عن أبي هريرة رضي الله عنه مرفوعاً: «من قام ليلة القَدْر إيمَانا واحْتِسَابًا غُفِر له ما تَقدم من ذَنْبِه».
[صحيح] - [متفق عليه]
المزيــد ...

আবূ হুৰাইৰাহ ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা মাৰফু‘ হিচাপে বর্ণিত, "c2">“যি ব্যক্তিয়ে ঈমানৰ সৈতে ছোৱাবৰ আশাত লাইলাতুল কদৰত কিয়াম (অৰ্থাৎ চালাত আদায়) কৰিব, সেই ব্যক্তিৰ অতীতৰ গুনাহসমূহ মাফ কৰি দিয়া হয়।” ছহীহ - মুত্তাফাকুন ‘আলাইহি (বুখাৰী আৰু মুছলিম)
ছহীহ - মুত্তাফাক্ব আলাইহ

ব্যাখ্যা

হাদীছটোৱে লাইলাতুল কদৰৰ ফজিলত বৰ্ণনা কৰিছে আৰু এই ক্ষেত্ৰত উৎসাহ প্ৰদান কৰিছে। গতিকে যি ব্যক্তিয়ে লাইলাতুল কদৰৰ প্রতি বিশ্বাস ৰাখি কিয়াম কৰিব আৰু এই বিষয়ে যিমান ফজিলত আছে সেইবোৰ আশা কৰি আল্লাহ তা‘আলাৰ ওচৰত ছোৱাব কামনা কৰিব, কিন্তু এইবোৰ তেওঁ লোকক দেখুৱাবলৈ অথবা খ্যাতি অৰ্জন কৰিবলৈ নকৰে, আনকি এনেকুৱাও কিবা নিবিচাৰে যিটো ইখলাছ আৰু ছোৱাবৰ পৰিপন্থী, সেই ব্যক্তিৰ সকলো চগীৰা অৰ্থাৎ সৰু গুনাহ ক্ষমা কৰি দিয়া হয়। পক্ষান্তৰে কবীৰা গুনাহ’ৰ বাবে নিষ্ঠা সহকাৰে সত্য তাওবা কৰা অনিবাৰ্য, যদিহে সেইটো আল্লাহ তা‘আলাৰ হক্ক সংক্রান্তীয় হয়। আনহাতে যদি সেইটো মানুহৰ হক্কৰ সৈতে সম্পৃক্ত কোনো গোনাহ হয়, তেনেহ’লে সেই ব্যক্তিৰ পৰা আগতে ক্ষমা লব লাগিব আৰু তাৰ পিছত আল্লাহৰ ওচৰত তাওবা কৰিব লাগিব।

অনুবাদ: ইংৰাজী ফৰাচী স্পেনিচ তুৰ্কী উৰ্দু ইন্দোনেচিয়ান বোছনিয়ান ৰুচিয়ান বাংলা চাইনিজ ফাৰ্চি তাগালোগ হিন্দী ভিয়েতনামীজ ছিনহালী উইঘোৰ কুৰ্দী হাউছা পুৰ্তুগিজ মালয়ালম তেলেগু ছাৱাহিলী তামিল বৰ্মী থাই জাৰ্মান জাপানিজ পুস্তু আল বানিয়ান السويدية الأمهرية الهولندية الغوجاراتية الدرية
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. কদৰৰ ৰাতিৰ ফজিলত আৰু সেই ৰাতি কিয়াম কৰাৰ (অৰ্থাৎ চালাত আদায় কৰাৰ) প্রতি উৎসাহ দিয়া হৈছে।
  2. নেক আমলসমূহত ছোৱাবৰ আশা নকৰাকৈ আৰু সঠিক নিয়্যত নোহোৱাকৈ কেতিয়াও পৱিত্র নহয় আৰু কবুলও নহয়।