. দুয়ো হাত কিলাকুটিলৈকে তিনিবাৰ ধোৱা।
  17. প্ৰতিশ্রুত ছোৱাব, দুটা বিষয়ৰ ওপৰত নির্ভৰ কৰে। সেয়া হৈছে উল্লিখিত পদ্ধতিত উযু কৰা আৰু ইয়াৰ পিছত উল্লিখিত পদ্ধতিত দুই ৰাকাত চালাত আদায় কৰা।
  18. উযুৰ ছোৱাব আৰু একাগ্রতাৰ সৈতে দুই ৰাকাত চালাত আদায় কৰিলে আল্লাহে অতীতৰ গুনাহসমূহ ক্ষমা কৰি দিয়ে।