হাদীছৰ তালিকা

1. নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জোতা পিন্ধাৰ ক্ষেত্ৰত, চুলি ফণিওৱাৰ ক্ষেত্ৰত, পৱিত্ৰতা অৰ্জনৰ ক্ষেত্ৰত, আনকি তেখেতে সকলো (ভাল কামৰ) ক্ষেত্ৰতে সোঁফালৰ পৰা আৰম্ভ কৰাটোক পছন্দ কৰিছিল।
عربي الإنجليزية الأوردية
2. মই নবী চাল্লাল্লাল্লাহু আলাইহি অছাল্লামক কেতিয়াও আলজিভা দেখিব পৰাকৈ উচ্চ স্বৰত হাঁহি থকা দেখা নাই। বৰং তেখেতে সদায় মিচিকিয়া হাঁহিছিল। - 2 ملاحظة
عربي الإنجليزية الأوردية
3. যেতিয়া তোমালোকৰ মাজৰ কোনোবাই ভাল সপোন দেখা পায়, যিটোক তেওঁ পছন্দ কৰে, সেই সপোন হৈছে আল্লাহৰ ফালৰ পৰা। এতেকে এনেকুৱা সপোনৰ বাবে তেওঁ আল্লাহৰ প্ৰশংসা কৰা উচিত আৰু সেইটো বৰ্ণনা কৰা উচিত। আনহাতে ইয়াৰ বিপৰীতে যদি কোনো বেয়া সপোন দেখে, যিটোক তেওঁ অপছন্দ কৰে, তেনেকুৱা সপোন হৈছে চয়তানৰ ফালৰ পৰা। এতেকে এনেকুৱা সপোনৰ অনিষ্টৰ পৰা আশ্ৰয় প্ৰাৰ্থনা কৰা উচিত, লগতে এনেকুৱা সপোনৰ বিৱৰণ কাকো দিব নালাগে। ই তাৰ কোনো ক্ষতি কৰিব নোৱাৰিব।
عربي الإنجليزية الأوردية
4. যিয়ে দুজনী কন্যা সন্তানক প্ৰাপ্তবয়স্ক নোহোৱালৈকে ভালকৈ লালন-পালন কৰিব, কিয়ামতৰ দিনা তেওঁ আৰু মই এনেকৈ নিকটৱৰ্তী থাকিম।" তেখেতে এই কথা কৈ দুটা আঙুলিক একেলগ কৰি দেখুৱালে।
عربي الإنجليزية الأوردية
5. যদি মুমিনসকলৰ ওপৰত - অথবা মোৰ উম্মতৰ ওপৰত- কষ্টকৰ নহ'লহেঁতেন তেন্তে মই তেওঁলোকক প্ৰত্যেক নামাজৰ সময়তে মিছৱাক কৰাৰ নিৰ্দেশ দিলোঁহেঁতেন।
عربي الإنجليزية الأوردية
6. বান্দাসকলে প্ৰভাতত উপনীত হোৱা প্ৰতিটো দিনতে পুৱাৰ ভাগত দুজন ফিৰিস্তা অৱতীৰ্ণ হয়। তাৰে এজনে কয়ঃ হে আল্লাহ! দানকাৰীক ইয়াৰ উত্তম প্ৰতিদান দিয়া, দ্বিতীয়জনে কয়ঃ হে আল্লাহ! কৃপণৰ সম্পদ ধ্বংস কৰি দিয়া।
عربي الإنجليزية الأوردية
7. তোমালোকে সঠিকভাৱে নিষ্ঠা সহকাৰে কাম কৰি নৈকট্য অৱলম্বন কৰা, জানি থোৱা, তোমালোকৰ কোনো আমলেই তোমালোকক জান্নাতত প্ৰৱেশ কৰাব নোৱাৰিব।" চাহাবাসকলে সুধিলে, হে আল্লাহৰ ৰাছুল! আপোনাকো নহয়? তেখেতে ক'লেঃ "হয়, মোকো নহয়, কিন্তু মোক আল্লাহৰ ৰহমত আৰু অনুগ্ৰহই ঢাকি ৰাখিছে।
عربي الإنجليزية الأوردية
8. আল্লাহুম্মা আউজু বিৰিজাকা মিন ছাখাতিক। অবিমুআ-ফাতিকা মিন উকুবাতিক। ওৱা আউজু বিকা মিনকা লা উহচী ছানা-আন আলাইকা, আনতা কামা আছনাইতা আলা নাফছিক। - 2 ملاحظة
عربي الإنجليزية الأوردية
9. মই তোমালোকক অৱগত নকৰামনে যে, কোনসকল লোক জান্নাতী? প্ৰত্যেক দুৰ্বল ব্যক্তি, যাক দুৰ্বল বুলি গণ্য কৰা হয়। যদি সি আল্লাহৰ শপত খায় তেন্তে আল্লাহে সেইটো নিশ্চয় পূৰণ কৰে। এইদৰে মই তোমালোকক অৱগত নকৰামনে কোনসকল লোক জাহান্নামী? প্ৰত্যেক অবাধ্য, স্বৈৰাচাৰী, অহংকাৰী ব্যক্তি হৈছে জাহান্নামী।
عربي الإنجليزية الأوردية
10. মই এনেকুৱা এটা বাক্য জানো, যদি এই মানুহজনে সেইটো পাঠ কৰে তেন্তে তাৰ খং দূৰ হ'ব। যদি এওঁ আউজু বিল্লাহি মিনাশ্ব শ্বাইত্বান, পঢ়ে তেন্তে তাৰ খং দূৰ হৈ যাব।
