عَنْ أَبِي هُرَيْرَةَ رَضِيَ اللهُ عَنْهُ عَنِ النَّبِيِّ صلَّى اللَّهُ عليْه وسلَّمَ، قَالَ:
«إِذَا أُقِيمَتِ الصَّلَاةُ فَلَا صَلَاةَ إلَّا المَكْتُوبَةُ».
[صحيح] - [رواه مسلم] - [صحيح مسلم: 710]
المزيــد ...
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"ফৰজ নামাজৰ ইকামত হোৱাৰ পিছত, সেই ফৰজ নামাজৰ বাহিৰে বেলেগ আন কোনো নামাজ নহয়।"
[ছহীহ] - [(মুছলিম)] - [ছহীহ মুছলিম - 710]
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত মছজিদত থকা লোকসকলক নিষেধ কৰি কৈছে যে, ফৰজ নামাজৰ ইকামত হোৱাৰ পিছত কোনেও যাতে নফল তথা ছুন্নত নামাজ আৰম্ভ নকৰে।