+ -

عن أَبِي مُوسَى الأَشْعَرِيِّ رضي الله عنه: أَنَّ رَسُولَ اللهِ صلى الله عليه وسلم قَالَ:
«مَنْ صَلَّى ‌الْبَرْدَيْنِ دَخَلَ الْجَنَّةَ»

[صحيح] - [متفق عليه] - [صحيح البخاري: 574]
المزيــد ...

আবূ মুছা আল-আশ্ব'আৰী ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে:
"যিয়ে দুই শীতল নামাজ (ফজৰ আৰু আচৰ) আদায় কৰিব, তেওঁ জান্নাতত প্ৰৱেশ কৰিব।"

[ছহীহ] - [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [ছহীহ বুখাৰী - 574]

ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে দুই শীতল নামাজৰ প্ৰতি উৎসাহিত কৰিছে, অৰ্থাৎ ফজৰ আৰু আচৰৰ নামাজৰ প্ৰতি। লগতে সুসংবাদ দিছে যে, যিয়ে জামাত সহকাৰে উপযুক্ত সময়ত নিয়মিতভাৱে এই দুটা নামাজ আদায় কৰিব, তেন্তে এই দুটা তেওঁৰ জান্নাত লাভ কৰাৰ কাৰণ হ'ব।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. হাদীছটোত ফজৰ আৰু আচৰৰ নামাজ নিয়মিত আদায় কৰাৰ ফজীলত বৰ্ণিত হৈছে। কাৰণ ফজৰৰ নামাজ আদায় কৰা হয় সুখদায়ক টোপনিৰ সময়ত। আনহাতে আচৰৰ নামাজ পঢ়া হয় মানুহৰ ব্যস্ততাৰ সময়ত। গতিকে এই দুটা নামাজ নিয়মিতভাৱে সঠিক সময়ত যিয়ে আদায় কৰিব, তাৰ বাবে নিশ্চয় অন্যান্য নামাজ নিয়মিতভাৱে আদায় কৰাটো অতি সহজ।
  2. ফজৰ আৰু আচৰৰ নামাজক দুই শীতল নামাজ বুলি এই কাৰণে কোৱা হৈছে, কাৰণ ফজৰৰ সময়ত ৰাতিৰ ঠাণ্ডা থাকে, আৰু আচৰৰ সময়ত দিনৰ ঠাণ্ডা, যদিও গৰম দিনতে নহওক কিয়, কাৰণ গৰম দিনত দুপৰীয়াৰ তুলনাত আচৰৰ সময়ত গৰমৰ পৰিমাণ কম থাকে। অথবা বেছি ব্যৱহাৰ হোৱাৰ কাৰণে একে নামেৰে নামকৰণ কৰা হৈছে, যেনে- সূৰ্য্য আৰু চন্দ্ৰক একেলগে আল-ক্বামাৰান বুলি কোৱা হয়।
অনুবাদ: ইংৰাজী উৰ্দু স্পেনিছ ইন্দোনেচিয়ান উইঘোৰ বাংলা ফৰাচী তুৰ্কী ৰুচিয়ান বোছনিয়ান ছিনহালী হিন্দী চাইনিজ ফাৰ্চি ভিয়েতনামীজ তাগালোগ কুৰ্দিশ হাওছা পৰ্তুগীজ মালয়ালম তেলেগু শ্বাহিলী থাই পুস্তু ছুইডিছ আমহাৰিক ডাচ গুজৰাটী কিৰ্গিজ নেপালী ইউৰোবা দাৰী ছাৰ্বিয়ান ছোমালি কিনিয়াৰাৱাণ্ডা ৰোমানিয়ান হাংগেৰী চেক الموري মালাগাছী ওৰোমো কান্নাড়া ইউক্ৰেইনীয়ান الجورجية
অনুবাদ চাওক
অধিক