عربي الإنجليزية الأوردية
11. ভাল সপোন হৈছে আল্লাহৰ ফালৰ পৰা আৰু বেয়া সপোন হৈছে চয়তানৰ ফালৰ পৰা। যদি তোমালোকৰ মাজৰ কোনোবাই বেয়া সপোন দেখি ভয় পায় তেন্তে তেওঁ বাওঁফালে থু পেলোৱা উচিত। লগতে ইয়াৰ অনিষ্টৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰা উচিত। তেতিয়া ইয়াৰ ফলত কোনো ক্ষতি নহ'ব।
عربي الإنجليزية الأوردية
12. মই সুধিলোঁ, হে আল্লাহৰ ৰাছুল! নাজাত কেনেকৈ পাব পাৰি? তেখেতে ক'লেঃ তুমি তোমাৰ জিভাক নিয়ন্ত্ৰণত ৰাখিবা, বেছিভাগ সময় নিজৰ ঘৰত থকাৰ চেষ্টা কৰিবা, লগতে নিজৰ গুনাহৰ বাবে কান্দিবা।
عربي الإنجليزية الأوردية
13. মই মোৰ বান্দাৰ সৈতে সেইদৰেই আচৰণ কৰোঁ, যিদৰে সি মোক ধাৰণা কৰে। - 6 ملاحظة
عربي الإنجليزية الأوردية
14. মই আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাক প্ৰশ্ন কৰিলোঁ যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া ঘৰত প্ৰৱেশ কৰিছিল তেতিয়া তেখেতে কোনটো আমল প্ৰথমে কৰিছিল? তেওঁ কৈছেঃ তেখেতে প্ৰথমে মিছৱাক কৰিছিল।
عربي الإنجليزية الأوردية
15. নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত এজন লোকৰ কথা উল্লেখ কৰা হ'ল যে, সি ৰাতি শুৱে একেবাৰে ৰাতিপুৱা উঠে। তেখেতে ক'লেঃ "সেই ব্যক্তিৰ দুয়ো কাণত অথবা কৈছিল, তাৰ কাণত চয়তানে প্ৰস্ৰাৱ কৰে।
عربي الإنجليزية الأوردية
16. ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ৰমাজান মাহৰ শেষ দহকত যি পৰিমাণ পৰিশ্ৰম কৰিছিল, সেই পৰিমাণ পৰিশ্ৰম বেলেগ দিনত কৰা নাছিল।
عربي الإنجليزية الأوردية
17. যিয়ে পৃথিৱীত কোনো ব্যক্তিৰ দোষ-ত্ৰুটি গোপন ৰাখে, কিয়ামতৰ দিনা আল্লাহে সেই ব্যক্তিৰ দোষ-ত্ৰুটি গোপন ৰাখিব।
عربي الإنجليزية الأوردية
18. তোমালোকৰ মাজৰ প্ৰত্যেকৰে যেন আল্লাহৰ প্ৰতি ভাল ধাৰণা থকা অৱস্থাত মৃত্যু হয়।
عربي الإنجليزية الأوردية
19. যদি বিষয়টো তেনেকুৱাই হয় যিদৰে তুমি কৈছা, তেন্তে তুমি সিহঁতৰ প্ৰতি জ্বলন্ত ছাইহে নিক্ষেপ কৰি আছা। যেতিয়ালৈকে তুমি এই অৱস্থাত থাকিবা, সিহঁতৰ বিপক্ষে আল্লাহৰ ফালৰ পৰা তোমাৰ সৈতে এজন সহায়ক ফিৰিস্তা থাকিব।
عربي الإنجليزية الأوردية
20. যিজন বান্দাৰ দুয়ো ভৰি আল্লাহৰ পথত ধূলিৰে মলিন হয়, তাক জাহান্নামৰ জুয়ে স্পৰ্শ নকৰিব।
عربي الإنجليزية الأوردية
21. যিসকল লোকে কোনো বৈঠকৰ পৰা আল্লাহক স্মৰণ (তথা জিকৰ-আজকাৰ পাঠ) নকৰাকৈ উঠে, সিহঁতে যেনিবা মৰা গাধৰ শৱদেহৰ পৰা উঠে। (কিয়ামতৰ দিনা) এইটো সিহঁতৰ বাবে অনুতাপৰ কাৰণ হ'ব।
عربي الإنجليزية الأوردية
22. যিয়ে আল্লাহক স্মৰণ কৰে আৰু যিয়ে নকৰে তাৰ উদাহৰণ হৈছে জীৱিত আৰু মৃতৰ দৰে।
عربي الإنجليزية الأوردية
23. মই মোৰ পিছত তোমালোকৰ ক্ষেত্ৰত যিটো বিষয়কলৈ আশংকা কৰিছোঁ সেয়া হৈছে এই যে, পৃথিৱী সৌন্দৰ্য্য আৰু সা-সম্পদ তোমালোকৰ বাবে উন্মুক্ত কৰি দিয়া হ'ব। - 2 ملاحظة
عربي الإنجليزية الأوردية
