عَنْ عَائِشَةَ أُمِّ المُؤْمِنينَ رَضِيَ اللَّهُ عَنْهَا قَالَتْ:
مَا صَلَّى النَّبِيُّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ صَلاَةً بَعْدَ أَنْ نَزَلَتْ عَلَيْهِ: {إِذَا جَاءَ نَصْرُ اللَّهِ وَالفَتْحُ} [النصر: 1] إِلَّا يَقُولُ فِيهَا: «سُبْحَانَكَ رَبَّنَا وَبِحَمْدِكَ اللَّهُمَّ اغْفِرْ لِي».
وعَنْها قَالَتْ: كَانَ رَسُولُ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ يُكْثِرُ أَنْ يَقُولَ فِي رُكُوعِهِ وَسُجُودِهِ: «سُبْحَانَكَ اللهُمَّ رَبَّنَا وَبِحَمْدِكَ، اللهُمَّ اغْفِرْ لِي» يَتَأَوَّلُ الْقُرْآنَ.
[صحيح] - [متفق عليه] - [صحيح البخاري: 4967]
المزيــد ...
উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
ছুৰা নচৰ {إِذَا جَاءَ نَصْرُ اللَّهِ وَالفَتْحُ} অৱতীৰ্ণ হোৱাৰ পিছত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে প্ৰতিটো নামাজতে এই দুআ পাঠ কৰিছিলঃ ছুবহানাকা ৰাব্বানা অবিহামদিকা আল্লাহুম্মাগ ফিৰলী।" (অৰ্থঃ হে আমাৰ প্ৰতিপালক! তুমি পৱিত্ৰ, প্ৰশংসা কেৱল তোমাৰেই। হে আল্লাহ! মোক ক্ষমা কৰি দিয়া।) আন এটা বৰ্ণনাত তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ৰূকু আৰু ছাজদাত এই দুআটো বেছি বেছি পাঠ কৰিছিলঃ "ছুবহানাকা আল্লাহুম্মা ৰাব্বানা অবিহামদিক, আল্লাহুম্মাগফিৰলী।" (অৰ্থঃ হে আল্লাহ! আমাৰ প্ৰতিপালক, তুমি পৱিত্ৰ আৰু সকলো প্ৰশংসা একমাত্ৰ তোমাৰেই। হে আল্লাহ! মোক ক্ষমা কৰি দিয়া।) ইয়াৰ দ্বাৰা তেখেতে কোৰআনৰ নিৰ্দেশ পালন কৰিছিল।
[ছহীহ] - [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [ছহীহ বুখাৰী - 4967]
উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাই জনাইছে যে, ছুৰা নচৰ {إذا جاء نصر الله والفتح} অৱতীৰ্ণ হোৱাৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই ছুৰাত থকা কোৰআনৰ এই নিৰ্দেশ অনুসৰি {فسبح بحمد ربك واستغفره} (অৰ্থঃ প্ৰশংসাৰ সৈতে তুমি তোমাৰ প্ৰতিপালকৰ তাছবীহ পাঠ কৰা আৰু তেওঁৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা।) নামাজৰ ৰূকু আৰু ছাজদাত বেছি বেছি তাছবীহ আৰু ইস্তিগফাৰ পাঠ কৰিছিল। «سبحانك» ইয়াৰ অৰ্থ হৈছে, তুমি সকলো প্ৰকাৰ দোষ-ত্ৰুটিৰ পৰা পৱিত্ৰ। «اللهم ربنا وبحمدك» হে আল্লাহ আমাৰ প্ৰতিপালক, সকলো প্ৰশংসা তোমাৰেই, তুমি সত্ত্বাগতভাৱে, গুণগতভাৱে আৰু কৰ্মগতভাৱে পূৰ্ণাংগ। «اللهم اغفر لي» হে আল্লাহ! তুমি মোৰ গুনাহসমূহ ক্ষমা কৰি দিয়া তথা মাৰ্জনা কৰি দিয়া।