عن أُمِّ عَطِيَّةَ رَضي الله عنها، وكَانَتْ بايَعَت النبيَّ صلى الله عليه وسلم، قالت:
كُنَّا لا نَعُدّ الكُدرَةَ والصُّفْرَةَ بعدَ الطُّهرِ شيئًا.
[صحيح] - [رواه أبو داود بهذا اللفظ، ورواه البخاري بدون زيادة (بعد الطهر)] - [سنن أبي داود: 307]
المزيــد ...
উম্মে আতিয়্য়াহ ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ হাতত বাইআত কৰিছিল, তেওঁ কৈছেঃ
"পৱিত্ৰতা অৰ্জনৰ পিছত (লজ্জাস্থানৰ পৰা ওলোৱা) মাটিয়া বৰণৰ আৰু হালধীয়া বৰণৰ পানীক আমি একো (হায়েজ হিচাপে) গণ্য কৰা নাছিলোঁ।"
[ছহীহ] - [(আবু দাঊদে এই শব্দৰে বৰ্ণনা কৰিছে, আৰু বুখাৰীয়ে (بعد الطهر)টো অতিৰিক্ত বৰ্ণনা কৰা নাই)] - [ছুনান আবি দাঊদ - 307]
চাহাবীয়া উম্মে আতিয়্যাহ ৰাদ্বিয়াল্লাহু আনাহাই জনাইছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ যুগত নাৰীসকলে হায়েজৰ পৰা পৱিত্ৰতা অৰ্জন কৰাৰ পিছত লজ্জাস্থানৰ পৰা ওলোৱা মাটিয়া তথা হালধীয়া বৰণৰ পানীক হায়েজ হিচাপে গণ্য কৰা নাছিল। এই পানীৰ ফলত তেওঁলোকে নামাজ ৰোজা ত্যাগ কৰা নাছিল।