24. যিয়ে এইটো পছন্দ কৰে যে, কিয়ামতৰ দিনা যেন আল্লাহে তাক কঠিন বিপদৰ পৰা ৰক্ষা কৰে, তেন্তে তেওঁ যেন ঋণ পৰিশোধ কৰিবলৈ অক্ষম ব্যক্তিক অৱকাশ দিয়ে, অথবা ক্ষমা কৰি দিয়ে।
عربي الإنجليزية الأوردية
25. কিয়ামতৰ দিনা আটাইতকৈ লঘু শাস্তি হ'ব সেই ব্যক্তিৰ, যাক জুইৰ জোতা পৰিধান কৰোৱা হ'ব, যাৰ ফলত তাৰ মগজু গলি পৰিব। সি ধাৰণা কৰিব যে, আটাইতকৈ কঠিন শাস্তি তাকেই প্ৰদান কৰা হৈছে। অথচ তাক আটাইতকৈ লঘু শাস্তি প্ৰদান কৰা হৈছে।
عربي الإنجليزية الأوردية
26. কিয়ামতৰ দিনা সৰ্বশক্তিমান আল্লাহে মুমিন বান্দাক নিজৰ ওচৰত মাতি নিব, আনকি কাষত টানি নি আৱৰণেৰে ঢাকি ল'ব। ইয়াৰ পিছত তাৰ পৰা গুনাহৰ স্বীকাৰোক্তি ল'ব।
عربي الإنجليزية الأوردية
27. পৃথিৱীৰ প্ৰতি মোহ নাৰাখিবা, এনে কৰিলে আল্লাহে তোমাক ভাল পাব; আৰু মানুহৰ ওচৰত যি আছে সেই সম্পৰ্কে আগ্ৰহী নহ’বা, এনে কৰিলে মানুহে তোমাক ভাল পাব।
عربي الإنجليزية الأوردية
28. উত্তম চৰিত্ৰই হৈছে নেকী, আৰু গুনাহ সেইটোক কোৱা হয় যিটোৱে তোমাৰ মনক সংশয়ৰ মাজত পেলায়, আৰু তুমি অপছন্দ কৰা যে, মানুহে সেয়া গম পাওক।
عربي الإنجليزية الأوردية
29. তুমি মোৰ এই জোতা যোৰ লগত লৈ যোৱা আৰু বাগানখনৰ বাহিৰত যাকে লগ পাবা, তেওঁ যদি দৃঢ় বিশ্বাসৰ সৈতে এই সাক্ষ্য দিয়ে যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তেন্তে তেওঁক জান্নাতৰ সুসংবাদ দিয়া।
عربي الإنجليزية الأوردية
30. কোৰআন তিলাৱতকাৰী দক্ষ ব্যক্তি, সন্মানীয় পুণ্যৱান (ফিৰিস্তা)সকলৰ সৈতে থাকিব। আনহাতে যি ব্যক্তিয়ে ৰৈ ৰৈ অতি কষ্ট হোৱা সত্ত্বেও কোৰআন তিলাৱত কৰে, তেওঁ দ্বিগুণ ছোৱাব লাভ কৰিব। - 10 ملاحظة
عربي الإنجليزية الأوردية
31. ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আমাক তিনিটা সময়ত নামাজ পঢ়িবলৈ আৰু মুৰ্দা দাফন কৰিবলৈ নিষেধ কৰিছে।
عربي الإنجليزية الأوردية
32. মানুহৰ কি হৈছে, সিহঁতে নামাজত কিয় আকাশৰ (ওপৰৰ) ফালে চাই থাকে।" তেখেতে এই কথা কঠোৰভাৱে কৈছিল। অৱশেষত তেখেতে কৈছেঃ "সিহঁতে এইটোৰ পৰা বিৰত থকা উচিত, অন্যথা সিহঁতৰ দৃষ্টি হৰণ হ'ব।
عربي الإنجليزية الأوردية
33. বদৰ আৰু হুদাইবিয়্যাত অংশগ্ৰহণ কৰা কোনো ব্যক্তিয়েই কেতিয়াও জাহান্নামত প্ৰৱেশ নকৰিব।
عربي الإنجليزية الأوردية
34. তোমালোকৰ কোনোবাই যেতিয়া মৃত্যুবৰণ কৰে, পুৱা-গধূলি তাৰ অৱস্থান ক'ত হ'ব সেয়া তাৰ সন্মুখত উপস্থাপন কৰা হয়।
عربي الإنجليزية الأوردية
35. তোমালোকৰ অকলশৰীয়া নামাজতকৈ জামাআতত পঢ়া নামাজ পচিছ গুণ বেছি উত্তম। ফজৰৰ সময়ত ৰাতিৰ ফিৰিস্তা আৰু দিনৰ ফিৰিস্তা একত্ৰিত হয়।
عربي الإنجليزية الأوردية
36. নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সেইসকল নাৰীক অভিসম্পাত কৰিছে, যিসকলে কৃত্ৰিম চুলি ব্যৱহাৰ কৰে, আৰু যিসকলে কৃত্ৰিম চুলি সংস্থাপন কৰি দিয়ে, এইদৰে যিয়ে নিজৰ শৰীৰত উল্কি (টেটু) বনায় লয়, আৰু যিয়ে উল্কি (টেটু) আঁকে।
عربي الإنجليزية الأوردية
