عَنْ أَبِي هُرَيْرَةَ رَضِيَ اللهُ عَنْهُ عَنِ النَّبِيِّ صلَّى اللَّهُ عليْه وسلَّمَ، قَالَ:
«إِذَا أُقِيمَتِ الصَّلَاةُ فَلَا صَلَاةَ إلَّا المَكْتُوبَةُ».

[صحيح] - [رواه مسلم] - [صحيح مسلم: 710]
المزيــد ...

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"ফৰজ নামাজৰ ইকামত হোৱাৰ পিছত, সেই ফৰজ নামাজৰ বাহিৰে বেলেগ আন কোনো নামাজ নহয়।"

[ছহীহ] - [(মুছলিম)] - [ছহীহ মুছলিম - 710]

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত মছজিদত থকা লোকসকলক নিষেধ কৰি কৈছে যে, ফৰজ নামাজৰ ইকামত হোৱাৰ পিছত কোনেও যাতে নফল তথা ছুন্নত নামাজ আৰম্ভ নকৰে।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

  1. মছজিদত থকা অৱস্থাত ফৰজ নামাজৰ ইকামত হোৱাৰ পিছত বেলেগ কোনো নফল তথা ছুন্নত নামাজ পঢ়া নিষেধ।
  2. ফৰজ নামাজৰ ইকামত হোৱাৰ পিছত যিকোনো নফল নামাজ আৰম্ভ কৰা নিষিদ্ধ, সেয়া ছুনানে ৰাৱাতিবে নহওক কিয়, যেনে- ফজৰ, জোহৰ আদি নামাজৰ ছুন্নত।
  3. যদি কোনোবাই নামাজ পঢ়ি আছে সেই সময়তে ইকামত হৈ যায়, আৰু তাৰ এক ৰাকাততকৈ কম বাকি থাকে, তেন্তে সেই ব্যক্তিয়ে চুটিকৈ নামাজটো পঢ়ি শেষ কৰা উচিত। অন্যথা যদি এক ৰাকাততকৈ বেছি থাকে তেন্তে নামাজ ভংগ কৰি জামাআতত চামিল হোৱা উচিত, যাতে তাকবীৰে তাহৰীমাৰ ফজীলত অৰ্জন কৰিব পাৰে।
অনুবাদ চাওক
ভাষা: الإنجليزية الأوردية الإندونيسية অধিক (28)
অধিক