+ -

عَنِ أبي زُهير عُمَارَةَ بْنِ رُؤَيْبَةَ رضي الله عنه قَالَ: قَالَ رَسُولُ اللهِ صلى الله عليه وسلم:
«لَنْ يَلِجَ النَّارَ أَحَدٌ صَلَّى قَبْلَ طُلُوعِ الشَّمْسِ وَقَبْلَ غُرُوبِهَا»

[صحيح] - [رواه مسلم] - [صحيح مسلم: 634]
المزيــد ...

আবু ঝুহাইৰ উমাৰাহ বিন ৰুআইবাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"যিয়ে সূৰ্য্য উদয় হোৱাৰ পূৰ্বে আৰু সূৰ্য্য অস্ত যোৱাৰ পূৰ্বে চালাত আদায় কৰে, তেওঁ কেতিয়াও জাহান্নামত প্ৰৱেশ নকৰিব।"

[দুয়ো বৰ্ণনাত ছহীহ] - [(মুছলিম) - (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [ছহীহ মুছলিম - 634]

ব্যাখ্যা

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, সেই ব্যক্তিয়ে কেতিয়াও জাহান্নামত প্ৰৱেশ নকৰিব, যিয়ে ফজৰৰ নামাজ আৰু আচৰৰ নামাজ সময়মতে আদায় কৰে। এই দুটা নামাজক নিৰ্দিষ্ট কৰাৰ কাৰণ হৈছে, এই দুটা নামাজ হৈছে অত্যন্ত কষ্টকৰ। লগতে ফজৰৰ সময় হৈছে আৰামদায়ক টোপনিৰ সময়। আনহাতে আচৰৰ সময় হৈছে ব্যস্ত সময়, য'ত দিনটোৰ গুৰুত্বপূৰ্ণ কাম আৰু ব্যৱসায়-বাণিজ্যৰ ব্যস্ততা থাকে। গতিকে অসুবিধা সত্ত্বেও যিয়ে এই দুটা নামাজ সময়মতে নিয়মিত আদায় কৰিব তেন্তে তাৰ বাবে অন্যান্য নামাজ সময় মতে আদায় কৰাটো কোনো কঠিন বিষয় নহয়।

অনুবাদ: ইংৰাজী উৰ্দু স্পেনিছ ইন্দোনেচিয়ান উইঘোৰ বাংলা ফৰাচী তুৰ্কী ৰুচিয়ান বোছনিয়ান ছিনহালী হিন্দী চাইনিজ ফাৰ্চি ভিয়েতনামীজ তাগালোগ কুৰ্দিশ পৰ্তুগীজ শ্বাহিলী ডাচ গুজৰাটী
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. ফজৰ আৰু আচৰ চালাতৰ ফজিলত। এতেকে এই চালাত দুটাৰ প্ৰতি বিশেষভাৱে যত্ন লোৱা উচিত।
  2. যিয়ে এই নামাজ সময় মতে আদায় কৰিব, তাৰ অন্তৰত ৰিয়া আৰু অৱহেলা থাকিব নোৱাৰে, তেওঁ আন্তৰিকতাৰে ইবাদত কৰিব।
অধিক