عن عبد الله بن عُمر وأبي هريرة رضي الله عنهما أنهما سمعا رسول الله صلى الله عليه وسلم، يقول على أعواد منبره:
«لَيَنْتَهِيَنَّ أَقْوَامٌ عَنْ وَدْعِهِمُ الْجُمُعَاتِ أَوْ لَيَخْتِمَنَّ اللهُ عَلَى قُلُوبِهِمْ، ثُمَّ لَيَكُونُنَّ مِنَ الْغَافِلِينَ».
[صحيح] - [رواه مسلم] - [صحيح مسلم: 865]
المزيــد ...
আব্দুল্লাহ ইবনু ওমৰ আৰু আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁলোক উভয়ে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক কোৱা শুনিছে, তেখেতে মিম্বৰৰ চিঢ়িত থিয় হৈ কৈছেঃ
"জুমুআৰ চালাত ত্যাগকাৰীসকলে যেন এই অভ্যাস পৰিত্যাগ কৰি দিয়ে, অন্যথা আল্লাহে সিহঁতৰ অন্তৰত মোহৰ মাৰি দিব, ফলত সিহঁত অমনোযোগীসকলৰ অন্তৰ্ভুক্ত হৈ যাব।"
[ছহীহ] - [(মুছলিম)] - [ছহীহ মুছলিম - 865]
হাদীছটোত উল্লেখ হৈছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেখেতৰ মিম্বৰত থিয় হৈ এই সতৰ্কবাণী প্ৰদান কৰিছে যে, যিসকলে উপযুক্ত কাৰণ নোহোৱাকৈ অৱহেলা আৰু অলসতাৰ বশৱৰ্তী হৈ জুমুআৰ চালাত পৰিত্যাগ কৰে, সিহঁতে এই অভ্যাসৰ পৰা বিৰত থাকিব লাগে, অন্যথা আল্লাহে সিহঁতৰ অন্তৰত মোহৰ মাৰি দিব তথা সত্যৰ অনুসৰণৰ পৰা বিৰত ৰাখিব পৰা বাধা সৃষ্টিকাৰী আৱৰণ লগাই দিব। ইয়াৰ পিছত সিহঁত অমনোযোগীসকলৰ অন্তৰ্ভুক্ত হৈ পৰিব আৰু কল্যাণৰ মাধ্যমৰ পৰা আঁতৰ হ'ব। নেক কৰ্মৰ পৰা সিহঁতৰ অন্তৰ আঁতৰি থাকিব।