عَنِ ‌ابْنِ عَبَّاسٍ رضي الله عنهما قَالَ:
تَوَضَّأَ النَّبِيُّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ مَرَّةً مَرَّةً.

[صحيح] - [رواه البخاري] - [صحيح البخاري: 157]
المزيــد ...

ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে অজু কৰাৰ সময়ত (অজুৰ অংগবোৰ) এবাৰ এবাৰকৈ ধুইছিল।

[ছহীহ] - [(বুখাৰী)] - [ছহীহ বুখাৰী - 157]

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কেতিয়াবা অজু কৰাৰ সময়ত অজুৰ অংগবোৰ এবাৰ এবাৰকৈ ধুইছিল। উদাহৰণস্বৰূপে- মুখমণ্ডল- ইয়াৰ ভিতৰত কুলি কৰা আৰু নাক চাফ কৰাকো সামৰি লোৱা হৈছে- দুই হাত, দুই ভৰি আদিক এবাৰ এবাৰকৈ ধুইছিল। এইটো হৈছে ওৱাজিব পৰিমাণ।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

  1. অজুৰ অংগবোৰ নূন্যতম এবাৰকৈ ধোৱা ওৱাজিব। ইয়াতকৈ অধিক ধোৱাটো মুস্তাহাব।
  2. কেতিয়াবা কেতিয়াবা এবাৰ এবাৰকৈও ধুব পাৰি।
  3. মূৰ মছেহ কৰাটো এবাৰেই যথেষ্ট।
অনুবাদ চাওক
ভাষা: الإنجليزية الأوردية الإسبانية অধিক (61)