عن عمران بن حصين رضي الله عنهما قال: كانت بي بَوَاسيرُ، فسألت النبي صلى الله عليه وسلم عن الصلاة، فقال: «صَلِّ قائما، فإن لم تستطع فقاعدا، فإن لم تستطع فعلى جَنْبٍ».
[صحيح] - [رواه البخاري]
المزيــد ...

ইমৰান ইবনু হুছাইন ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে, মোৰ অর্শৰোগ আছিল। সেয়ে আল্লাহৰ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত চালাত আদায় সম্পর্কে প্রশ্ন কৰিলোঁ। তেখেতে ক’লেঃ "c2">“থিয় হৈ চালাত আদায় কৰা, যদি নোৱাৰা তেন্তে বহি আদায় কৰা, যদি বহিও নোৱাৰা তেন্তে কাতি হৈ শুই আদায় কৰা।”
ছহীহ - বুখাৰীয়ে বৰ্ণনা কৰিছে।

ব্যাখ্যা

উক্ত হাদীছটোত এনেকুৱা ব্যক্তিৰ নামাজৰ পদ্ধতি বৰ্ণনা কৰা হৈছে যাৰ অৰ্শৰোগৰ দৰে বেমাৰ আজাৰ আছে অথবা থিয় হোৱাত অসুবিধা আছে নাইবা বেলেগ কোনো অসুবিধা আছে। এতেকে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, নামাজৰ প্ৰকৃত অৱস্থা হৈছে থিয় হৈ চালাত আদায় কৰা, যদি থিয় হোৱাৰ সামৰ্থ নাথাকে তেন্তে বহি পেলাই আদায় কৰিব, আনহাতে যিয়ে বহিও আদায় কৰিব নোৱাৰে তেওঁ শুই থাকি আদায় কৰিব।

