1. মুখ্য পৃষ্ঠা
  2. শ্ৰেণীবিন্যাসসমূহ
  3. জীৱনী আৰু ইতিহাস

হাদীছ তেখেতে ঘৰোৱা কামত সহায় কৰিছিল, অৰ্থাৎ পৰিয়ালবৰ্গৰ কামত সহযোগ কৰিছিল। যেতিয়া নামাজৰ সময় হৈছিল তেতিয়া লগে লগে নামাজৰ বাবে ওলাই গৈছিল।

عَنِ الأَسْوَدِ بنِ يَزِيدَ قَالَ:
سَأَلْتُ عَائِشَةَ مَا كَانَ النَّبِيُّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ يَصْنَعُ فِي بَيْتِهِ؟ قَالَتْ: كَانَ يَكُونُ فِي مِهْنَةِ أَهْلِهِ -تَعْنِي خِدْمَةَ أَهْلِهِ-، فَإِذَا حَضَرَتِ الصَّلاَةُ خَرَجَ إِلَى الصَّلاَةِ.

আছৱাদ ইবনে য়াঝীদৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
মই আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাক প্ৰশ্ন কৰিলোঁ যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ঘৰত থকা অৱস্থাত কি কৰিছিল? তেওঁ ক'লেঃ তেখেতে ঘৰোৱা কামত সহায় কৰিছিল, অৰ্থাৎ পৰিয়ালবৰ্গৰ কামত সহযোগ কৰিছিল। যেতিয়া নামাজৰ সময় হৈছিল তেতিয়া লগে লগে নামাজৰ বাবে ওলাই গৈছিল।

ছহীহ (বুখাৰী) ছহীহ বুখাৰী - 676

ব্যাখ্যা

উম্মুল মু'মিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাক প্ৰশ্ন কৰা হ'ল যে, ঘৰৰ ভিতৰত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ অৱস্থা কি আছিল, তেখেতে কি কামত ব্যস্ত থাকিছিল? ইয়াৰ উত্তৰত তেওঁ ক'লেঃ তেখেত মানুহৰ দৰেই এজন মানুহ আছিল, পুৰুষসকলে ঘৰত যি যি কৰে, তেখেতেও তাকেই কৰিছিল। তেখেতে নিজৰ কামৰ লগতে ঘৰৰ কামতো সহযোগ কৰিছিল। ছাগলীৰ গাখীৰ খিৰাইছিল, নিজৰ কাপোৰ নিজে চিলাই কৰিছিল, নিজৰ জোতা নিজে মেৰামতি কৰিছিল, বাল্টি বাচন বৰ্তন নিজে তালি লগাইছিল। যেতিয়া নামাজৰ ইকামত হৈছিল, তেতিয়া তেখেতে অকণো পলম নকৰাকৈ লগে লগে ওলাই গৈছিল।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

  1. নবী চাল্লাল্লাহু আলাইহি অছাল্লাম পূৰ্ণাংগৰূপে বিনয়ী আছিল, আৰু পৰিয়ালবৰ্গৰ প্ৰতি অত্যন্ত দয়ালু আছিল।
  2. পাৰ্থিৱ ব্যস্ততাই যেন বান্দাক নামাজৰ পৰা বিচ্যুত নকৰে।
  3. নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আওৱাল ওৱাক্ততে নামাজ আদায় কৰিছিল।
  4. ইবনু হাজাৰে কৈছেঃ হাদীছটোত বিনয়ী হ'বলৈ আৰু অহংকাৰ পৰিত্যাগ কৰিবলৈ, লগতে পৰিয়ালবৰ্গক ঘৰোৱা কামত সহযোগ কৰিবলৈ উৎসাহিত কৰা হৈছে।

অনুবাদ চাওক

37 ভাষা
EN English الإنجليزية
UR اردو الأوردية
ES Español الإسبانية
ID Indonesia الإندونيسية
UG ئۇيغۇرچە الأيغورية
BN বাংলা البنغالية
TR Türkçe التركية
RU Русский الروسية
BS Bosanski البوسنية
SI සිංහල السنهالية
HI हिन्दी الهندية
ZH 中文 الصينية
FA فارسی الفارسية
VI Tiếng Việt الفيتنامية
TL Tagalog تجالوج
KU Kurdî الكردية
HA Hausa الهوسا
PT Português البرتغالية
ML മലയാളം المليالم
TE తెలుగు التلغو
SW Kiswahili السواحيلية
MY မြန်မာ البورمية
TH ไทย التايلندية
PS پښتو بشتو
AM አማርኛ الأمهرية
NL Nederlands الهولندية
GU ગુજરાતી الغوجاراتية
PRS دری الدرية
SR Српски الصربية
RO Română الرومانية
HU Magyar المجرية
KN ಕನ್ನಡ الكانادا
KA ქართული الجورجية
MK Македонски المقدونية
KM ភាសាខ្មែរ الخميرية
PA ਪੰਜਾਬੀ البنجابية
MR मराठी الماراثية