37. তিনি প্ৰকাৰ লোকৰ পৰা কলম উঠাই লোৱা হৈছেঃ ১) টোপনিত থকা ব্যক্তি, যেতিয়ালৈকে সাৰ নাপায়। ২) শিশু, যেতিয়ালৈকে সি প্ৰাপ্তবয়স্কত উপনীত নহয়। ৩) উন্মাদ ব্যক্তি, যেতিয়ালৈকে বোধশক্তি ঘূৰাই নাপায়। - 2 ملاحظة
عربي الإنجليزية الأوردية
38. যিয়ে আল্লাহৰ পথত (অৰ্থাৎ জিহাদৰ অৱস্থাত) এদিনো ৰোজা পালন কৰে, আল্লাহে তাৰ মুখমণ্ডলক জাহান্নামৰ পৰা সত্তৰ বছৰৰ দূৰত্বত আঁতৰাই ৰাখে।
عربي الإنجليزية الأوردية
39. মানুহে তেতিয়ালৈকে কল্যাণত থাকিব, যেতিয়ালৈকে ইফতাৰ কৰাত পলম নকৰিব।
عربي الإنجليزية الأوردية
40. আমি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সময়ত সৰু বৰ প্ৰত্যেকৰে ফালৰ পৰা, স্বাধীন হওক বা পৰাধীন ফিতৰা হিচাপে এক ছা পৰিমাণ খাদ্য দ্ৰৱ্য, এক ছা পনীৰ অথবা এক ছা যৱ, নাইবা এক ছা খেজুৰ অথবা এক ছা কিছমিছ আদায় কৰিছিলোঁ।
عربي الإنجليزية الأوردية
41. আমি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে ছাহৰী খালোঁ, ইয়াৰ পিছত তেখেত নামাজৰ বাবে উঠিলে। বৰ্ণনাকাৰীয়ে সুধিলেঃ আজান আৰু ছাহৰীৰ মাজত ব্যৱধান কিমান আছিল? তেওঁ ক'লেঃ পঞ্চাছ আয়াত পাঠ কৰা পৰিমাণ সময়।
عربي الإنجليزية الأوردية
42. নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মৃত্যু পৰ্যন্ত ৰমাজান মাহৰ শেষ দহকত এতিকাফ কৰিছিল। তেখেতৰ মৃত্যুৰ পিছতো তেখেতৰ স্ত্ৰীসকলে এতিকাফ কৰিছিল।
عربي الإنجليزية الأوردية
43. তোমালোকে ছাহৰী খোৱা, কাৰণ ছাহৰীত বৰকত আছে। - 2 ملاحظة
عربي الإنجليزية الأوردية
44. ৰমাজানৰ এদিন বা দুদিন আগত ৰোজা নাৰাখিবা, কিন্তু যিয়ে একেলেঠাৰিয়ে ৰোজা ৰাখি আছে সি ৰাখিব পাৰে।
عربي الإنجليزية الأوردية
45. ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ফিতৰা হিচাপে এক ছা পৰিমাণ খেজুৰ অথবা এক ছা যৱ, প্ৰতিজন স্বাধীন আৰু পৰাধীন, পুৰুষ আৰু নাৰী, আনকি সৰু বৰ সকলো মুছলিমৰ ওপৰতে অনিবাৰ্য্য কৰিছে। লগতে তেখেতে নিৰ্দেশ দিছে যে, ঈদৰ নামাজৰ পূৰ্বেই যাতে এইটো আদায় দিয়া হয়।
عربي الإنجليزية الأوردية
46. পুৰুষ মাহৰাম লগত নথকাকৈ এক ৰাতিৰ দূৰত্বলৈ ভ্ৰমণ কৰাটো কোনো মুছলিম নাৰীৰ পক্ষেই বৈধ নহয়। - 2 ملاحظة
عربي الإنجليزية الأوردية
47. যিয়ে ৰোজা অৱস্থাত ভুলবশতঃ কিবা খাইছে অথবা সেৱন কৰিছে, সি ৰোজা পূৰ্ণ কৰা উচিত। কাৰণ আল্লাহেই তাক খুৱাইছে আৰু পান কৰোৱাইছে।
عربي الإنجليزية الأوردية
48. মই এবাৰ ওমৰ ৰাদ্বিয়াল্লাহু আনহুৰ সৈতে ঈদগাহত উপস্থিত হ'লোঁ, তেতিয়া তেখেতে (লোকসকলক সম্বোধন কৰি) ক'লেঃ এই দুই (ঈদৰ) দিনত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ৰোজা ৰাখিবলৈ নিষেধ কৰিছে। এটা হৈছে (ৰমাজানৰ) ৰোজাৰ পিছত ঈদুল ফিতৰৰ দিন, আৰু আনটো হৈছে (ঈদুল আজহাৰ দিন) যিদিনা তোমালোকে কুৰবানীৰ মাংস ভক্ষণ কৰা।
عربي الإنجليزية الأوردية
49. ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে এইদৰে তালবীয়াহ পাঠ কৰিছিল। "লাব্বাইক আল্লাহুম্মা লাব্বাইক, লাব্বাইকা লা শ্বাৰীকা লাকা লাব্বাইক, ইন্নাল হামদা অন নি'মাতা লাকা অলমুল্ক, লা শ্বাৰীকা লাক।
عربي الإنجليزية الأوردية
50. তোমালোকে ৰমাজান মাহৰ শেষ দশকৰ বিযোৰ ৰাতিসমূহত লাইলাতুল ক্বদৰ অনুসন্ধান কৰা।
عربي الإنجليزية الأوردية
51. মই দেখি আছোঁ শেষৰ সাত ৰাতি সম্পৰ্কে তোমালোকৰ সপোনবোৰৰ মাজত মিল আছে। গতিকে শুনা! যিয়ে ইয়াক অনুসন্ধান কৰিব বিচাৰে, তেওঁ শেষৰ সাত ৰাতিত অনুসন্ধান কৰা উচিত।
عربي الإنجليزية الأوردية
52. আল্লাহে তোমালোকৰ বাবে এনে বস্তু ৰখা নাইনে যে, তোমালোকে ছাদাকাহ কৰিব পাৰিবা? প্ৰত্যেক তাছবীহ (ছুবহান আল্লাহ) পাঠ হৈছে ছাদাকাহ, প্ৰত্যেক তাকবীৰ (আল্লাহু আকবাৰ) পাঠ কৰাটো হৈছে ছাদাকাহ, প্ৰত্যেক তাহমীদ (আলহামদুলিল্লাহ) পাঠ কৰাটো হৈছে ছাদাকাহ, প্ৰত্যেক তাহলীল (লা ইলা-হা ইল্লাল্লাহ) পাঠ কৰাটো হৈছে ছাদাকাহ, প্ৰত্যেক ভাল কামৰ আদেশ দিয়াটো হৈছে ছাদাকাহ আৰু বেয়া কামৰ পৰা বিৰত কৰাটোও হৈছে ছাদাকাহ, আৰু তোমালোকৰ প্ৰত্যেকে নিজৰ স্ত্ৰীৰ লগত সহবাস কৰাটোও হৈছে ছাদাকাহ। - 2 ملاحظة
عربي الإنجليزية الأوردية
53. যিয়ে পৃথিৱীত কোনো এজন মুমিনৰ দুখ কষ্ট দূৰ কৰি দিব, আল্লাহে কিয়ামতৰ দিনা তাৰ দুখ কষ্ট দূৰ কৰি দিব।
عربي الإنجليزية الأوردية
54. হে মানৱজাতি! আল্লাহৰ ওচৰত তাওবা কৰা, মই দিনে এশবাৰকৈ তেওঁৰ ওচৰত তাওবা কৰোঁ। - 2 ملاحظة
عربي الإنجليزية الأوردية
55. নিশ্চয় ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে সেইসকল নাৰীৰ পৰা সম্পৰ্কচ্ছেদৰ ঘোষণা কৰিছে, যিসকলে চিঞৰি চিঞৰি কান্দা কটা কৰে, যিসকলে মূৰ খুৰায়, লগতে যিসকলে কাপোৰ কানি ফালি পেলায়।
عربي الإنجليزية الأوردية
56. বনী ইছৰাঈলৰ নবীসকলে সিহঁতক শাসন কৰিছিল। যেতিয়াই কোনো নবীৰ মৃত্যু হৈছিল, তেতিয়াই বেলেগ কোনো নবী তেওঁৰ স্থলাভিষিক্ত হৈছিল। কিন্তু শুনা! মোৰ পিছত কোনো নবী নাই, কিন্তু অনেক খলীফা হ'ব।
عربي الإنجليزية الأوردية
57. ৰমাজান মাহৰ শেষ দশক যেতিয়া আৰম্ভ হৈছিল তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে নিজেও ৰাতি জাগৰণ কৰিছিল আৰু তেখেতৰ পৰিয়ালকো সজাগ ৰাখিছিল, তেখেতে কঠোৰ পৰিশ্ৰম কৰিছিল তথা কঁকালৰ কাপোৰ মজবুতকৈ বান্ধি লৈছিল।
عربي الإنجليزية الأوردية
58. যুদ্ধ-বিগ্ৰহ তথা ফিতনা ফাছাদৰ সময়ত ইবাদত কৰাটো হৈছে, মোৰ ফালে হিজৰত কৰাৰ দৰে।
عربي الإنجليزية الأوردية
59. যেতিয়াই কোনো মুছলিমে কোনো দুআ কৰে, যদি সেই দুআটোত কোনো গুনাহ নাথাকে, অথবা সেইটো আত্মীয়তাৰ বন্ধন ছিন্ন কৰাৰ বাবে নহয়, তেন্তে আল্লাহে সেই দুআৰ বিনিময়ত তাক এই তিনিটা বিষয়ৰ যিকোনো এটা প্ৰদান কৰে। ১- হয়তো লগে লগে তাৰ দুআ কবূল কৰে, ২- নাইবা আখিৰাতৰ বাবে সেইটো জমা কৰি ৰাখে, ৩- অথবা সেই পৰিমাণ কোনো বিপদ-আপদ দূৰ কৰি দিয়ে।" চাহাবাসকলে ক'লেঃ তেনেহ'লে আমি আৰু বেছি পৰিমাণে কৰিম। তেতিয়া তেখেতে ক'লেঃ "তেন্তে আল্লাহেও অধিক প্ৰদান কৰিব।
