عن أبي هريرة رضي الله عنه قال: قال رسول الله صلى الله عليه وسلم : «من يُرِدِ الله به خيرا يُصِبْ مِنه».
[صحيح] - [رواه البخاري]
المزيــد ...
আবূ হুৰাইৰাহ ৰাদিয়াল্লাহ ‘আনহুৰ পৰা বর্ণিত, তেওঁ কৈছে, ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "c2">“আল্লাহে যাৰ মঙ্গল বিচাৰে, তাক তেওঁ দুখ-কষ্টত পেলায়।” ছহীহ - এইটো বুখাৰীয়ে বর্ণনা কৰিছে।
ছহীহ - বুখাৰীয়ে বৰ্ণনা কৰিছে।
যেতিয়া আল্লাহে তেওঁৰ বান্দাসকলৰ কল্যাণ বিচাৰে, তেতিয়া তেওঁলোকক জান, মাল আৰু সন্তান-সন্ততিৰ ক্ষেত্ৰত পৰীক্ষা কৰে, যাতে ইয়াৰ ফলত তেওঁলোকৰ গুনাহ মাফ হয় আৰু তেওঁলোকৰ মর্যাদা বৃদ্ধি হয়। যদি বিবেকৱান লোকে এই বিপদ-আপদৰ পৰিণাম সম্পৰ্কে অকণো চিন্তা কৰে তেন্তে নিঃসন্দেহে গ'ম পাব যে ইয়াৰ মাজত দুনিয়া আৰু আখিৰাত উভয় জগতৰ কল্যাণ নিহিত হৈ আছে। দুনিয়াৰ কল্যাণ যেনে, ইয়াৰ ফলত দু‘আ, মুনাজাত, কন্দা-কটা আৰু অক্ষমতা প্রকাশৰ মাধ্যমত আল্লাহৰ ফালে প্ৰত্যাৱৰ্তন কৰা হয়। আনহাতে আখিৰাতৰ কল্যাণ যেনে, ইয়াৰ ফলত গুনাহ মাফ হয় আৰু মর্যাদা বৃদ্ধি পায়। আল্লাহ তা‘আলাই কৈছে, "c2">“আমি তোমালোকক নিশ্চয় পৰীক্ষা কৰিম ভয়-ভীতি, ক্ষুধা আৰু ধন-সম্পদ, জীৱন আৰু ফচলৰ ক্ষয়-ক্ষতিৰ মাধ্যমত। এতেকে তুমি ধৈর্যশীলসকলক সুসংবাদ দিয়া।” [ছুৰা আল-বাকাৰাহ, আয়াত: ১৫৫] কিন্তু এই ব্যাপক (মুত্বলাক) হাদীছটো অন্যান্য হাদীছৰ দ্বাৰা সীমাবদ্ধ (মুকাইয়্যিদ)। এইটো হাদীছে প্রমাণ কৰে যে, যাৰ প্রতি আল্লাহে কল্যাণৰ ইচ্ছা কৰে তেওঁ ধৈর্য ধাৰণ কৰে আৰু ছোৱাবৰ আশা কৰে, সেয়ে আল্লাহে তাক বিপদৰ দ্বাৰা পৰীক্ষা কৰে। আনহাতে যদি ধৈর্য ধাৰণ নকৰে, তেনেহ’লে বহু সময়ত মানুহৰ ওপৰত এনেকুৱা যথেষ্ট বিপদ আহে; কিন্তু তাত সিহঁতৰ বাবে কোনো কল্যাণ নাথাকে, আল্লাহেও তেনেকুৱা ব্যক্তিৰ প্ৰতি কল্যাণৰ ইচ্ছা নকৰে। যেনে, কাফিৰসকল বহুতো মুছীবতত আক্রান্ত হয়, তাৰ পিছতো সিহঁতে কুফুৰীৰ পৰা উভতি নাহে, আনকি কাফিৰ অৱস্থাতে সিহঁতৰ মৃত্যু হয়। নিঃসন্দেহে সিহঁতৰ প্রতি আল্লাহে কল্যাণৰ ইচ্ছা পোষণ নকৰে।