عن عَمْرُو بْنُ عَامِرٍ عَنْ ‌أَنَس بن مالك قَالَ:
كَانَ النَّبِيُّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ يَتَوَضَّأُ عِنْدَ كُلِّ صَلَاةٍ، قُلْتُ: كَيْفَ كُنْتُمْ تَصْنَعُونَ؟ قَالَ: يُجْزِئُ أَحَدَنَا الْوُضُوءُ مَا لَمْ يُحْدِثْ.

[صحيح] - [رواه البخاري] - [صحيح البخاري: 214]
المزيــد ...

আমৰ ইবনে আমিৰৰ পৰা বৰ্ণিত, আনাছ ইবনে মালিকে কৈছেঃ
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে প্ৰত্যেক নামাজৰ সময়তে অজু কৰিছিল। মই ক'লোঃ আপোনালোকে কি কৰিছিল? তেওঁ কৈছেঃ আমি অজু ভংগ নোহোৱালৈকে অজু কৰা নাছিলোঁ।

[ছহীহ] - [(বুখাৰী)] - [ছহীহ বুখাৰী - 214]

ব্যাখ্যা

হাদীছটোত কোৱা হৈছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে প্ৰত্যেক ফৰজ নামাজৰ সময়তে অজু কৰিছিল, যদিও তেখেতৰ অজু ভংগ হোৱা নাছিল। এইটো তেখেতে ছোৱাব অৰ্জনৰ কাৰণে কৰিছিল।
যদি অজু থাকে তেন্তে এটা অজুৰে একাধিক ফৰজ নামাজ পঢ়াত কোনো বাধা নাই।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. পৰিপূৰ্ণতা অৰ্জন কৰিবলৈ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে প্ৰত্যেক নামাজৰ সময়তে অজু কৰিছিল।
  2. প্ৰত্যেক নামাজৰ সময়ত অজু কৰাটো মুস্তাহাব।
  3. এটা অজুৰে একাধিক নামাজ আদায় কৰাটো বৈধ।
অনুবাদ চাওক
ভাষা: ইংৰাজী উৰ্দু স্পেনিছ অধিক (58)