عربي الإنجليزية الأوردية
60. নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কঠিন পৰিস্থিতিত এই দুআ পাঠ কৰিছিলঃ "লা ইলাহা ইল্লাল্লাহুল আজীমুল হালীম। লা ইলাহা ইল্লাল্লাহু ৰাব্বুল আৰশ্বিল আজীম। লা ইলাহা ইল্লাল্লাহু ৰাব্বুছ ছামাৱাতি অৰাব্বুল আৰজি অৰাব্বুল আৰশ্বিল কাৰীম।" অৰ্থঃ আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তেওঁ মহান, পৰম সহনশীল। আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তেওঁ মহা আৰচৰ অধিপতি। আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তেওঁ আকাশমণ্ডলৰ প্ৰতিপালক আৰু তেওঁ পৃথিৱীৰ প্ৰতিপালক, লগতে সন্মানীয় মহা সিংহাসনৰ প্ৰতিপালক।
عربي الإنجليزية الأوردية
61. ছুৰা নচৰ {إِذَا جَاءَ نَصْرُ اللَّهِ وَالفَتْحُ} অৱতীৰ্ণ হোৱাৰ পিছত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে প্ৰতিটো নামাজতে এই দুআ পাঠ কৰিছিলঃ ছুবহানাকা ৰাব্বানা অবিহামদিকা আল্লাহুম্মাগ ফিৰলী।
عربي الإنجليزية الأوردية
62. যেতিয়া তোমালোকৰ মাজৰ কোনোবাই হামি কাঢ়ে তেতিয়া তেওঁ হাতেৰে মুখখন জাপি দিয়া উচিত। কাৰণ সেই সময়ত চয়তান প্ৰৱেশ কৰে।
عربي الإنجليزية الأوردية
63. এজন মুছলিমৰ ওপৰত আন এজন মুছলিমৰ ছয়টা হক (অধিকাৰ) আছে।" প্ৰশ্ন কৰা হ'ল, হে আল্লাহৰ ৰাছুল! সেইবোৰ কি কি? তেখেতে ক'লেঃ "সাক্ষাৎ হ'লে ছালাম কৰিবা, যদি তোমাক নিমন্ত্ৰণ জনায় তেন্তে গ্ৰহণ কৰিবা, যদি তোমাৰ পৰা পৰামৰ্শ বিচাৰে তেন্তে সৎপৰামৰ্শ দিবা, এইদৰে যদি হাঁচি কৰি আলহাম্দুলিল্লাহ কয় তেন্তে তাৰ উত্তৰ দিবা, বেমাৰত পৰিলে খা-খবৰ ল'বা, আৰু যদি মৃত্যুবৰণ কৰে তেন্তে জানাযাৰ অনুসৰণ কৰিবা। - 4 ملاحظة
عربي الإنجليزية الأوردية
64. আল্লাহে সেই ব্যক্তিৰ প্ৰতি (ৰহমতৰ) দৃষ্টি প্ৰদান নকৰিব, যিয়ে অহংকাৰ কৰি কাপোৰ চোঁচৰাই পিন্ধি ফুৰে।
عربي الإنجليزية الأوردية
65. যিয়ে মিছা শপত খাই কোনো মুছলিমৰ অধিকাৰ খৰ্ব কৰিছে, আল্লাহে তাৰ ওপৰত জাহান্নাম ওৱাজিব কৰিছে আৰু জান্নাত হাৰাম কৰিছে।" তেতিয়া এজনে সুধিলেঃ হে আল্লাহৰ ৰাছুল! সেয়া যদি কিবা সৰু সুৰা বস্তু হয়? তেখেতে ক'লেঃ "মিছৱাকৰ সমান বস্তু হ'লেও।
عربي الإنجليزية الأوردية
66. এনেকুৱা দুটা নিয়ামত আছে, যি দুটা নিয়ামত সম্পৰ্কে বহুত মানুহেই অমনোযোগী হৈ আছে, (সেই নিয়ামত দুটা হৈছে) সুস্থতা আৰু অৱসৰ সময়।
عربي الإنجليزية الأوردية
67. ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ছাজদাত এই দুআটোও পাঠ কৰিছিলঃ "আল্লাহুম্মাগফিৰলী জাম্বী কুল্লাহ, দিক্কাহু অজিল্লাহ, ওৱা আওৱালাহু ওৱা আখিৰাহ, ওৱা আলানিয়্যাতাহু অছিৰ্ৰাহ।" (অৰ্থঃ হে আল্লাহ! মোৰ সৰু বৰ, আগৰ পিছৰ, প্ৰকাশ্য অপ্ৰকাশ্য সকলো গুনাহ ক্ষমা কৰি দিয়া।) - 8 ملاحظة
عربي الإنجليزية الأوردية
68. নিশ্চয় অত্যাধিক অভিশাপকাৰীসকলে কিয়ামতৰ দিনা সাক্ষীও হ'ব নোৱাৰিব আৰু ছুপাৰিছকাৰীও হ'ব নোৱাৰিব।
