হাদীছৰ তালিকা

“মোক এনেকুৱা আমলৰ নিৰ্দেশনা দিয়ক, যিটো কৰিলে মই জান্নাতত প্ৰৱেশ কৰিব পৰিম।” তেতিয়া তেখেতে ক'লে: "আল্লাহৰ ইবাদত কৰিবা, তেওঁৰ লগত আন কাকো অংশীদাৰ স্থাপন নকৰিবা, পাঁচ ওৱাক্ত ফৰজ চালাত (নামাজ) নিয়মিত পালন কৰিবা, ফৰজ জাকাত আদায় কৰিবা আৰু ৰমাজান মাহৰ ৰোজা ৰাখিবা।
عربي الإنجليزية الأوردية
এবাৰ নবী চাল্লাল্লাহু আলাইহি অছাল্লাম আমাৰ মাজলৈ আহি উপস্থিত হ'ল, তেতিয়া আমি ক'লোঁ, হে আল্লাহৰ ৰাছুল! আপোনাক কেনেকৈ ছালাম দিব লাগে সেয়া আমি জানো, কিন্তু আপোনাৰ প্ৰতি দৰূদ কেনেকৈ পাঠ কৰিম?
عربي الإنجليزية الأوردية
যি ইল্মৰ দ্বাৰা আল্লাহৰ সন্তুষ্টি অৰ্জন কৰিব পাৰি, তেনেকুৱা ইল্ম যিয়ে দুনিয়াৱী স্বাৰ্থ অৰ্জন কৰাৰ বাবে শিকে, সেই ব্যক্তিয়ে কিয়ামতৰ দিনা জান্নাতৰ সুগন্ধিও নাপাব।
عربي الإنجليزية الأوردية
আল্লাহে সেই ব্যক্তিক চিৰ উজ্জল কৰি ৰাখক, যিয়ে মোৰ পৰা কোনো বিষয় শুনে, আৰু সেইটো সেইদৰেই বেলেগক বৰ্ণনা কৰে যিদৰে তেওঁ শুনিছে। কিয়নো যিসকলক পৌঁচাই দিয়া হ'ব তেওঁলোকৰ মাজৰ কিছুমান লোক এনেকুৱা আছে, যিয়ে শ্ৰৱণকাৰীতকৈও অধিক ভালকৈ মুখস্থ ৰাখিব পাৰে।
عربي الإنجليزية الأوردية