+ -

عن عائشةَ أُمِّ المُؤْمِنينَ رضي الله عنها:
أن النبي صلى الله عليه وسلم كان لا يَدع أربعا قَبل الظهر وركعتين قبل الغَدَاة.

[صحيح] - [رواه البخاري] - [صحيح البخاري: 1182]
المزيــد ...

উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত যে,
"নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জোহৰৰ পূৰ্বে চাৰি ৰাকাত আৰু ফজৰৰ পূৰ্বে দুই ৰাকাত কেতিয়াও এৰা নাছিল।"

[ছহীহ] - [(বুখাৰী)] - [ছহীহ বুখাৰী - 1182]

ব্যাখ্যা

আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাই জনাইছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ঘৰত নিয়মিতভাৱে নফল আদায় কৰিছিল, সেইবোৰ কেতিয়াও এৰা নাছিল। তেখেতে জোহৰৰ পূৰ্বে দুই ছালামত চাৰি ৰাকাত আদায় কৰিছিল, আৰু ফজৰৰ পূৰ্বে দুই ৰাকাত পঢ়িছিল।

অনুবাদ: ইংৰাজী উৰ্দু স্পেনিছ ইন্দোনেচিয়ান বাংলা ফৰাচী তুৰ্কী ৰুচিয়ান বোছনিয়ান ছিনহালী হিন্দী চাইনিজ ফাৰ্চি ভিয়েতনামীজ তাগালোগ কুৰ্দিশ হাওছা পৰ্তুগীজ মালয়ালম শ্বাহিলী থাই পুস্তু আমহাৰিক ডাচ গুজৰাটী নেপালী
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. জোহৰৰ পূৰ্বে চাৰি ৰাকাত আৰু ফজৰৰ পূৰ্বে দুই ৰাকাত নামাজ নিয়মিত আদায় কৰিব লাগে।
  2. ছুন্নত নামাজবোৰ ঘৰত আদায় কৰা উত্তম। এইকাৰণেই আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাই এই বিষয়টো ভালকৈ জানিছিল আৰু তেওঁ হাদীছটোত জনাইছে।