عربي الإنجليزية الأوردية
69. নিশ্চয় তোমালোকৰ প্ৰতিপালক অত্যন্ত লজ্জাশীল, পৰম দানশীল। বান্দাই তেওঁৰ ওচৰত কিবা বিচাৰি হাত পাতিলে, তেওঁ সেই হাত খালী ঘূৰাই দিয়াত লজ্জাবোধ কৰে।
عربي الإنجليزية الأوردية
70. যি বৈঠকত আল্লাহক স্মৰণ কৰা নহয় আৰু নবীৰ প্ৰতি দৰূদ পাঠ কৰা নহয়, তেনেকুৱা বৈঠক (কিয়ামতৰ দিনা) সিহঁতৰ বাবে পৰিতাপৰ কাৰণ হ'ব। আল্লাহে ইচ্ছা কৰিলে সিহঁতক শাস্তি বিহিব পাৰে আৰু ইচ্ছা কৰিলে ক্ষমা কৰি দিব পাৰে।
عربي الإنجليزية الأوردية
71. ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে জামে (কম শব্দত অধিক অৰ্থ প্ৰকাশ কৰিব পৰা) দুআবোৰক বেছি পছন্দ কৰিছিল, ইয়াৰ বাহিৰে অন্যান্য দুআবোৰ এৰিছিল।
عربي الإنجليزية الأوردية
72. শপতৰ জৰিয়তে ব্যৱসায়িক পণ্য নিশ্চয় বিক্ৰী হয়, কিন্তু ইয়াৰ ফলত বৰকত শেষ হৈ যায়।
عربي الإنجليزية الأوردية
73. তোমালোকে বতাহক গালি নিদিবা, যদি এনেকুৱা বতাহ পৰিলক্ষিত হয় যিটোক তোমালোকে অপছন্দ কৰা তেন্তে এইদৰে ক'বাঃ আল্লাহুম্মা ইন্না নাছআলুকা মিন খাইৰি হা-জিহিৰ ৰীহ, অখাইৰি মা ফীহা, অখাইৰি মা উমিৰাত বিহ, অনাউজুবিকা মিন শ্বাৰ্ৰি হা-জিহিৰ ৰীহ, অশ্বাৰ্ৰি মা ফীহা, অশ্বাৰ্ৰি মা উমিৰাত বিহ।
عربي الإنجليزية الأوردية
74. তোমালোকৰ মাজৰ কোনেও যাতে এনেকৈ দুআ নকৰে যে, হে আল্লাহ! যদি তুমি ইচ্ছা কৰা তেন্তে মোক ক্ষমা কৰি দিয়া, যদি তুমি ইচ্ছা কৰা তেন্তে মোৰ প্ৰতি ৰহম কৰা, যদি তুমি ইচ্ছা কৰা তেন্তে মোক জীৱিকা প্ৰদান কৰা। বৰং দুআ কৰাৰ সময়ত নিশ্চিতভাৱে দৃঢ় হৈ দুআ কৰিব লাগে, কিয়নো আল্লাহে যি ইচ্ছা কৰে সেইটোৱে কৰে, তেওঁক অপাৰগ কৰিব পৰা কোনো নাই। - 2 ملاحظة
عربي الإنجليزية الأوردية
75. ধূলিময় হওক সেই ব্যক্তিৰ নাক, যাৰ ওচৰত মোৰ নাম উল্লেখ হোৱাৰ পিছতো সি মোৰ প্ৰতি দৰূদ পাঠ কৰা নাই। সেই ব্যক্তিৰো নাক ধূলিময় হওক, যিয়ে ৰমাজান মাহত প্ৰৱেশ কৰিও নিজৰ গুনাহ মাফ নকৰাকৈয়ে থাকে আৰু ইপিনে ৰমাজান মাহ পাৰ হৈ যায়। এইদৰে ধূলিময় হওক সেই ব্যক্তিৰ নাক, যিয়ে নিজৰ পিতৃ-মাতৃক বৃদ্ধাৱস্থাত পাইয়ো (জান্নাতত প্ৰৱেশ কৰিব পৰা নাই বা) তেওঁলোকে তাক জান্নাতত প্ৰৱেশ কৰাব পৰা নাই।" (অৰ্থাৎ সি তেওঁলোকৰ সেৱা যত্ন কৰি জান্নাত অৰ্জন কৰিব পৰা নাই।)
عربي الإنجليزية الأوردية
76. যিয়ে গোটেই বছৰ ৰোজা পালন কৰে, তাৰ ৰোজাই নহয়। মাহত তিনিটা ৰোজা পালন কৰিলেই গোটেই বছৰৰ ৰোজা পালন কৰাৰ ছোৱাব অৰ্জন হয়।
عربي الإنجليزية الأوردية
77. এই লোকসকলৰ হৈছে কি? এওঁলোকে এনেকুৱা কথা কিয় কৈছে? মই দেখোন নামাজো পঢ়োঁ আৰু টোপনিও যাওঁ, ৰোজাও ৰাখোঁ আৰু ইফতাৰো কৰোঁ, নাৰীসকলক বিবাহো কৰোঁ। এতেকে শুনা! যিয়ে মোৰ ছুন্নতৰ পৰা বিমুখ হ'ব, সি মোৰ অন্তৰ্ভুক্ত নহয়।
عربي الإنجليزية الأوردية
78. যেতিয়া দুজন মুছলিমে সাক্ষাৎ কৰি পৰস্পৰে মুচাফাহা কৰে, তেওঁলোক ইজনে সিজনক এৰি যোৱাৰ আগতে উভয়ৰে গুনাহ মাফ কৰি দিয়া হয়। - 2 ملاحظة
عربي الإنجليزية الأوردية
