হাদীছৰ তালিকা

সেই ব্যক্তিৰ নাক ধূলিৰে মলিন হওক, সেই ব্যক্তিৰ নাক ধূলিৰে মলিন হওক, সেই ব্যক্তিৰ নাক ধূলিৰে মলিন হওক।" প্ৰশ্ন কৰা হ'লঃ হে আল্লাহৰ ৰাছুল! কাৰ নাক? তেখেতে ক'লেঃ "যিয়ে নিজৰ পিতৃ-মাতৃক বৃদ্ধাৱস্থাত পালে, উভয়ৰ মাজৰ যিকোনো এজনক অথবা উভয়কে, তথাপিও (তেওঁলোকৰ সেৱা যত্ন কৰি) জান্নাত অৰ্জন কৰিব নোৱাৰিলে।
عربي الإنجليزية الأوردية
মই সুধিলোঁ, হে আল্লাহৰ ৰাছুল! (সবাতোকৈ বেছি) সদ্ব্যৱহাৰ কাৰ সৈতে কৰিম? তেখেতে ক'লেঃ "তোমাৰ মাকৰ সৈতে। তাৰ পিছত, তোমাৰ মাকৰ সৈতে। তাৰ পিছত, তোমাৰ মাকৰ সৈতে। তাৰ পিছত, তোমাৰ পিতৃৰ সৈতে। ইয়াৰ পিছত শ্ৰেণীবদ্ধভাৱে যিজন তোমাৰ বেছি নিকটাত্মীয়।
عربي الإنجليزية الأوردية