عن عمران بن حصين رضي الله عنه قال: كَانَتْ بِي بَوَاسِيرُ، فَسَأَلْتُ النَّبِيَّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ عَنِ الصَّلَاةِ، فَقَالَ:
«صَلِّ قَائِمًا، فَإِنْ لَمْ تَسْتَطِعْ فَقَاعِدًا، فَإِنْ لَمْ تَسْتَطِعْ فَعَلَى جَنْبٍ».

[صحيح] - [رواه البخاري] - [صحيح البخاري: 1117]
المزيــد ...

ইমৰাণ বিন হুচাইন ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ মোৰ কেচুমূৰীয়া বেমাৰ আছিল। সেয়ে মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামক নামাজ পঢ়া সম্পৰ্কে সুধিলোঁ। তেখেতে ক'লেঃ
থিয় হৈ চালাত আদায় কৰা, যদি নোৱাৰা তেন্তে বহি আদায় কৰা, যদি বহিও নোৱাৰা তেন্তে কাতি হৈ শুই শুই আদায় কৰা।

[ছহীহ] - [(বুখাৰী)] - [ছহীহ বুখাৰী - 1117]

ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উল্লেখ কৰিছে যে, নামাজ মূলতে থিয় হৈ পঢ়িব লাগে, কিন্তু অক্ষমতা অৱস্থাতহে বহি পঢ়িব পাৰে। যদি বহি পঢ়িবলৈও সক্ষম নহয় তেন্তে তেওঁ কাতি হৈ শুই নামাজ পঢ়িব।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

  1. হুঁচ বা চেতনা থকালৈকে নামাজ মাফ নহয়। কিন্তু এটা অৱস্থাৰ পৰা আন এটা অৱস্থালৈ ৰূপান্তৰিত হৈ নামাজ পঢ়াৰ বিষয়টো সক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰে।
  2. ইছলাম হৈছে এটা সহজ তথা সৰল ধৰ্ম, ইয়াত সক্ষমতা অনুযায়ী ইবাদতকো সহজ কৰা হৈছে।
অনুবাদ চাওক
ভাষা: الإنجليزية الأوردية الإسبانية অধিক (63)