عَنْ ‌عَبْدِ اللهِ بْنِ زَيْدٍ رضي الله عنه:
أَنَّ النَّبِيَّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ تَوَضَّأَ مَرَّتَيْنِ مَرَّتَيْنِ.

[صحيح] - [رواه البخاري] - [صحيح البخاري: 158]
المزيــد ...

আব্দুল্লাহ বিন ঝায়েদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত,
"নবী চাল্লাল্লাহু আলাইহি অছাল্লামে অজু কৰাৰ সময়ত (অজুৰ অংগবোৰ) দুবাৰ দুবাৰকৈ ধুইছিল।"

[ছহীহ] - [(বুখাৰী)] - [ছহীহ বুখাৰী - 158]

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কেতিয়াবা কেতিয়াবা অজু কৰাৰ সময়ত অজুৰ অংগবোৰ দুবাৰ দুবাৰকৈ ধুইছিল। উদাহৰণস্বৰূপে- মুখমণ্ডল- ইয়াৰ ভিতৰত কুলি কৰা আৰু নাক চাফ কৰাকো সামৰি লোৱা হৈছে- দুই হাত, দুই ভৰি আদিক দুবাৰ দুবাৰকৈ ধুইছিল।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

  1. অজুৰ অংগবোৰ নূন্যতম এবাৰকৈ ধোৱা ওৱাজিব। ইয়াতকৈ অধিক ধোৱাটো মুস্তাহাব।
  2. কেতিয়াবা কেতিয়াবা অজুৰ অংগবোৰ দুবাৰ দুবাৰকৈও ধুব পাৰি।
  3. মূৰ মছেহ কৰাটো এবাৰেই যথেষ্ট।
অনুবাদ চাওক
ভাষা: الإنجليزية الأوردية الإسبانية অধিক (61)