+ -

عَنْ أَبِي أُمَامَةَ رضي الله عنه قَالَ: قَالَ رَسُولُ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ:
«مَنْ قَرَأَ آيَةَ الْكُرْسِيِّ فِي دُبُرِ كُلِّ صَلَاةٍ مَكْتُوبَةٍ لَمْ يَمْنَعْهُ مِنْ دُخُولِ الْجَنَّةِ إِلَّا أَنْ يَمُوتَ».

[صحيح] - [رواه النسائي في الكبرى] - [السنن الكبرى للنسائي: 9848]
المزيــد ...

আবূ উমামাহ ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে: ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে:
"যি ব্যক্তিয়ে প্ৰত্যেক ফৰজ নামাজৰ পিছত আয়াতুল কুৰ্ছী পাঠ কৰিব, তাৰ জান্নাতত প্ৰৱেশৰ ক্ষেত্ৰত মৃত্যুৰ বাহিৰে আন কোনেও বাধা হ'ব নোৱাৰে।"

[ছহীহ] - [رواه النسائي في الكبرى] - [ছুনান আল-কুবৰা লিন নাছায়ী - 9848]

ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, যি ব্যক্তিয়ে প্ৰত্যেক ফৰজ নামাজৰ পিছত আয়াতুল কুৰ্ছী পাঠ কৰিব, তাৰ জান্নাতত প্ৰৱেশ কৰাৰ ক্ষেত্ৰত মৃত্যুৰ বাহিৰে আন একো বাধা হ'ব নোৱাৰে। আয়াতুল কুৰ্ছী হৈছে ছুৰা বাক্বাৰাৰ এইটো আয়াত। মহান আল্লাহে কৈছেঃ আল্লা-হু লা ইলা-হা ইল্লা হুৱাল হাইয়ুল ক্বাইয়ূম, লা তা'খুজুহু ছিনাতুওঁ অলা নাওম। লাহু মা ফিছ ছামা-ৱাতি অমা ফিল আৰজি মানজাল লাজী য়াশ্বফাউ ইংদাহু ইল্লা বিইজনিহ। য়া'লামু মা বাইনা আইদীহিম অমা খালফাহুম অলা য়ুহীতূনা বিশ্বাইয়িম মিন ইলমিহি ইল্লা বিমা শ্বা-আ, অছিআ কুৰছিয়্যুহুচ ছামা-ৱাতি অল আৰজ, অলা য়া-ঊ দুহু হিফজুহুমা, অহুৱাল আলিয়্যুল আজীম।
অৰ্থঃ আল্লাহ, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। তেওঁ চিৰঞ্জীৱ, সকলো সত্তাৰ ধাৰক। তেওঁক কলাঘূমটিও স্পৰ্শ কৰিব নোৱাৰে আৰু টোপনিও নহয়। আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে সকলো তেওঁৰেই। তেওঁৰ অনুমতি নোহোৱাকৈ তেওঁৰ ওচৰত ছুপাৰিছ কৰিব পৰা কোন আছে? সিহঁতৰ সন্মুখত আৰু পিছত যি আছে সকলো তেওঁ জানে; আৰু যি তেওঁ ইচ্ছা কৰে তাৰ বাহিৰে তেওঁৰ জ্ঞানৰ একোৱেই সিহঁতে পৰিবেষ্টন কৰিব নোৱাৰে। তেওঁৰ কুৰছী আকাশমণ্ডল আৰু পৃথিৱীক পৰিব্যপ্ত কৰি আছে; আৰু এই দুটাৰ ৰক্ষণাবেক্ষণ তেওঁৰ বাবে বোজা নহয়; আৰু তেওঁ সুউচ্চ, সুমহান। (ছুৰা আল-বাক্বাৰাহঃ ২৫৫)

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. এই মহান আয়াতটোৰ গুৰুত্ব বৰ্ণিত হৈছে। কাৰণ ইয়াৰ মাজত আছে আল্লাহৰ আচমায়ে হুছনা (সুন্দৰ নামসমূহ) আৰু সৰ্বোচ্চ গুণাৱলী।
  2. প্ৰত্যেক ফৰজ নামাজৰ পিছত এই মহান আয়াতটো পাঠ কৰা মুস্তাহাব।
  3. নেক আমল হৈছে জান্নাতত প্ৰৱেশৰ অন্যতম উপায়।
অনুবাদ: ইংৰাজী উৰ্দু স্পেনিছ ইন্দোনেচিয়ান বাংলা ফৰাচী তুৰ্কী ৰুচিয়ান বোছনিয়ান ছিনহালী হিন্দী চাইনিজ ফাৰ্চি ভিয়েতনামীজ তাগালোগ কুৰ্দিশ হাওছা পৰ্তুগীজ মালয়ালম তেলেগু শ্বাহিলী থাই জাৰ্মান পুস্তু আলবেনীয়ান ছুইডিছ আমহাৰিক ডাচ গুজৰাটী কিৰ্গিজ নেপালী ইউৰোবা লিথুৱেনিয়ান দাৰী ছাৰ্বিয়ান ছোমালি কিনিয়াৰাৱাণ্ডা ৰোমানিয়ান হাংগেৰী চেক الموري মালাগাছী ওৰোমো কান্নাড়া الولوف আজেৰি ইউক্ৰেইনীয়ান الجورجية المقدونية الخميرية الماراثية
অনুবাদ চাওক
অধিক