79. যিয়ে ছুৰা আল-কাহাফৰ প্ৰথম দহ আয়াত মুখস্থ কৰিব, তেওঁক দাজ্জালৰ (ফিতনাৰ) পৰা ৰক্ষা কৰা হ'ব।" আন এটা বৰ্ণনাত আছে যে, "যিয়ে ছুৰা কাহাফৰ শেষৰ দহ আয়াত মুখস্থ কৰিব।
عربي الإنجليزية الأوردية
80. যিয়ে কোনো এনেকুৱা বেমাৰী ব্যক্তিক সাক্ষাৎ কৰিবলৈ যায়, যাৰ মৃত্যুৰ সময় উপস্থিত হোৱা নাই, তেনেকুৱা বেমাৰীৰ ওচৰত এই দুআটো সাতবাৰ পাঠ কৰিব লাগেঃ আছআলুল্লাহাল আজীম, ৰাব্বাল আৰশ্বিল আজীম, আঁইয়্যাশ্বফীক। ফলত আল্লাহে তাক সেই বেমাৰৰ পৰা শ্বিফা দান কৰিব।
عربي الإنجليزية الأوردية
81. আদম সন্তানৰ অন্তৰসমূহ দয়াময় আল্লাহৰ আঙুলিসমূহৰ মাজৰ দুটা আঙুলিৰ মাজত এটা অন্তৰৰ দৰে অৱস্থিত। তেওঁ যিদৰে ইচ্ছা সেইদৰেই সেইবোৰক ওলট-পালট কৰি থাকে। - 2 ملاحظة
عربي الإنجليزية الأوردية
82. ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক যেতিয়াই দুটা বস্তুৰ যিকোনো এটা গ্ৰহণ কৰিবলৈ বিকল্প দিয়া হৈছিল, তেতিয়া তেখেতে সহজটো গ্ৰহণ কৰিছিল, যদি বিষয়টো গুনাহৰ নহয়। কিন্তু যদি বিষয়টো গুনাহৰ হয়, তেতিয়া তেখেতে ইয়াৰ পৰা আটাইতকৈ দূৰত থাকিছিল।
عربي الإنجليزية الأوردية
83. আল্লাহে সেই ব্যক্তিক চিৰ উজ্জল কৰি ৰাখক, যিয়ে মোৰ পৰা কোনো বিষয় শুনে, আৰু সেইটো সেইদৰেই বেলেগক বৰ্ণনা কৰে যিদৰে তেওঁ শুনিছে। কিয়নো যিসকলক পৌঁচাই দিয়া হ'ব তেওঁলোকৰ মাজৰ কিছুমান লোক এনেকুৱা আছে, যিয়ে শ্ৰৱণকাৰীতকৈও অধিক ভালকৈ মুখস্থ ৰাখিব পাৰে।
عربي الإنجليزية الأوردية
84. কিয়ামতৰ দিনা আগৰ পিছৰ সকলো মানুহ এনেকুৱা এটা ময়দানত একত্ৰিত হ'ব, য'ত এজন আহ্বানকাৰীৰ আহ্বান সকলোৱে শুনা পাব। লগতে সকলোৱে একেলগে দৃষ্টিগোচৰ কৰিব। সূৰ্য্য একেবাৰে নিকটৱৰ্তী হ'ব। মানুহ এনেকুৱা কষ্ট-ক্লেশ তথা যন্ত্ৰণাৰ সন্মুখীন হ'ব যিটো অসহনীয় তথা অসহ্যকৰ।
عربي الإنجليزية الأوردية
85. জান্নাতত মুমিনসকলৰ বাবে এটা মুকুতাৰে এনেকুৱা এখন তম্বু নিৰ্মাণ কৰা হ'ব, যাৰ ভিতৰ ভাগ খালি থাকিব। ওপৰৰ ফালে ইয়াৰ দৈৰ্ঘ্য হ'ব ষাঠি মাইল। মুমিনসকলৰ স্ত্ৰীসকলো তাতে থাকিব। মুমিন ব্যক্তিজনে তেওঁলোক প্ৰত্যেকৰে ওচৰলৈ অহা যোৱা কৰিব, কিন্তু স্ত্ৰীসকলে ইজনে সিজনক দেখা নাপাব।
عربي الإنجليزية الأوردية
86. ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে সেই পুৰুষৰ প্ৰতি অভিসম্পাত কৰিছে, যিয়ে নাৰীৰ পোছাক পৰিধান কৰে। এইদৰে সেই নাৰীৰ প্ৰতিও অভিসম্পাত কৰিছে, যিয়ে পুৰুষৰ পোছাক পৰিধান কৰে।
عربي الإنجليزية الأوردية
87. যাৰ ওচৰত কুৰাবানীৰ পশু আছে, যিটোক তেওঁ কুৰবানী কৰিব, তেনেকুৱা ব্যক্তিয়ে জুলহিজ্জা মাহৰ জোন উঠাৰ পিছত কুৰবানী নকৰালৈকে নিজৰ শৰীৰৰ নোম বা চুলি আৰু (হাত ভৰিৰ) নখ আদি কটা উচিত নহয়।
عربي الإنجليزية الأوردية
88. ৰমাজান অহাৰ লগে লগে জান্নাতৰ দুৱাৰসমূহ খুলি দিয়া হয়, আৰু জাহান্নামৰ দুৱাৰসমূহ বন্ধ কৰি দিয়া হয়, আৰু চয়তানবোৰক শিকলিবদ্ধ কৰা হয়।
عربي الإنجليزية الأوردية