عَنْ جَابِرِ بْنِ عَبْدِ اللَّهِ رَضِيَ اللَّهُ عَنْهُما قَالَ:
كَانَ رَسُولُ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ فِي سَفَرٍ، فَرَأَى زِحَامًا وَرَجُلًا قَدْ ظُلِّلَ عَلَيْهِ، فَقَالَ: «مَا هَذَا؟»، فَقَالُوا: صَائِمٌ، فَقَالَ: «لَيْسَ مِنَ البِرِّ الصَّوْمُ فِي السَّفَرِ»، وَفِي لَفْظٍ لِمُسلِمٍ: «عَلَيْكُمْ بِرُخْصَةِ اللهِ الَّذِي رَخَّصَ لَكُمْ».
[صحيح] - [متفق عليه] - [صحيح البخاري: 1946]
المزيــد ...
জাবিৰ বিন আব্দুল্লাহ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম এটা ছফৰত আছিল, হঠাৎ তেখেতে দেখা পালে যে, কিছুমান মানুহে এজন লোকক কেন্দ্ৰ কৰি ভিৰ কৰি আছে আৰু সেই মানুহজনে সিহঁতৰ ছাঁত বিশ্ৰাম লৈছে। তেখেতে গৈ সুধিলেঃ কি হৈছে এওঁৰ? লোকসকলে ক'লেঃ এওঁ ৰোজা অৱস্থাত আছে। তেতিয়া তেখেতে ক'লেঃ "ছফৰত চওম পালন কৰাটো কোনো ছোৱাবৰ কাম নহয়।" মুছলিমৰ বৰ্ণনাত আছে যে, "মহান আল্লাহে তোমালোকক যি শিথিলতা প্ৰদান কৰিছে, তোমালোকে সেয়া গ্ৰহণ কৰা।"
[ছহীহ] - [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [ছহীহ বুখাৰী - 1946]
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম এটা ভ্ৰমণত আছিল, সেই ভ্ৰমণতে তেখেতে দেখা পালে যে, কিছুমান মানুহে এজন লোকক কেন্দ্ৰ কৰি ভিৰ কৰি আছে আৰু সেই মানুহজনক সিহঁতে প্ৰচণ্ড ৰ'দৰ পৰা ছাঁ কৰি আছে, যাতে অধিক পিয়াহ নালাগে। তেখেতে গৈ সুধিলেঃ কি হৈছে এওঁৰ? লোকসকলে ক'লেঃ এওঁ ৰোজা ৰাখিছে। তেতিয়া তেখেতে ক'লেঃ ছফৰত ৰোজা ৰখাটো কোনো ছোৱাবৰ কাম নহয়। মহান আল্লাহে তোমালোকক যি শিথিলতা প্ৰদান কৰিছে, তোমালোকে সেয়া গ্ৰহণ কৰা।