عَنْ عُبَادَةَ بْنِ الصَّامِتِ رضي الله عنه أَنَّ رَسُولَ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ قَالَ:
«لَا صَلَاةَ لِمَنْ لَمْ يَقْرَأْ بِفَاتِحَةِ الكِتَابِ».

[صحيح] - [متفق عليه] - [صحيح البخاري: 756]
المزيــد ...

উবাদাহ বিন চামিত ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বর্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে:
"সেই ব্যক্তিৰ নামাজ হোৱা নাই, যিয়ে নামাজত ছুৰা ফাতিহা পঢ়া নাই।"

[ছহীহ] - [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [ছহীহ বুখাৰী - 756]

ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে স্পষ্ট কৰিছে যে, নামাজত ছুৰা ফাতিহা নপঢ়াকৈ নামাজ শুদ্ধ নহয়। এইটো হৈছে নামাজৰ এটা ৰুকন, যিটো প্ৰত্যেক ৰাকাততে পাঠ কৰিব লাগে।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

  1. ছুৰা ফাতিহা পাঠ কৰিবলৈ সক্ষম হোৱা সত্ত্বেও যিয়ে নামাজত ইয়াক পাঠ নকৰিব তাৰ নামাজ নহ'ব।
  2. যি ৰাকাতত ছুৰা ফাতিহা পাঠ কৰা নাই, সেইটো বাতিল হ'ব। জানি বুজি হওক বা ভুলতে হওক। কাৰণ এইটো হৈছে ৰুকন। ৰুকন কেতিয়াও এৰা ধৰা নহয়।
  3. মুক্তাদিয়ে যদি ইমামক ৰুকূ অৱস্থাত পায় তেন্তে ছুৰা ফাতিহা নপঢ়িলেও কোনো অসুবিধা নাই।
অনুবাদ চাওক
ভাষা: الإنجليزية الأوردية الإسبانية অধিক (56)