অনুবাদ: ইংৰাজী ফৰাচী স্পেনিচ তুৰ্কী উৰ্দু ইন্দোনেচিয়ান বোছনিয়ান ৰুচিয়ান বাংলা চাইনিজ ফাৰ্চি তাগালোগ হিন্দী ভিয়েতনামীজ ছিনহালী উইঘোৰ কুৰ্দী হাউছা পুৰ্তুগিজ মালয়ালম তেলেগু ছাৱাহিলী তামিল বৰ্মী থাই জাপানিজ পুস্তু আল বানিয়ান السويدية الأمهرية الهولندية الغوجاراتية الدرية
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. অসুস্থ ব্যক্তিৰ ফৰজ চালাতৰ বিভিন্ন স্তৰৰ প্রতি লক্ষ্য ৰখা ওৱাজিব। এতেকে তেওঁ যদি থিয় হ’বলৈ সক্ষম হয়, তেন্তে তেওঁৰ বাবে থিয় হৈ নামাজ পঢ়া ওৱাজিব। কাৰণ এইটো ফৰজ নামাজৰ ৰুকন। আনকি লাখুঠি বা দেৱালৰ ওপৰত হাউলি হ’লেও থিয় হৈ পঢ়িব লাগিব।
  2. যদি থিয় হব নোৱাৰে, তেন্তে তেওঁ বহি চালাত আদায় কৰিব, যদিও সেয়া হাউলি বহিয়ে হওক বা কোনো বস্তুৰ ওপৰত ভৰ কৰিয়ে হওক। সক্ষম হ’লে ৰুকু আৰু ছাজদাহ কৰিব। আনহাতে যদি বহিবও নোৱাৰে বা বহাত কষ্ট হয়, তেতিয়া তেওঁ শুই চালাত আদায় কৰিব। সোঁ কাতি হৈ চালাত আদায় কৰা অধিক উত্তম। যদি কিবলাৰ পিনে চিত হৈ শুই চালাত আদায় কৰে তথাপিও বিশুদ্ধ হ’ব। এয়াও যদি সম্ভৱ নহয়, তেন্তে মূৰৰ ইংগিতেৰে চালাত আদায় কৰিব। তেতিয়া ৰূকুতকৈ ছাজদাৰ ইংগিতত বেছি হালিব লাগিব। যাতে দুটা ৰুকনৰ মাজত পাৰ্থক্য হয়। ইয়াৰ বাহিৰে এইটোও এটা কাৰণ যে, ৰুকুতকৈ ছাজদাত অধিক হালিব লাগে।
  3. অক্ষম বা কষ্টকৰ নোহোৱাকৈ এটা অৱস্থাৰ পৰা অন্য এটা অৱস্থালৈ যোৱা উচিত নহয় বা সেইটো পালন কৰা ঠিক নহয়।কাৰণ এটা অৱস্থাৰ পৰা আন এটা অৱস্থালৈ যোৱাৰ বিষয়টো সক্ষমতা নথকাৰ সৈতে সম্পৃক্ত।
  4. এনেকুৱা কষ্টৰ কাৰণে ফৰজ চালাত বহি পঢ়া বৈধ, যি কষ্টৰ ফলত চালাতৰ খুশু নষ্ট হয়। কাৰণ খুশু হৈছে চালাতৰ আটাইতকৈ ডাঙৰ উদ্দেশ্য।
  5. যিবোৰ অপাৰগতাৰ কাৰণে ফৰজ চালাত বহি আদায় কৰা বৈধ তাৰ সংখ্যা বহুত। কেৱল অসুস্থতাৰ সৈতে নিৰ্দিষ্ট নহয়। যেনে, সৰু ছাদৰ তলত, যিটোৰ পৰা ওলোৱা সম্ভৱ নহয়, নাও, জাহাজ, গাড়ী, বিমান ইত্যাদিত চালাত আদায়ৰ প্রয়োজন হ’লে আৰু থিয় হোৱা অসুবিধা হ’লে। এই সকলোবোৰ কাৰণত বহি চালাত আদায় কৰা বৈধ।
  6. হুঁচ থকালৈকে চালাত আদায় কৰা বাধ্যতামূলক। এতেকে অসুস্থ ব্যক্তিয়ে মূৰৰ দ্বাৰা ইংগিত কৰি আদায় কৰিব নোৱাৰিলেও চকুৰ ইংগিতত পঢ়িব লাগিব। তেতিয়া ৰুকুৰ সময়ত সামান্য মূৰ নত কৰিব আৰু ছাজদাহৰ সময়ত তাতকৈ অলপ বেছি হালিব। যদি তিলাৱত কৰিব পাৰে তেন্তে ছুৰা পাঠ কৰিব, অন্যথা মনে মনে পঢ়িব। আনহাতে যদি চকুৰে ইংগিত কৰিও যদি চালাত আদায় কৰিব নোৱাৰে তেন্তে অন্তৰেৰে আদায় কৰিব।
  7. হাদীছটোৰ ব্যাপকতাৰ দাবী হৈছে, মুছল্লীয়ে নিজৰ সুবিধা অনুযায়ী বহি চালাত আদায় কৰিব। এইটো ইজমাৰ দ্বাৰা প্ৰমাণিত। কিন্তু উত্তম অৱস্থা সম্পৰ্কে মতবিৰোধ আছে। জমহুৰ উলামাৰ মতে, থিয় হোৱাৰ স্থানত বহি ছাজদাৰ স্থানলৈ ভৰি মেলি চালাত আদায় কৰিব, ৰুকুৰ সময়ত ভৰি কোঁচাই লব।
  8. আল্লাহৰ আদেশসমূহ সক্ষম অনুযায়ী তথা সামর্থ অনুযায়ী পালন কৰিব লাগে। আল্লাহে কাকো সাধ্যাতীত দায়িত্ব অৰ্পন নকৰে।
  9. ইছলামী চৰীয়ত সহজ তথা সহনীয়। যেনে আল্লাহ তা‘আলাই কৈছে, “তোমালোকৰ বাবে দ্বীনৰ মাজত কোনো ধৰণৰ সংকীর্ণতা ৰখা নাই।” [ছুৰা হজ্জ, আয়াত: ৭৮] আল্লাহে আৰু কৈছে, “আল্লাহে তোমালোকৰ পৰা সহজটো বিচাৰে।” [ছুৰা আন-নিছা, আয়াত: 28] সেইকাৰণেই আল্লাহৰ ৰহমত তেওঁৰ বান্দাসকলৰ প্রতি খুবেই প্রশস্ত।
  10. উল্লিখিত বিধানসমূহ হৈছে ফৰজ চালাতৰ বিধান। আনহাতে নফল চালাত কোনো ধৰণৰ ওজৰ নোহোৱাকৈয়ে বহি আদায় কৰা বৈধ। কিন্তু যদি ওজৰৰ কাৰণে হয় তেন্তে পৰিপূৰ্ণ ছোৱাব লাভ কৰিব। আনহাতে যদি বিনা ওজৰে পঢ়ে তেন্তে থিয় হৈ আদায় কৰা ব্যক্তিৰ অৰ্দ্ধেক ছোৱাব লাভ কৰিব। এইটো হাদীছৰ দ্বাৰা প্রমাণিত।
অধিক